Printer-friendly version

গুৱাহাটীঃ সময়ে সকলো সলনি কৰে। সময়ৰ বোকোচাত উঠিয়েই এদিন পৰিবহণৰ ক্ষেত্ৰখনত ৰং সলাইছিল মহানগৰীয়ে। হাজাৰ হাজাৰ শিক্ষিত নিৱনুৱাক সপোন দেখুৱাই চাৰিচকীয়া বাহনেৰে ভৰাই পেলাইছিল গুৱাহাটীৰ ৰাজপথ। ভিৰ বাঢ়িছিল বেংক তথা ফাইনেন্স কোম্পানীসমূহত। ভিৰ বাঢ়িছিল গাড়ীৰ ডিলাৰসমূহত। তাৰ পিছতে এদিন ক’ব নোৱৰাকৈয়ে গতি হেৰুৱাই পেলাইছিল অট’চালকসকলে। বিদায় ল’বলৈ বাধ্য হ পৰিছিল প্ৰাইম কেব, গ্ৰীণ কেব, মাই টেক্সিয়ে। তাৰ ঠাই লৈছিল দুটি বহিৰাগত কোম্পানী উবেৰ আৰু অ’লাই। 

সকলো ঠিকে-ঠাকে আগবাঢ়িছিল। যাতায়ত সহজলভ্য কৰি তুলিছিল উবেৰ-অ’লাই। নিৱনুৱাসকলৰ হাতলৈ ধন আহিছিল। চালকসকলৰ মৰ্যাদা বাঢ়িছিল। ইনচেনটিভৰ পইছাৰে সুন্দৰকৈ চলি গৈছিল সকলো। ঘৰ-সংসাৰৰ পৰা আৰম্ভ কৰি একেবাৰে গাড়ীৰ ইনষ্টলমেণ্টলৈকে। হঠাৎ এদিন উবেৰ কৰ্তৃপক্ষই ইনচেনটিভ বন্ধ কৰি দি উবেৰ মালিক আৰু চালকসকলক দলনিত পোনা মেলাৰ দৰে অৱস্থাত এৰি দিয়ে।

উপায়ন্তৰ হৈ উবেৰ চালক আৰু মালিকসকলৰ সন্থাই উবেৰ কৰ্তৃপক্ষৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আন্দোলন কৰে। আন্দোলন দমন কৰিবলৈ উবেৰ কৰ্তৃপক্ষই আদালতৰ কাষ চাপে। আদালতে আন্দোলন কৰাতো একপ্ৰকাৰ অবৈধ বুলি ঘোষণা কৰাত পন্থা সলনি কৰে সন্থাৰ কৰ্ম-কৰ্তাসকলে। বহিৰাগত প্ৰতিষ্ঠানে অসমৰ থলুৱা শিক্ষিত নিৱনুৱাক কৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে যুঁজ দিবলৈ বন্ধ-হৰতালৰ পৰিৱৰ্তে হাতে-কামে উঠি পৰি লাগে স্বাভিমানী এদল যুৱকে।

এনেকৈয়ে অতি কম সময়ৰ ভিতৰতে মহানগৰীৰ জীৱন যাত্ৰাক অধিক সহজ কৰি তোলাৰ লগতে উবেৰ-অ’লাৰ প্ৰবঞ্চনাৰ পৰা গাড়ীৰ মালিক-চালকসকলক ৰক্ষা কৰিবলৈ এই স্বাভিমানী যুৱকৰ দলটোৱে আৰম্ভ কৰে 'অগো’। যোৱা ৩ জুলাইত আনু্ষ্ঠানিকভাৱে মুকলি কৰা হয় এই সেৱা। 

প্ৰতি কিলোমিটাৰত ৫ টকাত উপলব্ধ হ’ব এই কেৱ সেৱা। সম্পূৰ্ণ অসমীয়া ভাষাত বুকিং কৰিব পৰাৰ উপৰিও ফোনযোগেও বুকিং কৰিব পৰাৰ সুবিধা উপলব্ধ হ’ব এই 'অগো’ সেৱাত। ইয়াত নাই কোনোধৰণ হাই ডিমাণ্ড চাৰ্জেছ। এদল অসমীয়া যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা অগোৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱে।

