গুৱাহাটীঃ মোডীৰ ডিজেটেল ইণ্ডিয়াৰ দিশে আন এক খোজ অসমৰ৷ ৰাজ্যবাসীক অনলাইন পেমেন্টৰ বিষয়ে আৰু অধিক সক্ৰিয় কৰিবলৈ নতুন পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰে৷

পদক্ষেপৰ আৰম্ভণি হিচাপে আজি  দিছপুৰ সচিবালয়ৰ আলোচনা গৃহত পুৱা ১০ বজাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আবকাৰী বিভাগৰ অনলাইন ব্যৱস্থাৰ উদ্বোধন কৰে। 

এই অনলাইন ব্যৱস্থাৰ জৰিয়তে আবকাৰী বিভাগত 'ই পেমেণ্ট', অনলাইন ৰেজিট্ৰেশ্যনৰ লগতে সকলো আবেদনপত্ৰ অনলাাইনৰ জৰিয়তে লোৱাৰ ব্যৱস্থা কৰা হৈছে।

এতিয়াৰে পৰা আবকাৰী শুল্ক সংগ্ৰহৰ পৰা মাচুল নৱীকৰণলৈকে সকলোতে ই গভৰনেন্স ব্যৱস্থাৰ সহায় ল'ব পাৰিব ৰাইজে৷ এই ব্যৱস্থাৰ বাবে এমট্ৰনৰ লগত কম ব্যয় সাপেক্ষে চুক্তিৰ স্বাক্ষৰ কৰা হৈছে বুলি আবকাৰী বিভাগৰ সূত্ৰই জানিবলৈ দিছে।

একেটা অনুষ্ঠানতে আজি আবকাৰী বিষয়ালৈ ৮২ খন বাহনো প্ৰদান কৰা হয়। অনুষ্ঠানটোত আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু অসম চৰকাৰৰ মুখ্য  সচিব ভি কে পিপাৰছেনিয়ায়ো অংশগ্ৰহণ কৰে।