ডিব্ৰুগড়ঃ ৰাজ্য চৰকাৰে ৩-৪ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ অনুষ্ঠিত বিশ্ব বাণিজ্য সন্মিলন অনুষ্ঠিত কৰি ব্যাপক ঢাৰ-ঢোল বজাই। দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতিত ৰাজধানী গুৱাহাটী মহানগৰীত অনুষ্ঠিত কৰা Advantage Assamৰ Global Investor Summitত কেইবা খন MoU স্বাক্ষৰ কৰাৰ লগতে দেশী-বিদেশী আলহী আদৰাৰ নামত কোটি কোটি টকা খৰচ কৰে৷

চকু চাট মৰা প্ৰচাৰ আৰু আয়োজনেৰে ৰাজ্য চৰকাৰে বিশ্ব বিনিয়োগকাৰী সন্মিলন সফলতাৰ সম্পৰ্কত মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে৷ উল্লেখ্য যে উক্ত সন্মিলনত দুশখন এমঅইউৰ জৰিয়তে অভিলেখসংখ্যক এক লাখ কোটি টকা বিনিয়োগৰ নিশ্চয়তা পোৱা গৈছে বুলি চৰকাৰে ঘোষণা কৰি ৰাইজক সন্তুষ্ট কৰাৰ চেষ্টা চলাই৷

অসমবাসী আপ্লুত হোৱাৰ লগতে এখন দক্ষ চৰকাৰ শাসনত থকা বুলি সকাহ অনুভৱ কৰিছিল ৷ কিন্তু শেহতীয়াকৈ আমাৰ হাতত পৰা তথ্যনুসৰি এনে বিয়াগোম বিনিয়োগৰ ঘোষণা চৰকাৰী মিথ্যাচাৰৰ নামান্তৰহে৷ ইতিমধ্যে গোমৰফাঁক হৈ পৰা তথ্য অনুসৰি এডভান্টেজ আছামৰ প্ৰথমদিনা অসম চৰকাৰৰ সৈতে দেশৰ ৰাজহুৱা খণ্ডৰ নৱৰত্নপ্ৰাপ্ত প্ৰতিষ্ঠান অইল ইণ্ডিয়াই দহ হাজাৰ কোটি টকা বিনিয়োগৰ চুক্তি স্বাক্ষৰিত কৰিছে বুলি প্ৰচাৰ চলিছিল যদিও বাস্তৱতে সেয়া সত্য হয় নে নহয় তাক লৈ সৰৱ চৰ্চা আৰম্ভ হৈছে৷

ইমান বিশাল ধনৰাশি বিনিয়োগেৰে এডভান্টেজ আছামৰ বিনিয়োগকাৰীৰ তালিকাৰ শীৰ্ষত অৱস্থান কৰিছিল তৈল উদ্যোগটোৱে৷ অৱশ্যে দহ হাজাৰ কোটি টকা কিয় বাস্তৱত তাৰ আধাও বিনিয়োগ নকৰে অইল ইণ্ডিয়াই৷ তৈল উদ্যোগটোৰ শীৰ্ষ সূত্ৰৰ পৰা জানিব পৰা মতে, এডভান্টেজ আছামৰ প্ৰথম দিনা অইলে ১৩৩৭ কোটি টকাৰ এমঅইউহে সম্পাদন কৰিছে আৰু এইখনেই অইলে অসম চৰকাৰৰ সৈতে বিনিয়োগ সন্মিলনত কৰা একমাত্ৰ চুক্তি৷

উল্লেখ্য যে চুক্তিখনৰ পক্ষ তিনিটা আৰু অইল ইণ্ডিয়াৰ সৈতে চুক্তিখনত স্বাক্ষৰ কৰা আন দুটা পক্ষ হৈছে অসম পেট্ৰকেমিকেলচ লিমিটেড আৰু অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগ৷ চুক্তিত স্বাক্ষৰ কৰিছিল অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক উৎপল বৰা, অসম পেট্ৰকেমিকেলচৰ পৰিচালন সঞ্চালক ৰাতুল বৰদলৈ আৰু ৰাজ্য চৰকাৰৰ বাণিজ্য-উদ্যোগ বিভাগৰ সচিৱ শীলা ৰেহমানে৷

১৩৩৭ কোটি টকীয়া এই চুক্তি মৰ্মে নামৰূপত দৈনিক পাঁচশ টনৰ মিথানল প্ৰকল্প আৰু দক্ষিণ অসমত দৈনিক দুশ টন উৎপাদন ক্ষমতাৰ ফৰমেলিন প্ৰকল্প স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ এনে স্পষ্ট চুক্তি সম্পাদিত হোৱাৰ পিছতো অইলে দহ হাজাৰ কোটি টকা বিনিয়োগ কৰিব বুলি চৰকাৰী পক্ষই ভুৱা প্ৰচাৰ চলোৱা কাৰ্যই এডভান্টেজ আছামকলৈ টীম সৰ্বানন্দৰ অনৰ্থক আত্মতুষ্টিও প্ৰকাশ্য হৈ পৰিছে৷