newsnextone.com | ডিজিটেল ডেস্কঃ উৰিষ্যা চৰকাৰে ৰাজ্যপাল গণেশী লাল যোশীয়ে জুন মাহত তেওঁৰ বিমান যাত্ৰাৰ বাবে দেখুওৱা ৪৬.১৮ লাখ টকা খৰচৰ বাবে ৰাজভৱনৰ পৰা স্পষ্টীকৰণ বিচাৰিছে৷

ইণ্ডিয়ান এক্সপ্ৰেছৰ বাতৰি মতে, যোৱা জুন মাহত ৰাজ্যপালে উৰিষ্যাৰ পৰা নতুন দিল্লী হৈ হাৰিয়ানাস্থিত তেওঁৰ গৃহ চহৰ চিৰচালৈ বিমান যোগে যাত্ৰা কৰিছিল৷ এই যাত্ৰাত ৪৬.১৮ লাখ টকা খৰছৰ হিচাপ দাখিল কৰা হৈছিল৷

মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ মন্ত্ৰীত্বৰ অধীন সাধাৰণ প্ৰশাসন বিভাগৰ পত্ৰত ৰাজ্যপালৰ দুটা পৃথক বিমান যাত্ৰাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ পত্ৰত উল্লেখ কৰা অনুসৰি, উৰিষ্যাৰ পৰা দিল্লীলৈ ৰাজ্যপালৰ যাত্ৰাৰ বাবে এখন জেট বিমান ব্যৱহাৰ কৰা হয় আৰু দিল্লীৰ পৰা হাৰিয়ানাৰ চিৰচালৈ এখন হেলিকপ্টাৰ ব্যৱহাৰ কৰা হয়৷

ৰাজভৱনৰ হিচাপ দাখিলৰ মতে এই যাত্ৰা কালত সৰ্বমুঠ ৪৬.১৮ লাখ টকা খৰছ হয়৷ ইয়াৰে ৫ লাখ হেলিকপ্টাৰৰ বাবে আৰু বাকী ৪১.১৮ লাখ জেট বিমানৰ বাবে খৰচ হয়৷ ইয়াৰ লগতে বিভাগে জেট এয়াৰক্ৰাফ্ট লিগেচী-৬৫০ৰ কোম্পানী পিনেকল এয়াৰ প্ৰাইভেট লিমিটেডৰ ৪২.১৮ লাখ টকাৰ এখন বিলো সংযুক্ত কৰে৷

ইয়াৰ পিছতে বিভাগে ৰাজভৱনক প্ৰয়োজনীয় ব্যৱহাৰিক প্ৰমাণপত্ৰত স্বাক্ষৰ কৰাৰ পিছত সেয়া উভটাই দিয়াৰ বাবে আবেদন জনায়৷ যাতে দাখিলকৃত খৰছৰ ওপৰত বিভাগে পৰৱৰ্তী সময়ত প্ৰয়োজনীয় তদন্ত আগবঢ়াব পাৰে৷ 

উল্লেখ্য যে, মে’ মাহত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে উৰিষ্যাৰ ৰাজ্যপাল গণেশী লাল যোশীক নিযুক্তি প্ৰদান কৰিছিল৷