জানিব পৰা মতে, যিটো দলৰ প্ৰচেষ্টাত এই সেৱা গঢ় লৈ উঠিছে সেই দলটোত আছে ১১ জনকৈ অসমীয়া যুৱক। ইয়াৰ নেতৃত্বত আছে ইছমাইল আলী। আন সদস্যকেইজন হৈছে দেৱজিত ডেকা, ধ্ৰুৱজ্যোতি তালুকদাৰ, ইব্ৰাহীম আলী, জাকিৰ আলী, প্ৰণৱ ভট্টাচাৰ্য, জয়ন্ত কুমাৰ নাথ, ৰাজীৱ শৰ্মা, ৱাহিদুৰ ৰহমান আৰু অমৰজ্যোতি কলিতা। সম্পূৰ্ণ প্ৰচেষ্টাটোত উপদেষ্টাৰূপে আছে অংকুৰ দত্ত আৰু ৰূপমজ্যোতি শৰ্মা। কাৰিকৰী দিশটোত সমৰ্থন আগবঢ়াইছে ৰাহুল শৰ্মা আৰু পাৰ্থ শইকীয়াই।

'উবেৰে আমাক প্ৰবঞ্চনা কৰিলে। আমিয়েই উবেৰক আজিৰ পৰ্যায়ত উপনীত হোৱাত মুখ্য ভূমিকা লৈছিলো। কিন্তু তেওঁলোকে আমাৰ দাবীক গুৰুত্ব নিদিলে। তেতিয়াই আমি ঠিক কৰিলো যে বাহিৰৰ প্ৰতিষ্ঠান এটাক এনেদৰে থলুৱা যুৱকৰ ওপৰত সহজতে দাদাগিৰি চলাবলৈ এৰি দিয়া নহ’ব। সেয়ে আমি হুলেৰেহে হুল কঢ়াৰ নীতি লৈ সম্পূৰ্ণ থলুৱা প্ৰচেষ্টাত অগো সেৱা আৰম্ভ কৰিবলৈ মনস্থ কৰো।’- নিউজ নেক্সট ৱানক এইদৰে কয় অগোৰ প্ৰচাৰ সম্পাদক ইব্ৰাহীম আলীয়ে।

তেওঁ আৰু কয় যে আৰম্ভণিতে মহানগৰাবসীৰ পৰা পোৱা সহাৰিয়ে অগোৰ সৈতে জড়িত সকলোকে উৎসাহিত কৰি তুলিছে। 'আমি আশাই কৰা নাছিলো যে আমি ইমান সোনকালে সঁহাৰি পাম। সেয়ে প্ৰথমতে আমি এপছটোৰ সৰ্বোচ্চ সীমা ১০০০০  কৰিছিলো। কিন্তু সেই দিনাই ৫৬,৩০০ জনে এপছৰ বাবে ৰিকুৱেষ্ট প্ৰেৰণ কৰে। যিটো নেকি আমাৰ বাবে অতি আশাব্যঞ্জক।’- ৰাইজক ধন্যবাদ জনাই ইব্ৰাহীমে কয়।

শীঘ্ৰে 'অগো'ৱে নতুন পদক্ষেপ হাতত ল’ব বুলিও জানিবলৈ দিছে প্ৰচাৰ সম্পাদকজনে। ইয়াৰ ভিতৰত আছে বাইক সেৱা আৰু কুইক কুৰিয়াৰ সেৱা। বৰ্তমান অগোৰ বাহনৰ সংখ্যা ১০০০ৰ ওচৰা-ওচৰি হৈছে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে মহানগৰবাসীয়ে যি ধৰণে বিচাৰে সেই ধৰণে সেৱা আগবঢ়াবলৈ অগো প্ৰতিশ্ৰুতিৱদ্ধ। 'অগো'ক ৰাইজে আদৰি ল'লে বহিৰাগত প্ৰতিষ্ঠানসমূহে অসমৰ মাটিত প্ৰভূত্ব বিস্তাৰ কৰাত ব্যৰ্থ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে।