লাখ লাখ প্ৰশংসক, শিষ্য আৰু অনুগামীৰ বাবে তেওঁ আছিল কেৱল ‘ওশ্বো’। ভাৰতবৰ্ষত আৰু পিছলৈ সমগ্ৰ বিশ্বতে তেওঁ ‘আচাৰ্য ৰজনীশ’ আৰু ‘ভগৱান শ্ৰী ৰজনীশ’ নামেৰে পৰিচিত হৈ পৰিছিল। 

‘ওশ্বো’ শব্দৰ অৰ্থ হৈছে যিজন ব্যক্তিয়ে নিজকে সাগৰত বিলীন কৰি লৈছে। এই পৃথিৱী এৰি যোৱা প্ৰায় ৩৩ বছৰ হ’ল, কিন্তু আজিও তেওঁ লিখা কিতাপবোৰ বিক্ৰী হৈ আছে, তেওঁৰ ভিডিঅ’ আৰু অডিঅ’বোৰ এতিয়াও সামাজিক মাধ্যমৰ বাবে ভাইৰেল কণ্টেন্ট।

ওশ্বোৰ প্ৰতি মানুহৰ আগ্ৰহৰ কাৰণ আছিল তেওঁৰ স্বকীয় দৰ্শন। কোনো পৰম্পৰা, দাৰ্শনিক মতাদৰ্শ বা ধৰ্মৰ অংশ নাছিল ওশ্বো। ১৯৩১ চনৰ ১১ ডিচেম্বৰত মধ্যপ্ৰদেশত জন্মগ্ৰহণ কৰা ওশ্বোৰ প্ৰকৃত নাম আছিল চন্দ্ৰমোহন জৈন।

বসন্ত যোশীয়ে ওশ্বোৰ জীৱনী 'দ্য লুমিনাছ ৰেবেল লাইফ ষ্টৰী অফ এ মেভেৰিক মিষ্টিক'ত লিখিছে, "ওশ্বো এটি সাধাৰণ শিশুৰ দৰেই ডাঙৰ-দীঘল হৈছিল যদিও তথাপিও তেওঁৰ মাজত কিবা এটা বেলেগ আছিল যিয়ে তেওঁক সাধাৰণ ল'ৰা-ছোৱালীৰ পৰা পৃথক কৰি ৰাখিছিল। সৰুৰে পৰা তেওঁৰ এটা গুণ আছিল। তেওঁ প্ৰশ্ন কৰিছিল আৰু সকলো বিষয়ৰ পুংখানুপুংখ সন্ধান কৰিছিল। তেওঁ আৰম্ভণিৰে পৰাই মানুহৰ প্ৰতি আগ্ৰহী আছিল। মানুহৰ আচৰণৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখাটোৱেই আছিল তেওঁৰ মূল খেল।"

কলেজৰ পৰা বহিষ্কাৰ

১৯৫১ চনত বি এ উত্তীৰ্ণ হৈ যেতিয়া ওশ্বোৱে জবলপুৰৰ হিটকাৰিনি কলেজত নামভৰ্তি লয়, তেতিয়া দৰ্শন বিজ্ঞানৰ এজন অধ্যাপকৰ লগত তেওঁৰ সংঘাত হৈছিল। বক্তৃতাৰ সময়ত তেওঁক প্ৰশ্ন কৰিছিল যাৰ উত্তৰ দি অধ্যাপকজন ভাগৰি পৰিছিল আৰু সময়মতে পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব পৰা নাছিল।

বসন্ত যোশীয়ে লিখিছে, "অৱশেষত যেতিয়া অধ্যাপকে আৰু সহ্য কৰিব নোৱাৰিলে, তেতিয়া তেওঁ অধ্যক্ষক এটা আলটিমেটাম দিয়ে য়ে তেওঁ যদি কলেজত অধ্যাপনা কৰিব লাগে, তেন্তে চন্দ্ৰমোহন জৈনে কলেজ এৰি যাব লাগিব। ইয়াৰ পিছতে অধ্যক্ষই চন্দ্ৰমোহনক মাতি আনি কলেজ এৰি যাবলৈ কয়। অধ্যক্ষৰ কথা শুনি চন্দ্ৰমোহন জৈনে নিজৰ কোনো দোষ নাই বুলি কৈও কলেজ এৰিবলৈ মান্তি হয়। তেওঁ কয় যে তেওঁৰ বাবে এগৰাকী জ্যেষ্ঠ অধ্যাপকে পদ এৰাটো তেওঁ নিবিচাৰে। আন কলেজত নামভৰ্তি কৰোৱাৰ চৰ্তত অৱশেষত চন্দ্ৰমোহনে কলেজ এৰে।"

