newsnextone.com | ডিজিটেল ডেস্কঃ ধৰ্ষণকাণ্ড ৰোধ কৰিবৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে হাৰিয়ানা চৰকাৰে৷ ধৰ্ষণ আৰু শ্লীলতা হানিৰ অভিযুক্তক চৰকাৰী সুবিধা প্ৰদানৰ নকৰে হাৰিয়ানা চৰকাৰে৷ তাৰ লগে লগে পেন্সন লাভ কৰা সকলৰ পেন্সন বন্ধ কৰাৰ লগতে জলপানি পৰ্যন্ত বন্ধ কৰিব চৰকাৰে৷ আদালতে গোচৰৰ ৰায়দান নকৰা পৰ্যন্ত সমূহ সুবিধা কৰ্তন কৰিব চৰকাৰে৷

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে কয় যে মহিলাক নিৰ্যাতন চলোৱা যিকোনো গোচৰৰ অভিযুক্তক চাৰ্জশ্বিট দাখিল নকৰা পৰ্যন্ত চৰকাৰী সুবিধা কৰ্তন কৰা হ’ব৷ যেতিয়ালৈ চূড়ান্ত ৰায় নিদিব৷ পুৰুষ-মহিলা সকলোৱে নাপাব সুবিধা। যদি আদালতে নিৰ্দোষী বুলি ঘোষণা কৰে তেন্তে পুনৰাই লাভ কৰিব সকলো সুবিধা৷
আনহাতে হাৰিয়ানা চৰকাৰে ধৰ্ষিতাক প্ৰতিমাহে ২২ হাজাৰ টকা দিয়াৰ লগতে ধৰ্ষণৰ গোচৰৰ তদন্ত এমাহৰ ভিতৰত সমাপ্ত কৰা হ’ব বুলি কয়৷