উত্তৰ প্ৰদেশঃ নিৰ্বাচনী সভাত বিতৰ্কিত কথা কৈ নিৰ্বাচনী আয়োগৰ ৰোষত পৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী অখিলশ যাদৱ। ''টকা যিকোনো দলৰপৰাই লওক, কিন্তু ভোটটো চাইকেলৰ ছৱিত দিলেই হ’ল’’- ৪ মাৰ্চত এখন নিৰ্বাচনী সভাত এনেদৰে মন্তব্য কৰিছিল অখিলেশে।

ইয়াৰ পিছতে নিৰ্বাচনী আয়োগে অখিলেশলৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে যাৰ উত্তৰ মঙলবাৰে ৫ বজাৰ ভিতৰত দিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ৮ মাৰ্চত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে প্ৰতিৰক্ষা মন্ত্ৰী মনোহৰ পাৰিকৰেও শেহতীয়াকৈ একেধৰণৰে মন্তব্যই কৰিছিল। "আন দলৰপৰা টকা-পইছা লোৱাত আমাৰ আপত্তি নাই, কিন্তু ভোট পদুমফুলত পৰিলেই হ'ল"- এই মন্তব্য কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পৰিপ্ৰেক্ষিততে নিৰ্বাচনী আয়োগে পাৰিকৰক কথা কওতে সতৰ্ক হোৱাৰ কঢ়া নিৰ্দেশ জাৰী কৰিছিল।