ডিজিটেল ডেস্কঃ ভাৰতৰ জম্মু-কাশ্মীৰক সঘনে অশান্তজৰ্জৰ কৰি তোলা পাকিস্তানক 'সন্ত্ৰাসবাদীৰ দেশ’ হিচাপে ঘোষণা কৰাৰ বাবে নতুন দিল্লীস্থিত পাক উচ্চায়ুক্তৰ কাৰ্যালয়ত দাবী জনাইছে জম্মু-কাশ্মীৰৰ নেশ্যনেল পেন্থাৰ্ছ পাৰ্টিয়ে। 

চুবুৰীয়া দেশখনে শেহতীয়াকৈ যুদ্ধবিৰতি ভংগ কৰাৰ উপৰিও ভাৰতীয় সেনাক নৃশংসভাৱে হত্যা কৰাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতে সীমান্তৰ ৰাজ্যখনত অস্থিৰ পৰিৱেশে বিৰাজ কৰি আহিছিল। 

জম্মু-কাশ্মীৰত দৈনন্দিন জীৱন যাপন দুৰ্বিসহ কৰি তোলাৰ অভিযোগ উত্থাপন কৰা দলটোৱে কয় যে ৰাজ্যখনক নৰক কৰি তুলিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ কাৰ্যকলাপে। কোনোধৰণৰ নীতি নমনা দেশখনক আন্তৰাষ্ট্ৰীয় স্তৰত অসহযোগ কৰা উচিত বুলি মন্তব্য কৰে দলটোৱে। 

যুদ্ধবিৰতি ভংগ কৰাৰ উপৰিও ভাৰতীয় জোৱানক শিৰচ্ছেদ কৰাৰ দৰে নৃশংস কাণ্ড সংঘটিত কৰা দেশখনক সন্ত্ৰাসবাদী দেশ হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰক বা নকৰক, আন্তৰাষ্ট্ৰীয় মহলৰ যোগেদি ভাৰতক এই ক্ষেত্ৰত হেঁচা প্ৰয়োগ কৰিবপৰা যাব বুলি কয় এনপিপিয়ে।