photo by Pankaj Kalita, NNO Nalbari
photo by Pankaj Kalita, NNO Nalbari

নলবাৰীঃ অশেষ কষ্ট কৰি নিজে সজা সপোনৰ ঘৰখনত পুত্ৰ-কন্যা-বোৱাৰী আৰু আত্মীয়ৰ নিৰ্যাতনৰ বলি হৈ নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত থিতাপি লোৱা ৯০ বছৰীয়া অমৰেন্দ্ৰ শৰ্মাক অৱশেষত আকোৱালি ললে নিজৰ পৰিয়ালে৷ নলবাৰী শান্তি নিৱাস অনাথ আশ্ৰমৰ পৰিচালক সাংবাদিক মজিবুৰ ৰহমানে মঙলবাৰে সন্ধিয়া আনুষ্ঠানিকভাৱে ৯০ বছৰীয়া ককাগৰাকীক দুই পুত্ৰসহ আত্মীয়ৰ সৈতে সংযোগ কৰাই দিয়ে৷

উল্লেখ্য যে, গড়কাপ্তানি বিভাগৰ সহকাৰী অভিযন্তা হিচাপে অৱসৰ গ্ৰহণ কৰা শৰ্মাৰ পত্নীসহ ৪ পুত্ৰ আৰু ৩ কন্যাৰ সৈতে এটি সুখৰ সংসাৰ আছিল৷ কিছুবছৰ পূৰ্বে পত্নীৰ বিয়োগ হোৱাৰ পাছত পুত্ৰ-কন্যা-বোৱাৰীৰ চৰম নিৰ্যাতনৰ বলি হৈ অশীতপৰ বৃদ্ধগৰাকী একপ্ৰকাৰ এলাগী হৈ পৰাছিল৷

এনে নিৰ্যাতন সহিব নোৱাৰি নিজে হাতে গঢ়া ঘৰখন এৰি থৈ আত্মাহত্যা কৰাৰো সিদ্ধান্ত লৈছিল হতাশাত ভাগি পৰা লোকজনে৷ এই ঘটনাৰ কথা গম পাই সাংবাদিক মজিবুৰ ৰহমানে বৃদ্ধগৰাকীক আশ্ৰয় আৰু ভৰণ পোষণৰ দায়িত্ব লৈ নতুন জীৱন দিয়াৰ চেষ্টা চলায়৷ ৰহমানৰ এনে কৰ্মক ৰাইজে প্ৰশংসাও কৰিছিল৷

পুত্ৰ-কন্যা থকাৰ পাছতো লোকজনে এনদৰে বৃদ্ধাশ্ৰমত থাকিবলগীয়া হোৱাত নলবাৰীত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ তেওঁৰ কনিষ্ঠ পুত্ৰৰ ইতিমধ্যে মৃত্যু ঘটিছে যদিও বৰ পুত্ৰ ডিগবৈত ৰিফাইনাৰীৰ অভিযন্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দ্বিতীয় পুত্ৰ বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক৷ তৃতীয় পুত্ৰ সফল ব্যৱসায়ী৷ আনহাতে বৃদ্ধগৰাকীৰ কোনোগৰাকী বোৱাৰী যদি অধিবক্তা, কোনোগৰাকী কন্যা আকৌ প্ৰৱক্তা, কোনো গৰাকী জোৱাই অধ্যক্ষ৷

উচ্চ শিক্ষাৰে শিক্ষিত ঘৰখনৰ পুত্ৰ-কন্যা-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি আশ্ৰমত থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱাত আৰু সংবাদ মাধ্যমত এই খৱৰ প্ৰকাশ পোৱাৰ পাছতে পুত্ৰ-বোৱাৰী আৰু কন্যা-জোৱায়েকে সন্মানৰ খাতিৰত পিতৃৰ ওচৰ চাপিল নেকি বুলিও গুণা-গথা আৰম্ভ হৈছে নলবাৰী চহৰত। সেয়া হ'লেও শেষ মুহূৰ্তত দেৱতা তুল্য পিতৃক এনেদৰে আকোৱালি লোৱাত নলবাৰীবাসীয়ে পৰিয়ালটোক ধন্যাবাদ জনাইছে।