Printer-friendly version

বৰ্তমান যদিহে ভাৰতত পাকিস্তান আৰু চীনৰ সৈতে যুদ্ধ কৰাতো বিচাৰে নে নাই সেই লৈ গণভোট অনুষ্ঠিত কৰা হয় তেন্তে অধিকাংশ লোকেই যুদ্ধৰ সপক্ষে ভোটদান কৰিব! ছ’চিয়েল মিডিয়ালৈ চালেও দেখা যায় যে লক্ষ লক্ষ ভাৰতীয় উন্মাদৰ দৰে যুদ্ধপ্ৰেমী হৈ পৰিছে। অধিকাংশৰে মুখত এটাই কথা যে দেশৰ হৈ মৰিবলৈ তেওঁলোক সাজু আছে। বহুসময়ত সেনাক ঢাল হিচাপে লৈ ৰাজনৈতিক দলসমূহে ৰাজনীতি কৰাৰো অভিযোগ উত্থাপিত হৈ আহিছে। 

কিন্তু যুদ্ধ সঁচাকৈয়ে প্ৰয়োজনীয় নে? যুদ্ধৰ বিকল্প একো নায়েই নেকি? কেৱল মাত্ৰ যুদ্ধৰ জৰিয়তেহে দেশৰ প্ৰতি থকা প্ৰেম প্ৰদৰ্শন কৰিব পাৰি নেকি? যুদ্ধ নকৰাকৈ দেশক ভালপোৱাৰ, দেশপ্ৰেমিক হোৱাৰ প্ৰমাণ দিব নোৱাৰিনে? যুদ্ধক্ষেত্ৰত গুলীৱিদ্ধ হৈ মৰণকাতৰ যন্ত্ৰণাত ছটফটাই থকা সৈনিকৰ দুচকুত কাৰ ছবি ভাহি উঠে? যুদ্ধলৈ প্ৰেৰণ কৰা সেনাধিনায়কৰ নে ৰাষ্ট্ৰপতিৰ নে প্ৰধানমন্ত্ৰীৰ? নে মৃত্যুৰ পূৰ্বে সৈনিকৰ দুচকুত জ্বলি জ্বলি ছাই হৈ পৰে মাতৃৰ শেতাপৰা মুখ, পত্নীৰ ক্ৰন্দৰত চাৱনি আৰু দেউতা আহিব আহিব বুলি বাট চাই থকা সন্তানৰ মায়াসনা হাঁহিটোলৈ?

দ্বিতীয় বিশ্বযুদ্ধৰ এজন সৈনিকৰ মুখেৰে এই প্ৰশ্নৰ প্ৰকৃত উত্তৰ জানিবলৈ পাই হতভম্ব হৈ পৰিছিল বাংলা লেখক শুভ্র কিশোৰ বসু। এক ৰেলযাত্ৰাত বাংলা লেখকগৰাকীয়ে জাপানী সৈনিক এজনক লগ পোৱাৰ পিছত কি হ’ল সেয়া জানিলে হয়তো আপোনাৰো চকু সেমেকি উঠিব। তেতিয়া কোনো অজ্ঞাত ৰাজনৈতিক কাৰণত যুদ্ধ প্ৰেমিক হৈ পৰা আপুনিও হয়তো কৈ উঠিব, 'হে যুদ্ধ বিদায়!’ লেখক শুভ্র কিশোৰ বসুৰ লেখাটো অসমীয়ালৈ অনুবাদ কৰিছে আব্দুল আজিজ চৌধুৰীয়ে।


♦ মই জাপানত থকা প্ৰায় ৭ বছৰেই হ'ল। জাপানত সাধাৰণ ট্ৰেইনৰ স্পীডো সাধাৰণতে ভালেই হয়৷ ট’কিঅৰ পৰা কিয়’টোলৈ যাম৷ ভাগ্য ভাল যে খিৰিকিমুখৰ ছীটতোৱেই পাইছো৷ সময়ত ট্ৰেইনখনে ষ্টেচন এৰিলে৷ লাহে লাহে এখন সেউজীয়া জগতলৈ সোমাই গ’লো৷ ছানি দেউলৰ ‘‘বৰ্ডাৰ’’ চিনেমাখন মোবাইলত উলিয়াই ল’লো৷ প্ৰায়েই চাও৷  

বিদেশত থাকিলে এনেয়েও দেশৰ প্ৰতি প্ৰেম অলপ বেছি জাগ্ৰত হৈ পৰে৷ তাৰ লগতে কিছুমান মানুহে যে নিজৰ পৰিয়াল-পৰিজনক এৰি দেশৰ কাৰণে যুঁজি নিজৰ জীৱন ত্যাগ কৰিব পাৰে, এইটো ভাৱেও মোক এনেধৰণৰ চিনেমাবোৰ চাবলৈ বাধ্য কৰে৷