নিজৰ শিক্ষাকালত ৰজনীশ ইমানেই কুখ্যাত হৈ পৰিছিল যে প্ৰথম অৱস্থাত প্ৰতিখন কলেজে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। পিছলৈ বৰ কষ্টেৰে তেওঁ ডি এন জৈন কলেজত নামভৰ্তি কৰিবলৈ সক্ষম হয়।

যৌৱনকালত মূৰৰ বিষৰ অভিযোগ ৰজনীশে সদায় কৰিছিল। এবাৰ তেওঁৰ মূৰৰ বিষ তীব্ৰ হৈ পৰাত তেওঁৰ খুলশালীয়েক ভাতৃ ক্ৰান্তি আৰু অৰবিন্দই দেউতাকক ফোন কৰিব লগা হয়। অত্যধিক পঢ়া-শুনাৰ বাবে ৰজনীশ মূৰৰ বিষত ভুগিছিল বুলি দেউতাকৰ বিশ্বাস আছিল। দেউতাকে প্ৰায়ে কৈছিল যে মূৰৰ বিষ স্বত্বেও ৰজনীশে কপালত বাম লগাই হলেও পঢ়া-শুনা কৰিছিল।

অধ্যাপকৰ চাকৰি এৰি আধ্যাত্মিক গুৰুলৈ জীৱনৰ পৰিৱৰ্তন

১৯৫৭ চনত ৰায়পুৰৰ সংস্কৃত বিশ্ববিদ্যালয়ত প্ৰবক্তা হৈ ৰাজনীশে কৰ্মজীৱন আৰম্ভ কৰে। ১৯৬০ চনত তেওঁ জবলপুৰ বিশ্ববিদ্যালয়ত দৰ্শন বিজ্ঞানৰ অধ্যাপক হয়। সেই সময়ত তেওঁক এজন মেধাৱী শিক্ষক হিচাপে গণ্য কৰা হৈছিল।এই সময়ছোৱাতে তেওঁ আধ্যাত্মিক নেতা হিচাপে নিজৰ কৰ্মজীৱন আৰম্ভ কৰি সমগ্ৰ ভাৰত ভ্ৰমণ কৰি ৰাজনীতি, ধৰ্ম আৰু যৌনতাৰ ওপৰত বিতৰ্কিত বক্তৃতা দিবলৈ আৰম্ভ কৰে।

কিছুদিনৰ পাছত তেওঁ অধ্যাপক পদৰ পৰা পদত্যাগ কৰি পূৰ্ণাংগ গুৰু হৈ পৰে। ১৯৬৯ চনত তেওঁ মুম্বাইত মুখ্য কাৰ্যালয় স্থাপন কৰে। এবছৰ পূৰ্বে লগ পোৱা মা যোগ লক্ষ্মী তেওঁৰ মুখ্য সহায়িকা হৈ ১৯৮১ চনলৈকে এই পদত থাকে।এই সময়ছোৱাত তেওঁ ক্ৰীষ্টিনা উলফ নামৰ এগৰাকী ইংৰাজ মহিলাক লগ পায়। ৰজনীশে তেওঁক ‘মা যোগ বিবেক’ৰ সন্ন্যাসী নাম দিছিল। ৰজনীশে তেওঁক পূৰ্বৰ জীৱনৰ বন্ধু বুলি গণ্য কৰিছিল। ৰজনীশ যেতিয়া আচাৰ্য ৰজনীশ হৈ পৰে, তেতিয়া মা যোগ বিবেক হৈ পৰে তেওঁৰ ব্যক্তিগত সহায়িকা।

