ডিজিটেল ডেস্কঃ সীমান্তত পাকিস্তানৰ সেনাই সঘনে যুদ্ধবিৰতি ভংগ কৰি অহাৰ পৰিপ্ৰেক্ষিতত সতৰ্ক হৈ পৰা বিএছএফে শেহতীয়াকৈ অনুপ্ৰৱেশৰ সন্দেহত এগৰাকী ৬০ বছৰীয়া বৃদ্ধাক গুলিয়াই হত্যা কৰাৰ ঘটনা জানিবলৈ পোৱা গৈছে। 
সোমবাৰে পুৱা ৪.২০ বজাত পাঞ্জাৱৰ গুৰদাসপুৰত সীমা পাৰ হৈ আহিব খোজা পাকিস্তানী বৃদ্ধাগৰাকীক বিএছএফৰ জোৱানে গুলিয়াই হত্যা কৰে৷ ইয়াৰ আগেয়ে দেওবাৰে জম্মু আৰক্ষীয়ে পাঁচজন সন্দেহযুক্ত ব্যক্তিক আটক কৰি এলইটি মডিউল এটা ধৰা পেলোৱা বুলি জনাইছে৷ 

ভৰিয়াল পোষ্টত পিলাৰ নং ০২ ৰ কাষতে ১২০ নং বেটেলিয়নৰ বিএছএফে এনেদৰে আজি পুৱাৰ ভাগত তহল দিয়াৰ সময়ত এনেদৰে অনুপ্ৰৱেশ ৰোধ কৰে৷