ডিজিটেল ডেস্কঃ মহিলাই চলাব এটা ৰেল ষ্টেশ্যন। মুম্বাইস্থিত মাটুংগা নামৰ এই ৰেলৱে ষ্টেশ্যনটো কেৱল মহিলা কৰ্মচাৰীৰে সুসজ্জিত কৰি তোলা হ’ব বুলি কেন্দ্ৰীয় ৰেল প্ৰৱন্ধক ডি কে শৰ্মাই সদৰী কৰিছে। 

প্ৰায় ৩০ গৰাকী কৰ্মচাৰী থকা ষ্টেশ্যনটোলৈ ইতিমধ্যে মহিলা কৰ্মচাৰী অইন ঠাইৰপৰা বদলি কৰি অনোৱা হৈছে। টিকট বুকিঙৰপৰা আৰম্ভ কৰি ষ্টেশ্যন মাষ্টাৰলৈকে সকলোৰে দায়িত্বত থাকিব মহিলা। 

জয়পুৰৰ শ্যামপুৰৰ মেট্ৰো ষ্টেশ্যন এনে এটা ষ্টেশ্যন যিটো মহিলাৰদ্বাৰা চলে। এই পৰীক্ষণ সফল হ’লে অইন ভালেকেইটা ষ্টেশ্যনত একেই ফৰ্মূলা প্ৰয়োগ কৰা হ’ব বুলি কেন্দ্ৰীয় ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া এ কে জৈনে জনায়।

আগন্তুক এসপ্তাহৰ ভিতৰতে ষ্টেশ্যনটো মহিলা কৰ্মচাৰীৰ হাতত গতাই দিয়া হ’ব বুলি জৈনে কয়। এনেদৰে মহিলা সশক্তিকৰণৰ পথ বাচি লোৱাত পদক্ষেপক প্ৰশংসা কৰিছে বহুজনে।