newsnextone.com | ৰঙিয়াঃ ২০-৩০ বছৰে দেশক সেৱা কৰা লোকৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাউৰবাহাত। সেনা বাহিনীত জীৱনৰ বেছি সময় দি দেশৰ ভূ-খণ্ডক ৰক্ষা কৰা অতন্দ্ৰ প্ৰহৰীৰ নাম এনআৰচিৰ খচৰাৰ পৰা বাদ পৰা বুলিও জানিব পৰা গৈছে।
 
কাউৰবাহা অঞ্চলৰ প্ৰায় সংখ্যালঘূ লোকৰ নাম এনআৰচিৰ খচৰাত প্ৰকাশ নোপোৱাত ৰাইজ সোচ্চাৰ পৰা দেখা যায়। বাক্সা জিলাৰ সংখ্যালঘূ এলেকা কাউৰবাহাৰ ৯০ শতাংশ লোকৰ নাম এনআৰচিৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপন হৈছে। ৯০ শতাংশ লোকৰ ভিতৰত খিলঞ্জীয়া ইছলামধৰ্মী গৰিয়া লোকে আছে বুলি জানিব পৰা যায়।

 বাক্সা জিলাৰ কাউৰবাহা অঞ্চলৰ প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহ কৰি ষড়যন্ত্ৰমূলক ভাৱে বাদ পেলোৱাৰ অভিযোগ উত্থাপন হৈছে। এনআৰচি সম্পূৰ্ণ খচৰা তালিকা প্ৰকাশ পোৱাৰ পিছতেই বহু বিসংগতি ধৰা পৰাত ৰাইজৰ মাজ ক্ষোভৰ সৃষ্টি হৈছে।

ৰঙিয়াৰ সমীপৰ কাউৰবাহাত প্ৰাক্তন সেনা জোৱান আহমদ আলীৰ পৰিয়ালৰ সদস্যৰ নাম এনআৰচিৰ পৰা নাম বাদ পৰাত আচৰিত হৈ পৰিছে পৰিয়ালটোৱে। ভাৰতীয় সেনাৰ প্ৰাক্তন জোৱান আহমদ আলীৰ পৰিয়ালে লেগেচী ডাটা জমা দিয়াৰ পিছতো প্ৰথম তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱাৰ লগতে দ্বিতীয় তালিকাত নাম প্ৰকাশ নোপোৱাত চিন্তাত দিন পাৰ কৰিছে। 

প্ৰথম খচৰা প্ৰকাশ পোৱাৰ পিছত দ্বিতীয় খচৰাত নাম সন্নিবিষ্ট কৰাৰ বাবে পুনৰ এনআৰচি কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে যদিও সম্পূৰ্ণ খচৰাত পৰিয়ালটোৰ কোনো সদস্যৰ নাম নথকাত কোনো লোকে ষড়যন্ত্ৰ কৰাৰ গোন্ধ পাইছে পৰিয়ালটোৱে। প্ৰাক্তন সেনা জোৱানজনৰ পুত্ৰ চিৰাজুদ্দিন আহমেদক দুৰ্বৃত্তই গুলিয়াই হত্যা কৰিছিল।

ইমানে নহয় চিৰাজুদ্দিন আহমেদৰ পুত্ৰ আব্দুছ চামাদ চৌধাৰীয়ে ২০১৬ চনত অনুষ্ঠিত হৈ যোৱা বিধান সভা নিৰ্বাচনত ৰঙিয়া বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আব্দুছ চামাদ চৌধাৰীয়ে বাক্সা জিলাৰ কাউৰবাহা অঞ্চলৰ সংখ্যালঘূ সম্প্ৰদায়ৰ অধিকাংশ লোকৰে নাম এনআৰচিৰ তালিকাত সন্নিবিষ্ট হোৱা নাই বুলি কয়। অঞ্চলটোৰ খিলঞ্জীয় পৰিয়ালসমূহে উপযুক্ত নথি পত্ৰ জমা দিয়াৰ পিছতো অঞ্চলটোৰ অধিকাংশ পৰিয়ালৰ নাম নাই বুলি আক্ষেপ কৰে। আব্দুছ চামাদ চৌধাৰীয়ে স্বদেশীক বিদেশী সজাবলৈ চক্ৰান্ত কৰি এনেদৰে সংখ্যালঘূ ৰাইজৰ নামবোৰ কৰ্তন কৰা হৈছে বুলিও কয়।