ডিজিটেল ডেস্কঃ উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে দেশৰ বিৰোধী দলে৷ গুজৰাটৰ গোপাল কৃষ্ণ গান্ধীয়ে এই পদৰ বাবে প্ৰতিদ্বন্দীতা আগবঢ়াব। 

কংগ্ৰেছ, জেডিইউ, আৰজেডি, টিএমচিকে ধৰি মুঠ ১৮ টা দলৰ নেতা উপস্থিত থকা আজিৰ এই বৈঠকত নেতাগৰাকীৰ নাম ঘোষণা কৰা হয়৷ 

জাতিৰ পিতা মহাত্মা গান্ধীৰ আটাইতকৈ কনিষ্ঠ নাতি গোপাল কৃষ্ণ গান্ধী ২০০৪ চনত পশ্চিমবংগৰ ৰাজ্যপাল হিচাবে কাৰ্যনিবাহ কৰিছিল৷ 

সেইসময়ত পশ্চিমবংগৰ তৃণমুল দল বিশেষকৈ মমতা বেনাৰ্জীক খুবেই প্ৰশংসা কৰিছিল গান্ধীয়ে৷ ১৯৬৮ চনত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰিছিল গান্ধীয়ে৷ 

১৯৮৭-১৯৯২ চনলৈ ৰাষ্ট্ৰপতিৰ যুটীয়া সচিব পদত নিযুক্ত আছিল গান্ধী৷ ইণ্ডিয়ান ইষ্টিটিউট অফ এডভাঞ্চড ষ্টাডিজৰ অধ্যক্ষ হিচাবেও দায়িতত আছিল উপ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী গোপাল কৃষ্ণ৷