অভয়াপুৰীঃ উজনি-নামনি, বৰাক উপত্যকাৰ একাংশ থলুৱা ইছলামধৰ্মী সময়ে সময়ে হাৰাশাস্তিৰ সন্মুখীন হ’বলগা হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বছৰ বছৰ ধৰি বঞ্চিত অৱহেলিত ৰাজ্যৰ থলুৱা ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী, জলহা আদি জনগোষ্ঠীৰ লোকসকল৷ জনগোষ্ঠীয় পৰিচয় বিচাৰি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে আজিও প্ৰতিবাদ কৰি আহিব লগা হৈছে৷

স্বাধীনতা আন্দোলন, ভাষা আন্দোলন, অসম আন্দোলনত সক্ৰিয় অংশ গ্ৰহণ কৰা ভূমিপুত্ৰ ইছলামধৰ্মী লোকসকলে বিভিন্ন সময়ত হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে বুলি অভিযোগ উত্থাপন হয়৷

অৱহেলিত,উপেক্ষিত হৈ থকা খিলঞ্জীয়া ইছলাম ধৰ্মীসকলেই বহু সময়ত হ’ব লগা হয় অসমীয়া জাতিৰ ৰক্ষাকৰ্তা৷ ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি অসম আন্দোলন, স্বাধীনতা আন্দোলন, আহোম-মোগলৰ যুদ্ধত জপিয়াই পৰা বাঘ হাজৰিকাৰ বংশােধৰসকলে আজি পৰিচয় সংকটত পৰি হাহাকাৰ কৰিব লগা হৈছে।

অসমীয়া জাতিৰ বিপদৰ কালত সক্ৰিয় ভূমিকা পালন কৰি অহা ৰাজ্যৰ থলুৱা ইছলামধৰ্মীৰ লোকে এতিয়া হাৰাশাস্তি ভোগ কৰি মৃত্যুক আকোৱালি লব লগা হৈছে৷
যোগীঘোপাত এগৰাকী খিলঞ্জীয়া ইছলামধৰ্মী লোকৰ মৃত্যুক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বঙাইগাঁও জিলাৰ যোগীঘোপা আৰক্ষী থানাৰ অন্তৰ্গত বৰঘোলা প্ৰথম খণ্ডৰ মানিক শ্বেখৰ পুত্ৰ ঝুনকু শ্বেখ (৭০)ৰ মৃত্যু হয়৷

জানিব পৰা মতে, লোকজনৰ বিৰুদ্ধে ডি-ভোটাৰ অভিযোগত বিদেশী ন্যায়াধিকৰণত এটি গোচৰ চলি আছিল। এসপ্তাহ পূৰ্বে ঝুনকু শ্বেখৰ অধিবক্তাগৰাকীয়ে লোকজনক উচ্চ ন্যায়ালয়ত গোচৰ তৰিবলৈ সাজু হ'বলৈ কোৱাৰ পিছৰে পৰা লোকগৰাকীয়ে তীব্ৰ মানসিক চাপত পৰে। মানসিক ভাৱে ভাগি পৰা ঝুনকু শ্বেখে বৃহস্পতিবাৰে নিশা ঘৰৰ সমীপৰ শহুৰৰ ঘৰত নিশা কটাবলৈ যায়। 

পুৱা প্ৰায় ৫ বজাত ঝুনকু শ্বেখৰ শাহুৱে টোপনিৰ পৰা উঠাবলৈ বাৰে বাৰে মাতি থকাৰ পিছতো ঘৰৰ পৰা ওলাই নহাত হুৱা-দুৱা লাগে। পিছত শোৱাপাটিতে লোকজনক মৃত অৱস্থাত উদ্ধাৰ কৰে৷ এগৰাকী খিলঞ্জীয়া ইছলামধৰ্মীৰ মৃত্যুক আঁকোৱালি লোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয়৷ 

গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতা-কৰ্মী ঘটনাস্থলীত উপস্থিত হৈ থলুৱা লোকজনৰ ১৯৫৯ চনৰ চৰকাৰী নথি-পত্ৰ থকাৰ পিছতো ডি-ভোটাৰৰ নামত হাৰাশাস্তি কৰাৰ ফলতেই হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক আকোৱালি লোৱা বুলি অভিযোগ উত্থাপন কৰে৷ খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ শ্ল’গানেৰে ৰাজ্যখনৰ বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ চৰকাৰ খনক ডি-ভোটাৰৰ নামত খিলঞ্জীয়া লোকসকলক হাৰাশাস্তি নকৰিবলৈ দাবী জনায় সংগঠনটোৱে।