মোৰ একেবাৰে ওচৰৰ ছিটতোত এগৰাকী বৃদ্ধ মানুহ বহি আছিল৷ মানুহজনৰ মুখত মৃদু হাঁহি৷ মন কৰিলো মাজে মাজে মানুহজনে মোৰ মোৱাইলৰ স্ক্ৰীণখনলৈ চকু দিছে৷ চকুৱে চকুৱে পৰাত হাঁহি এটা মাৰি মূৰটো আগলৈ দোৱাই মোক হেল্ল’ বুলি সম্ভাষণ জনালে৷

সৌজন্যতাৰ খাতিৰত ময়ো প্ৰতি সম্ভাষণ জনাই ক’লো, 'মই এজন ভাৰতীয়৷’ স্তিমিত কণ্ঠেৰে মানুহজনে ক’লে মই ‘নিছিজাকি’৷ 

: তুমিও যুদ্ধৰ চিনেমা পছন্দ কৰা নেকি?
: 'হয়৷ কাৰণ মই মোৰ দেশক ভালপাঁও৷’-মই মুৰ দুপিয়াই ক’লো। 
: আমাৰ দেশৰ সেনাৰ জোৱানসকলে দেশৰ কাৰণে দেশৰ জয়গান কৰি কৰি মৃত্যুক আঁকোৱালি লয়৷ দেশৰ কাৰণে ইয়াতকৈ আৰু ডাঙৰ ত্যাগ কি হ’ব পাৰে?
 
নিছিজাকি নামৰ বৃদ্ধ মানুহজন লগাতকৈ অলপ বেছি গহীন হৈ পৰিল, আৰু মোক সুধিলে, ‘তুমি কেতিয়াবা যুদ্ধ দেখিছানে?’ মই মূৰটো দুয়োফালে জোকাৰি ক’লো, 'নাই!’

তেওঁ তলমূৰ কৰি মজিয়াৰ ফালে চাই ক’বলৈ ধৰিলে, '১৯৪২ চন। তেতিয়া মোৰ বয়স মাত্ৰ ১৫ বছৰ৷ দ্বিতীয় বিশ্বযুদ্ধ। গোটেই বিশ্বকে নিজৰ পদানত কৰি সাম্ৰাজ্য বিস্তাৰৰ উদ্দেশ্যে দেশৰ শাসকৰ আদেশত মোকো সেই যুদ্ধত মৰিবলৈ পঠিওৱা হৈছিল৷ চিম্পলী ক’বলৈ গ'লে আমাক মৰিবলৈ পঠিয়াই দিয়া হৈছিল৷ মই জাপান নৌ-বাহিনীত জইন কৰিবলৈ বাধ্য হৈছিলো।’

'ঘৰৰ পৰা প্ৰথমবাৰলৈ ওলাই অহাৰ সময়ত মোৰ লগত মোৰ 'মা'ই মোৰ লগত এটা চুক্তি কৰিছিল৷’-তেওঁ ক’লে।

চুক্তি! তাকো মাকৰ সৈতে! মই অবাক হৈ সেই বিষয়ে আৰু বেছিকৈ জানিব বিছাৰিলোঁ৷

বৃদ্ধ মানুহজনে সোণালী ফ্ৰেমৰ চচমাৰ ফাঁকেৰে মোলৈ চাই ক’বলৈ ধৰিলে, 'মায়ে মোক এইবুলি কৈছিল, ‘‘তুমি মোক কথা দিয়া যে তুমি কেতিয়াও যুদ্ধত নমৰা, তুমি বাচি থাকিবা আৰু তুমি পুনৰ ঘৰলৈ উভতি আহিবা...’’

'সম্পূৰ্ণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলজুৰি আমি যুদ্ধ কৰিবলগীয়া হৈছিল৷ নৌ-বাহিনীত থকা সময়ত এবাৰ ওকিয়ামালৈ (জাপানী দ্বীপপুঞ্জৰ এটা দ্বীপ) এক ছুইচাইড মিছনলৈ যাবলৈ আমাক বাধ্য কৰোৱা হৈছিল৷ দুৰ্ভাগ্যক্ৰমে আমাৰ সেইটো মিছন ব্যৰ্থ হৈছিল আৰু আমি সকলোবোৰ শত্ৰুৰ হাতত ধৰা পৰি গৈছিলো৷’-তেওঁ কৈ গৈছে।

