ওদালগুৰিঃ দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিত বৰফুকনে কৈ যোৱা ইতিহাসকে সলনি কৰি এইবাৰ মোমাইকৰ হাতত প্ৰাণ গ’ল ভাগিনৰ৷ ওদালগুৰি চহৰৰ সমীপৰ ৩ নং কুন্দৰবিলত মোমায়েকৰ হাতত প্ৰাণ গ'ল ভাগিনৰ৷ নিজ পত্নীৰ মোমায়েকসহ আন এজন লোকৰ চোকা অস্ত্ৰৰ উপৰ্যুপৰি আক্ৰমণত প্ৰাণ গ'ল প্ৰণৱ ডেকা(৩০)ৰ।

জানিব পৰা মতে, ওদালগুৰি চহৰৰ সমীপৰ ৪নং আমজুলি গাঁৱৰ প্ৰণৱ ডেকাই বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে অনৈতিক কাৰ্যত লিপ্ত হৈ অহাৰ অভিযোগ উত্থাপন হয়৷ দীৰ্ঘদিন ধৰি প্ৰণৱৰ সৈতে পত্নীৰ কাজিয়াৰ সূত্ৰপাত হৈ আহিছিল। স্বামীৰ এনে কু-কৰ্মৰ কথা প্ৰণৱৰ পত্নীয়ে পৰিয়ালৰ সৈতে আলোচনা কৰে। সেইমৰ্মে প্ৰণৱৰ শহুৰৰ ফালৰ পৰাও বহুবাৰ প্ৰণৱক পত্নীৰ সৈতে সুখৰ সংসাৰ চলাবলৈ আহ্বান জনাইছিল।

কিন্তু শহুৰৰ পৰিয়ালৰ আহ্বানক প্ৰণৱে আওকান কৰি পাৰিবাৰিক কণ্ডলত লিপ্ত হব’লৈ ধৰে৷ বৃইয়াৰ পাছত বুধবাৰে দুপৰীয়া প্ৰণৱে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত পত্নীৰ মোমায়েক প্ৰদীপ ডেকাই হলধৰ নামৰ আন এগৰাকী সহযোগীৰ সহায়ত কেঁচীৰে শৰীৰৰ পাঁচটাকৈ স্থানত উপৰ্যুপৰি আক্ৰমণ কৰি ঘটনাস্থলীৰ পৰা পলায়ণ কৰে।

ইয়াৰ পাছত আহত প্ৰণৱক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। প্ৰণৱৰ মৃতদেহ ওদালগুৰি অসামৰিক চিকিৎসালয়ত মৰণোত্তৰ পৰীক্ষা কৰা হ’ব বৃহস্পতিবাৰে। ঘটনাই ওদালগুৰি চহৰত চাঞ্চল্যৰ সৃষ্টি কৰিছে।