newsnextone.com | তিনিচুকীয়াঃ এগৰাকী ৮০ বছৰীয়া বৃদ্ধ৷ কন্যা আৰু পুত্ৰ সন্তানৰ পিতৃ বৃদ্ধগৰাকীৰ চকুত চকুলো।চৰম নিৰাপত্তাহীনতাত ভোগা পিতৃগৰাকীৰ এতিয়া জীৱনটোক লৈ টনা-আজোৰা৷ জীৱনৰ বিয়লি বেলাত পুত্ৰৰ পৰা অকথ্য  নিৰ্যাতনত অতিষ্ঠ হৈ পৰা পিতৃগৰাকী উদ্ধাৰ হৈছে তিনিচুকীয়া জিলাৰ অন্যতম চাহনগৰী খ্যাত ডুমডুমাত।

উজনি অসমৰ তিনিচুকীয়া জিলাৰ অন্যতম চাহনগৰী খ্যাত ডুমডুমাত মানৱতাৰ চূড়ান্ত স্খলনৰ এই ছবি শেহতীয়াকৈ পোহৰলৈ অহাৰ খবৰে সৰ্বস্তৰৰ ৰাইজৰ চকু কঁপালত উঠিছে। অঞ্চলটোত পূৰ্বে নোহোৱা নোপজা এনে ঘটনাৰ খবৰে চাহনগৰীত সৰ্বত্ৰে চৰ্চিত হৈছে ৷ ঘটনাৰ সবিশেষ অনুসৰি প্ৰায় চাৰিদিন পূৰ্বে কুলাংগাৰ সন্তানে নিজ জন্মদাতা ৰুগীয়া পিতৃক ডুমডুমাৰ সমীপৰ তাৰা চাহ বাগিচাৰ পথৰ দাঁতিত পেলাই থৈ যায় ৷

প্ৰায় চাৰিটা নিশা পথৰ দাঁতিত ৰুগ্ন জৰ্জৰিত দেহা, ভোকে পিয়াহে পৰি থকাৰ উপৰিও মহ ডাঁহৰ  কামোৰ খােৱাৰ অন্তত সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই বৃদ্ধক উদ্ধাৰ কৰি ডুমডুমা আৰক্ষীক ততালিকে খবৰ দিয়ে ৷ 

ডুমডুমা আৰক্ষীয়ে চিকিৎসাৰ পৰিৱৰ্তে মানৱীয় প্ৰমূল্যবোধক ভৰিৰে মোহাৰি ৰুগীয়া এলাগী বৃদ্ধক ডুমডুমাস্থিত ৰাজহুৱা শ্মশানত পেলাই থৈ যায়। আৰক্ষীৰ এনে কাণ্ডই হতবাক হৈ পৰে সকলো। আৰক্ষীৰ কাৰ্যক কোনো কাৰণতে সহজভাৱে ল'ব পৰা নাই স্থানীয় ৰাইজে ৷ ইপিনে বৃদ্ধৰ ৰুগীয়া স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বুধবাৰৰ নিশা কেঁকাই থকা শুনি স্থানীয় ৰাইজ একগোট হৈ ঘটনাৰ উমান লওঁতে সমস্ত ঘটনা পোহৰলৈ অহাত ৮০ উৰ্ধৰ বৃদ্ধগৰাকীক চিকিৎসা আৰু খাদ্যৰ যোগান ধৰা হয় ৷

এখন সভ্য সমাজত এগৰাকী বয়োজ্যেষ্ঠ পিতৃৰ প্ৰতি নিজ পুত্ৰৰ ব্যৱহাৰ। তাৰ লগে লগে সমাজত শান্তিৰ বিলাই সভাই সমিতিয়ে ভাষণ দিয়া অসম আৰক্ষীয়ে কৰা এনে ব্যৱহাৰে চিন্তা কৰিবৈল বাধা কৰাইছে সাধাৰণ ৰাইজক। হায় মানৱতা ! কোনে ভাবিব এতিয়া বৃদ্ধৰ জীৱনৰ বাকী থকা দিনকেইটাৰ নিৰাপত্তাৰ কথা ৷ অথচ চৰকাৰে আইন প্ৰণয়ন কৰি অত্যাচাৰী পুত্ৰক নাকী লগোৱাৰ কথা সদম্ভে ঘোষণা কৰিছিল। কিন্তু  ইমান আইন-কানুন থকাৰ পিছতো বৃদ্ধৰ দুৰ্দশা প্ৰত্যক্ষ কৰি উদ্বিগ্ন হৈ পৰিছে প্ৰতিগৰাকী হৃদয়ৱান লোক।