newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষকালীন অধিবেশনৰ প্ৰথমটো দিন উত্তপ্ত হৈ পৰে সংসদ৷ অন্ধ্ৰপ্ৰদেশৰ সাংসদসকলে বিশেষ ৰাজ্যৰ দাবীত হৈ হাল্লা কৰাত সদন স্থগিত ৰাখিব লগা হয়৷ তাৰ মাজতে বিৰোধিয়ে লোকসভাত উত্থাপন কৰে অবিশ্বাস প্ৰস্তাৱ৷ এনডিএৰ লোকসভাত সংখ্যাগৰিষ্ঠতা থকাৰ পিছতোঁ বিৰোধী দলে সমূহে পুনৰ চৰকাৰৰ বিৰুদ্ধে অবিশ্বাস প্ৰস্তাৱ আনে৷ 

চৰকাৰে অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু থকা বুলিও কয়৷ কিন্তু চৰকাৰ তথা লোকসভাৰ অধ্যক্ষই এতিয়ালৈ অবিশ্বাস প্ৰস্তাৱ সন্দৰ্ভত আলোচনাৰ তাৰিখ উল্লেখ কৰা নাই৷ টিডিপিয়ে প্ৰথমে উত্থাপন কৰিছে অবিশ্বাস প্ৰস্তাৱ৷ প্ৰশ্ন কাল সমাপ্ত হোৱাৰ পিছতে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰে৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰে আলোচনা কৰিবলৈ চৰকাৰ সাজু আছে বুলি কয়৷

লোকসভাত চৰকাৰৰ বিৰুদ্ধে ৪টা প্ৰস্তাৱ দাখিল কৰে বিৰোধিয়ে৷ লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজনে অবিশ্বাস প্ৰস্তাৱক মঞ্জুৰি দিয়ে আলোচনাৰ বাবে৷ নৰেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে লোকসভাত প্ৰথমবাৰৰ বাবে অবিশ্বাস প্ৰস্তাৱৰ সন্মুখীন হৈছে৷ চৰকাৰে আলোচনা কৰিবলৈ সাজুও হয়৷ 

বৰ্ষাকলীন অধিবেশনত বিৰোধিয়ে চৰকাৰক ঘেৰিবলৈ চেষ্টা কৰে৷ ২০১৯ চনৰ মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ কিন্তু তাৰ পূৰ্বেই মোডী চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছ, চিপিআইএম, তেলেগু দশম, ৱাইএছআৰ কংগ্ৰেছ আদিয়ে অবিশ্বাস প্ৰস্তাৱৰ উত্থাপন কৰাৰ ফলত বাজেট অধিবেশনৰ দৰেই বৰ্ষাকালীন অধিবেশনো অচল হৈ পৰিব পাৰে বুলি চৰ্চা আৰম্ভ হৈছে৷

কংগ্ৰেছৰ নেতা মল্লিকাৰ্জন খাৰ্গেয়ে এই সন্দৰ্ভত বিৰোধী দলৰ সৈতে আলোচনা কৰা বুলি কয়৷ ইতিমধ্যে অন্ধ্ৰক তেলুগু দশম পাৰ্টিয়ে পত্ৰ প্ৰেৰণ কৰিছে লোকসভাৰ অধ্যক্ষক৷ কংগ্ৰেছ, চিপিআইএম, সমাজবাদী, এনচিপি, আইইউএমএল, চিপিআই, আৰজেডি আদি দলে একেসময়তে অবিশ্বাস প্ৰস্তাৱ উত্থাপন কৰিব৷