newsnextone.com | বিলাসীপাৰাঃ সোমবাৰে পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা মুকলি কৰা হয়। এনআৰচিৰ গুৱহাটীস্থিত ৰাজ্যিক সমন্বয়কৰ কাৰ্যালয়ত পুৱা ১০ বজাত এনআৰচিৰ চূড়ান্ত খচৰা অনলাইন যোগে আনুষ্ঠানিকভাৱে মুকলি কৰে দেশৰ মহাপঞ্জীয়ক এছ এছ শৈলেছ, উত্তৰ পূৰ্বাঞ্চলৰ গৃহ সচিব সত্যেন্দ্ৰ গাৰ্গ আৰু এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই।

তাৰ পিছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সেৱা কেন্দ্ৰ সমূহত জনসাধৰণে নিজৰ পৰিয়াল আৰু নিজৰ নাম চাবলৈ হেতা-ওপৰা লগাই৷ ব্যতিক্ৰম নহ’ল ধুবুৰী জিলা৷ ধুবুৰী জিলাতোঁ পুৱাৰে পৰা ৰাইজ সেৱা কেন্দ্ৰ সমূহলৈ ওলাই আহে৷ বিশেষকৈ ধুবুৰী জিলাৰ চৰ অঞ্চলত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে ধুবুৰী প্ৰশাসনে৷ 

দেওবাৰে নিশাৰে পৰা ঠায়ে ঠায়ে অৰ্ধসামৰিক বাহিনী নিয়োগ কৰে প্ৰশাসনে৷ চৰ অঞ্চলত সেৱা কেন্দ্ৰ সমূহত অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ দল নিয়োগ কৰে৷ ৰাইজে পুৱাৰে পৰা শান্তিপূৰ্ণ ভাৱে সেৱা কেন্দ্ৰ সমূহলৈ ওলাই আহি এনআৰচিৰ কৰ্মকৰ্তাক সহায় কৰাহে পৰিলক্ষিত হয়৷ পূৰ্বে অনুমান কৰাৰ দৰে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ খবৰ পোৱা নাযায়৷ ৰাইজে শৃংখলাবদ্ধ ভাৱে এনআৰচিৰ সেৱা কেন্দ্ৰত নিজৰ নিজৰ নাম পৰীক্ষা কৰি পৰিলক্ষিত হয়৷

আনহাতে ইউডিএছএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোছলেম উদ্দিন মণ্ডলে বিলাসীপাৰাত এখন সংবাদ মেল অনুষ্ঠিত কৰি উচ্চতম ন্যায়ালয় আৰু অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে৷ কোনো বিদেশীৰ নাম যাতে এনআৰচি অন্তৰ্ভুক্ত নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ইউডিএছএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মোছলেম উদ্দিন মণ্ডলে৷ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বে অহা এজনো প্ৰকৃত ভাৰতীয় লোকৰ নাম যাতে বাদ নপৰে তাৰ বাবে ব্যৱস্থা কৰাৰ আহ্বান জনায় মোছলেম উদ্দিন মণ্ডলে। 

চূড়ান্ত খচৰাত যিসমূহ প্ৰকৃত ভাৰতীয়ৰ নাম প্ৰকাশ পোৱা নাই অনাগত দিনত তেওঁলোকৰ নাম কোনো ধৰণৰ হাৰাশাস্তি নকৰাকৈ অন্তৰ্ভুক্ত কৰিবলৈ এনআৰচিৰ সমন্বয় প্ৰতীক হাজেলাক আহ্বান জনায়৷ এখন নিৰপেক্ষ তথা শুদ্ধ এনআৰচি প্ৰকাশ কৰাৰ লগতে এনআৰচিক লৈ যাতে কোনোৱে ৰাজনীতি নকৰে তাৰ বাবে ইউডিএছএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকগৰাকীয়ে অনুৰোধ জনায়। 

৩৮ বছৰীযা নাগৰিকত্ব সমস্যা ৰাজনৈতিক লাভালাভৰ বাবে কংগ্ৰেছ চৰকাৰে কৰা নাছিল বুলি কয়। এখন শুদ্ধ এনআৰচি উন্নীতকৰণৰ কাম চলি থকা অৱস্থাত কোনো উচটনি মূলক মন্তব্যক গুৰুত্ব নিধিবলৈ জনসাধাৰণক আহ্বান জনায় নেতাগৰাকীয়ে।