newsnextone.com | চৰাইদেউঃ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত সেনা আৰক্ষীয়ে শনিবাৰে উগ্ৰপন্থী বিৰোধী অভিযান চলায়। অভিযান কালত সেনা-আৰক্ষীৰ জালত পৰে এগৰাকী এনএছচিএনৰ কেডাৰ। 

জানিব পৰা মতে, বিশেষ খবৰৰ ভিত্তিত সেনা-আৰক্ষীয়ে অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত উগ্ৰপন্থী থিতাপি লৈ থকাৰ খবৰ লাভ কৰে। তাৰ পিছতে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয় কেডাৰ জনক। কেডাৰ জনক জন খাপলাং পন্থীৰ ছাৰ্জেন মেজৰ আখাত কন্যাক বুলি জানিব পৰা যায়। কেডাৰজনৰ পৰা ৩ খন ধন দাবী পত্ৰ আৰু মোবাইল ফোন উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে।