আগৰতলাঃ উত্তৰ-পূব ছাত্ৰ সন্থা (নেছ’)ই আহ্বান জনোৱা উত্তৰ-পূব বন্ধৰ ফলত মঙলবাৰে স্তব্ধ হৈ পৰে অঞ্চলটোৰ আটাইকেইখন ৰাজ্যৰ জন-জীৱন। নেছ’ৰ আহ্বানলৈ সহাৰি জনাই  প্ৰতিখন ৰজ্যতে আজি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে বন্ধ সৰ্বাত্মক ৰূপত পালন কৰা পৰিলক্ষিত হয়।

বন্ধৰ দিনটোত চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় তথা শিক্ষা প্ৰতিষ্ঠানৰ কাম-কাজ, পাঠদান ব্যাহত হৈ পৰে। একেদৰে মণিপুৰৰ ৰাজধানী ইম্ফলৰ লগতে সমগ্ৰ ৰাজ্যখনতে বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰাৰ বাতৰি পোৱা গৈছে। মেঘালয় আৰু মিজোৰামতো বন্ধৰ সময়ছোৱাত স্তব্ধ হৈ পৰে জন-জীৱন। 

আনহাতে বিজেপি শাসিত ত্ৰিপুৰাতো বন্ধৰ ফলত স্বাভাৱিক জীৱন-যাত্ৰা ব্যাহত হৈ পৰে। বন্ধৰ সময়ছোৱাত ৰাজ্যখনৰ কেবাটাও দল-সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বন্ধ সমৰ্থনকাৰীসকলে ১৪৪ ধাৰা উলংঘা কৰি দশৰামপাৰাত ৮নং ৰাষ্ট্ৰীয় ঘাইপথত টায়াৰ জ্বলোৱাৰ লগতে বহু সময় ধৰি অৱৰোধ কৰি ৰাখে।

ৰাজধানী আগৰতলাৰ সমীপত থকা ত্ৰিপুৰা ট্ৰাইবেল এৰিয়াছ অটোনমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ কাৰ্যালয়ৰ সমুখতো শতাধিক প্ৰতিবাদকাৰীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে আৰক্ষীৰে খণ্ড যুদ্ধতো লিপ্ত হয়। 

বন্ধলৈ সমৰ্থন জনোৱা প্ৰতিবাদকাৰীসকলক প্ৰতিহত কৰাৰ উদ্দেশ্যে ত্ৰিপুৰা আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে। আৰক্ষীয়ে শূন্যলৈ গুলাচালনা কৰাৰ সময়তে অসাৱধানবশত দুজন লোক গুলীৱিদ্ধ হোৱাৰ লগতে আন ৩জন লোক আহত হয়। আহত আটাইকে ততালিকে সমীপৱৰ্তী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে গুলীৱিদ্ধ লোক দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, প্ৰথম অৱস্থাত প্ৰতিবাদ শান্তিপূৰ্ণভাৱে চলি আছিল যদিও কিছু সময় পিছতে আৰ এছ এছ আৰু ভাৰতীয় মজদুৰ সংঘৰ একাংশ লোকে তাত বাধা প্ৰদান কৰে। দুয়ো পক্ষৰ মাজত হতাহতি হোৱাত আৰক্ষী উপস্থিত হৈ প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ লাঠি চালনা কৰে। ইয়াতো শান্ত নোহোৱাত আৰক্ষীয়ে শূন্যলৈ গুলীচালনা কৰে।