মই অবাক হৈ বগা পেণ্টৰ আৰু নীলা চুৱেটাৰ পৰিহিত বৃদ্ধ মানুহজনৰ ফালে অপলক দৃষ্টিৰে চাই ৰ’লো৷ মানুহজনে কৈ গ’ল, 'ধৰা পৰাৰ পিছত আমাৰ সকলোকে ফায়াৰিং স্কোৱাডৰ সন্মুখত থিয় কৰাই দিয়া হৈছিল৷ মোৰ সহকৰ্মীসকলক এজন এজনকৈ বাচি বাচি গুলীয়াই হত্যা কৰা হৈছিল৷’

অলপ ৰৈ তেওঁ আকৌ ক’লে, 'মোক তেওঁলোকে কিয় হত্যা কৰা নাছিল সেই কথাটো মই আজিও ধৰিব নোৱাৰিলো৷ হয়তো মোৰ মাৰ সৈতে চুক্তি কৰা আছিল বাবেই বাচি গৈছিলো৷’


• জাপানী যোদ্ধা ন’বুও নিছিজাকি

তেনেতে মানুহজনে নিজৰ আসনৰ পৰা উঠিবলৈ সাজু হ’ল৷ পৰৱৰ্তী ষ্টেছনত তেওঁ নামিব৷ 

নিজৰ আসনৰ পৰা উঠাৰ মুহূৰ্তত মানুহজনে মোৰ কান্ধত হাত থৈ মোৰ কাণৰ কাষলৈ মুখখন লাহেকৈ আগুৱাই আনি ক’লে, ‘চিনেমাৰ পৰ্দাত এজন মৃত্যু যন্ত্ৰণাত ছটফটাই থকা গুলীৱিদ্ধ সৈনিকৰ মুখত কি সংলাপ দিব লাগে সেইটো মই নাজানো৷ কাৰণ মই যুদ্ধৰ চিনেমা নাচাও।’

ক্ষন্তেক ৰৈ তেওঁ আকৌ ক’লে, 'হে ক্ষন্তেকৰ সহযাত্ৰী বন্ধু, তথাপিও মই তোমাক এটা কথা ক’ম যে মই মোৰ চকুৰ আগতেই যুদ্ধক্ষেত্ৰত সপক্ষৰ বা বিপক্ষৰ বহু সৈন্যৰ মৃত্যু দেখিছো। মৃত্যুৰ আগতে বা গুলী খোৱাৰ আগতে তোমাৰ দৰে বয়সৰ বা তোমাতকৈও বয়সত সৰু তৰুণ যুৱক সৈনিকসকলে কিন্তু নিজৰ নিজৰ মাককহে চিঞৰি চিঞৰি মাতি মৃত্যুক সাবটি লৈছিল। ...আৰু যিসকল অপেক্ষাকৃতভাৱে বয়সত ডাঙৰ আছিল, সেইসকলে মৰাৰ আগতে নিজৰ পত্নী বা সন্তানৰ নাম লৈ চিৎকাৰ কৰি কৰি মৰিছিল।’

তেওঁ কৈ গৈছিল, 'ছ’ৰী মাই ফ্ৰেণ্ড, মই নিজে এগৰাকী সৈনিক হিচাপে এনেকুৱা এজনো সৈনিকক দেখা নাপালো যিগৰাকীয়ে নিজৰ দেশ বা শাসকৰ নামত জয়গান কৰি কৰি মৃত্যুক আকোৱালি লৈছিল। মোক বিশ্বাস কৰা!’

মোক স্তম্ভিত কৰি বৃদ্ধ সৈনিকজনে লাহে লাহে দুৱাৰখনৰ ফালে আগুৱাই গ’ল৷ ট্ৰেইনখনৰ দবাটো বোধহয় সেইদিনা অলপ বেছিকৈয়েই জোকাৰণি খাইছিল৷ কিবা এটা ভাবি মই মোৰ মোবাইলটোৰ ছুইটচ অফ কৰি দিলো৷


বি:দ্ৰ: মই সেইদিনা যিগৰাকী লোকক ৰেলখনত লগ পাইছিলো তেওঁ আন কোনো নাছিল, তেওঁ আছিল ৮২ বছৰীয়া বৰ্ষীয়ান জাপানী যোদ্ধা ন’বুও নিছিজাকি (Nobuo Nishizaki), বৰ্তমান সময়তো জীৱিত দ্বিতীয় বিশ্বযুদ্ধত অংশগ্ৰহণ কৰা সেনানীসকলৰ মাজৰ এজন, যিগৰাকী সৈনিকে মাতৃৰ সৈতে চুক্তি কৰি যুঁজলৈ বুলি ওলাই গৈছিল।