চন্দ্ৰেশ্বৰৰ গাহৰিৰ গৰাল সদৃশ ঘৰটো, ফটোঃ ৰাজ কিশোৰ
চন্দ্ৰেশ্বৰৰ গাহৰিৰ গৰাল সদৃশ ঘৰটো, ফটোঃ ৰাজ কিশোৰ

নাৰায়ণপুৰঃ বিগত ১৫ বছৰে শাসনৰ গাদী দখল কৰি অহা কংগ্ৰেছ চৰকাৰৰ স্বচ্ছ আৰু নিকা প্ৰশাসন প্ৰতিশ্ৰুতি আৰু বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ পৰিবৰ্তনৰ শ্ল'গানক অপমানিত কৰিছে নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধলপুৰ কচুৱাৰ চন্দ্ৰেশ্বৰ দাসৰ গাহৰি গঁৰাল সদৃশ ঘৰটোৱে।

♦ প্ৰধানমন্ত্ৰী আবাস যোজনাৰ ঘৰৰ বাবে দিব লাগে উৎকোচ
♦ গাহৰি গৰাল সদৃশ ঘৰত বসবাস এটি দৰিদ্ৰ পৰিয়ালৰ

উৎকোচ দিব নোৱাৰাৰ বাবেই দিন হাজিৰা কৰি দুবেলা দুমুঠি খাই জীৱন নিৰ্বাস কৰা চন্দ্ৰেশ্বৰ দাসৰ দৰিদ্ৰ পৰিয়ালটো যোৱা প্ৰায় এটা দশকৰো অধিক কাল ধৰি বঞ্চিত হৈ আহিছে সকলো চৰকাৰী আঁচনিৰ পৰা। বিগত ১০ বছৰ ধৰি লোকজনে চৰকাৰে দৰিদ্ৰ পৰিয়াললৈ আগবঢ়োৱা  প্ৰধানমন্ত্রী আবাস যোজনা (ইন্দিৰা আবাস যোজনা) আঁচনিৰ অধীনত এটি আবাস গৃহ বিচাৰি পঞ্চায়ত প্ৰতিনিধি, ৰাজনৈতিক দলৰ নেতা-পালিনেতাৰ ওচৰলৈ বাট কুৰি বাঁলে যদিও উৎকোচ দিব নোৱাৰাৰ বাবদ বঞ্চিত হ'ল আঁচনিখনৰ পৰা।

উৎকোচ দিয়াৰ বাবে অসৰ্মথ হোৱাৰ বাবে বিগত এটা দশকৰো অধিক কাল মানুহৰ বসবাসৰ বাবে অনুপযোগী ঘৰটোত বাস কৰি আহিছে দাৰিদ্ৰ পৰিয়ালটো। যিহেতু দিন হাজিৰা কৰি দুবেলা দুমুঠি খোৱাৰ লগতে লজ্জা নিবাৰণৰ বস্ত্র যোগাৰ চিন্তাৰ বাহিৰে অন্য চিন্তাৰ বুজা ল'ব নোৱাৰা লোক জনে ১০ হাজাৰ টকা "এডভান্স" দি পঞ্চায়তৰ পৰা চৰকাৰী আবাস কিনাটো সম্ভৱ নহয়।

তাৎপৰ্যপূৰ্ণ বিষয়টো হৈছে যে দৰিদ্ৰ পৰিয়ালৰ বাবে আবণ্টন  হোৱা আবাস যোজনা আঁচনিখনৰ প্ৰতিখন তালিকাত চন্দ্ৰেশ্বৰ দাসৰ নাম থাকে যদিও পঞ্চায়ত প্ৰতিনিধিক উৎকোচ দিব নোৱাৰাৰ বাবে চূড়ান্ত তালিকা খনৰ পৰা লোক জনৰ নাম কৰ্তন হয়। জানিব পৰা মতে আবাস যোজনাৰ তালিকাত থকা হিতাধিকাৰী সকলে পঞ্চায়ত প্ৰতিনিধিক ১০-২০ হাজাৰকৈ দিলেহে চূড়ান্ত তালিকাত অন্তৰ্ভূক্তি হয়, অন্যথা তালিকাৰ পৰা হিতাধিকাৰীৰ নাম বাদ পাৰে।

যিজন লোকে ১০ হাজাৰতকৈ অধিক উৎকোচ দিব পাৰে তেওঁৰ নাম চূড়ান্ত তালিকা অন্তৰ্ভূক্তি হোৱাটো নিশ্চিত আনহাতে ৫ পৰা ৮ হাজাৰ দিয়া সকল 'ৱেইটিং' লিষ্টত থাকি যায়। ধলপুৰ গাঁও পঞ্চায়তৰ প্ৰতিনিধি বা প্ৰতিনিধিৰ দলীয় নেতাক ৫ পৰা ৮ হাজাৰ টকা দি ঘৰ নোপোৱা হিতাধিকাৰীও বহুত আছে।

ইফালে নতুন চৰকাৰ অহাৰ পিছতো, টকা নিদিয়াকৈ চৰকাৰী আঁচনিৰ সাহায্য পোৱাৰ নজিৰ ধলপুৰ গাঁও পঞ্চায়তত নাই বুলিও বঞ্চিত দৰিদ্ৰ লোকসকলে অভিযোগ তুলিছে। ফলত দৰিদ্ৰসকলৰ কল্যাণৰ নামত চৰকাৰে গ্ৰহণ কৰা আবাস যোজনাৰ সুবিধাৰ আশা ৰাইজে বাদেই দিছে।