গোলকগঞ্জঃ শিক্ষকৰ প্ৰতি চৰকাৰৰ অন্যায়-অবিচাৰৰ কথা প্ৰায়ে শুনা যায়। কিন্তু শিক্ষকৰ হেমাহিৰ বাবে দেশৰ ভৱিষ্যত বুলি কোৱা কণ কণ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন বিপন্ন হোৱাৰ বাতৰি হয়তো এই অভাৱ-অভিযোগৰ মাজতে তল পৰি থাকে। এনে কথাৰে সাক্ষ্য বহন কৰিছে বিটিএডিৰ এখন বিদ্যালয়ত।

বিটিএডিৰ কাজিগাঁৱৰ মোৱামাৰীৰ মজলীয়া বিদ্যালয়ৰ অৱস্থা তেনেই শোচনীয়। বিদ্যালয়খনৰ ৩১জন ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে পাচঁজনকৈ শিক্ষক। বিদ্যালয়খনত শিক্ষকৰ বহিবলৈ নাই এখনো চকী নাই উপযুক্ত ডেক্স-বেঞ্চ। 

কিন্তু এই অৱস্থাৰে সুযোগ গ্ৰহণ কৰিছে বিদ্যালয়ৰ শিক্ষকসকলে। অতি ভিতৰুৱা অঞ্চলত বিদ্যালয়খন হোৱা হেতুকে শিক্ষকসকলে সুবিধা গ্ৰহণ কৰি প্ৰায়ে বিদ্যালয়ত উপস্থিত নাথাকে।

বৃহস্পতিবাৰে সাংবাদিকৰ এটা দল বিদ্যালয়খনত উপস্থিত হয়। কিন্তু বিদ্যালয় খোলা থাকিলেও বিদ্যালয়খনত নাই এজনো শিক্ষক তথা ছাত্ৰ-ছাত্ৰী। সাংবাদিকৰ কেমেৰা দেখি বজাৰৰ পৰা দৌৰ মাৰি বিদ্যালয়ত উপস্থিত হয়হি শিক্ষক।

আনকি ৫ জন শিক্ষকৰ ভিতৰত মাত্ৰ দুজন শিক্ষকহে উপস্থিত দেখা যায়। ছাত্ৰ-ছাত্ৰীক শিকোৱাই হোৱা নাই বিদ্যালয়ৰ নাম। আনকি প্ৰধান শিক্ষকৰ নামো নাজানে ছাত্ৰ-ছাত্ৰীসকলে।