নাওবৈচাঃ অসমত পৰিবৰ্তনকামী চৰকাৰ অহাৰ পিছৰে পৰা ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত আমূল পৰিৱৰ্তন হ'ব বুলি ৰাইজে আশা কৰিছিল যদিও এতিয়ালৈ তেনে কোনো লক্ষণ দেখিবলৈ পোৱা নাই ৰাজ্যবাসীয়ে। সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ৰাজ্যিক ভিত্তিত কিছু পৰিমাণে দুৰ্নীতি লাঘৱ কৰিছে যদিও জিলা আৰু ব্লক পৰ্যায়ত দুৰ্নীতি দুগুণে ঠন ধৰি উঠা পৰিলক্ষিত হৈছে।

ইয়াৰ জলন্ত প্ৰমাণ দেশত মানৱ সম্পদ গঢ় দিয়া অতিকৈ গুৰুত্বপূৰ্ণ বিভাগটো। শিক্ষা বিভাগৰ দৰে অতিকৈ গুৰুত্বপূৰ্ণ বিভাগটোত এতিয়াও নিৰ্মূল হোৱা নাই দুৰ্নীতি। দুৰ্নীতিয়েই যেন বিভাগটোৰ একাংশ বিষয়া-কৰ্মচাৰীৰ প্ৰধান কৰ্তব্যত পৰিণত হৈছে।

ৰাজ্যৰ প্ৰাথমিক শিক্ষা বিভাগৰ দুৰ্নীতিৰ প্ৰতিচ্ছবি সম্প্ৰতি অবৰ্ণনীয়। মধ্যাহ্ন ভোজন, আন্তঃগাঁঠনি, ছাত্ৰ-ছাত্ৰীৰ সাজ-পোছাক আদিত চূড়ান্ত অনিয়ম সংঘটিত কৰি প্ৰধান শিক্ষক সকলে ব্যক্তিগত ধনৰ ভৰাল মজবুত কৰাৰ অভিযোগ ৰাইজৰ মূখে মুখে।

উত্থাপিত অভিযোগ অনুযায়ী শিক্ষা বিভাগৰ একাংশ দুৰ্নীতিগ্ৰস্ত বিষয়াৰ লগত গোপন বুজাবুজিৰে প্ৰধান শিক্ষকসকলে একেখন বিদ্যালয়তে দীৰ্ঘদিন ধৰি অতি মইমতালিৰে কাৰ্যনিৰ্বাহ কৰি অহাৰ সমান্তৰালভাৱে বিদ্যালয়সমূহত একনায়কত্ববাদ চলাই আহিছে। যি সময়ত অসম চৰকাৰে শিক্ষা ক্ষেত্ৰৰ উন্নতি সাধন কৰিবলৈ সৰ্বতোপ্ৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে সেই সময়তে প্ৰধান শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মূৰত ৰামটাঙোন শোধাই লুণ্ঠন অব্যাহত ৰখা পৰিলক্ষিত হৈছে।

অসম চৰকাৰৰ অধীনস্থ সকলো বিভাগতে কৰ্মৰত বিষয়া কৰ্মচাৰীসকলক প্ৰতি তিনি বছৰৰ মূৰে মূৰে বদলি কৰা হয় যদিও একেখন চৰকাৰৰ অধীনস্থ শিক্ষা বিভাগত একে নীতি প্ৰযোজ্য নোহোৱাত শিক্ষকসকলে বিদ্যালয়সমূহত খুপনি পুতি ব্যাপক লুণ্ঠন অব্যাহত ৰাখিছে।

দীৰ্ঘ দিন ধৰি একেখন বিদ্যালয়ত কাৰ্যনিৰ্বাহ কৰি থকা শিক্ষকসকলক বদলিকৰণ কৰাৰ ব্যৱস্থা নকৰাত শিক্ষা প্ৰেমী ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াই দেখা দিছে। বিভাগটোৰ উন্নয়নৰ স্বাৰ্থতে একেখন বিদ্যালয়ত তিনি বছৰ ধৰি কৰ্মৰত প্ৰধান শিক্ষকসকলক বদলিকৰণৰ ব্যৱস্থা কৰিবলৈ শিক্ষাপ্ৰেমী ৰাইজে পৰিবৰ্তনকামী চৰকাৰৰ ওচৰত দাবী জনাইছে।