ডিজিটেল ষ্টাফঃ ৰাজ্য চৰকাৰৰ একাংশ কৰ্মচাৰীৰ বাবে কঙালীত পৰিণত হৈছে এইবাৰৰ ৰঙালী। যি সময়ত শদিয়াৰ পৰা ধুবুৰীলৈকে অসমীয়া জাতিৰ আপোন ৰঙালী বিহুৰ আনন্দৰ ঢৌত সকলো আত্মহাৰা, সেই সময়ত আনন্দৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে ঠিকাভিত্তিক শিক্ষকসকলৰ লগতে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল।

উল্লেখ্য যে কিছুদিন পূৰ্বে সংবাদমেলযোগে ৰাজ্যৰ সকলো কৰ্মচাৰীৰ বকেয়া বিহুৰ পূৰ্বে মুকলি কৰি দিয়া হ’ব বুলি ঘোষণা কৰিছিল বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ দিছপুৰত আয়োজিত উক্ত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে সদৰী কৰিছিল যে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক প্ৰথম কিস্তিৰ অগ্ৰিম ধন হিচাপে ক্ৰমে ১২,০০০ আৰু ১০,০০০ টকা বিহুৰ আগেয়ে মুকলি কৰি দিয়া হ’ব৷ 

বিত্ত-মন্ত্ৰীৰ এনে ঘোষণাৰ পাছতে বকেয়া পাব বুলি আশাৰে বাট চাই ৰৈছিল তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীসকলে। এনেদৰে প্ৰথম কিস্তিৰ ধন সোমাব বুলি আশাৰে বাট চাই থাকোতেই হেঁপাহৰ ৰঙালী বিহুটি পালেহি যদিও কৰ্মচাৰীৰ একাউণ্টত পিছে এটকাও নোসোমাল৷ বিহুৰ বজাৰত প্ৰায়ভাগ সামগ্ৰীৰে মূল্য আকাশলংঘী হোৱাৰ সময়তে আশাপালি ৰৈ থকা বকেয়া ধন নোপোৱাত এইসকল কৰ্মচাৰীৰ বাবে কঙালী সদৃশ হৈ পৰিছে এইবাৰৰ ৰঙালী।

একেদৰে বিহুৰ বতৰত মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে ঠিকাভিত্তিক শিক্ষকসকল। চাকৰি নিয়মীয়াকৰণ, দৰমহা বৃদ্ধিকে আদি কৰি একাধিক দাবীত প্ৰতিবাদ কৰি ভাগৰি পৰা এইসকল শিক্ষকক পুনৰবাৰ বঞ্চিত কৰা হৈছে মাহেকীয়া পাৰিতোষিকৰ পৰা। ফলত ৰাজ্যখনৰ বিভিন্ন উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিষ্ঠাৰে পাঠদান কৰি অহা এইসকল ঠিকাভিত্তিক শিক্ষকৰ পৰিয়ালত ৰঙালীৰ আনন্দৰ পৰিৱৰ্তে দেখা গৈছে এক বিষাদগধুৰ পৰিৱেশ।