মৌলিক ধাৰণাৰ বাবে খ্যাতি

আৰম্ভণিৰে পৰাই ৰজনীশে যুগ যুগ ধৰি প্ৰচলিত ধৰ্মীয় বিশ্বাস আৰু আচাৰ-ব্যৱহাৰৰ বিৰুদ্ধে মাত মাতিছিল। আধ্যাত্মিক নেতা হিচাপে ওশ্বোৱে বিশ্বাস কৰিছিল যে সংগঠিত ধৰ্ম আধ্যাত্মিক জ্ঞান-প্ৰজ্ঞাৰ পৰিৱৰ্তে মানুহৰ মাজত বিভাজনৰ মাধ্যম হৈ পৰিছে।

তেওঁৰ দৃষ্টিত ধৰ্ম অশুভৰ বলি হৈ নিজৰ সজীৱতা হেৰুৱাই পেলাইছে। ওশ্বোৱে ধৰ্ম আৰু ৰাজনীতিক একেটা মুদ্ৰাৰ দুটা ফাল বুলি গণ্য কৰিছিল যাৰ একমাত্ৰ উদ্দেশ্য হৈছে মানুহক নিয়ন্ত্ৰণ কৰা। তেওঁ পূবৰ দৰ্শন আৰু ফ্ৰয়েডৰ মনোবিশ্লেষণৰ এক আচৰিত সমন্বয় জনতাৰ সন্মুখত উপস্থাপন কৰিছিল আৰু মুকলিকৈ ‘যৌন মুক্তি’ৰ পোষকতা কৰিছিল।

তেওঁৰ জটিল ধাৰণাসমূহ সহজ ভাষাত উপস্থাপন কৰাৰ ক্ষমতাই বিভিন্ন বৃত্তিৰ বহু লোকক তেওঁৰ প্ৰতি আকৰ্ষিত কৰিছিল। তেওঁক প্ৰশংসা কৰি সুপৰিচিত লেখক খুছৱন্ত সিঙে লিখিছিল, "ওশ্বো ভাৰতত জন্মগ্ৰহণ কৰা আটাইতকৈ মৌলিক চিন্তাবিদসকলৰ ভিতৰত অন্যতম। ইয়াৰ বাহিৰেও তেওঁ আছিল আটাইতকৈ চিন্তাশীল, বৈজ্ঞানিক আৰু উদ্ভাৱনীমূলক ব্যক্তি।"

আমেৰিকাৰ লেখক টম ৰবিন্সে ওশ্বোৰ প্ৰশংসা কৰি লিখিছিল,“ওশ্বোৰ কিতাপ পঢ়িলে অনুভৱ হয় যে তেওঁ বিংশ শতিকাৰ আটাইতকৈ ডাঙৰ আধ্যাত্মিক গুৰু।"

কাঠৰ ৰোজাৰী আৰু লকেটত ওশ্বোৰ প্ৰতিকৃতি

বহু বছৰ ধৰি ওশ্বোৰ সচিব হিচাপে থকা মা আনন্দ শীলা অতি কম বয়সতে তেওঁৰ সংস্পৰ্শলৈ আহিছিল। প্ৰতিগৰাকী নাৰীক মাতৃত্বৰ প্ৰতীক বুলি গণ্য কৰাৰ বাবেই ওশ্বোয়ে তেওঁৰ প্ৰতিগৰাকী মহিলা অনুগামীক ‘মাতৃ’ বুলি নাম দিছিল। তেওঁ প্ৰতিজন পুৰুষ অনুগামীক ‘স্বামী’ বুলি সম্বোধন কৰিছিল যাতে তেওঁ সদায় মনত ৰাখে যে তেওঁ নিজকে নিয়ন্ত্ৰণ কৰিব লাগিব।

'ডন'ট কিল হিম', দ্য ষ্ট'ৰী অৱ মাই লাইফ উইথ ভগৱান ৰজনীশ'ত শীলাই লিখিছে, "মই যেতিয়া তেওঁৰ কোঠাত প্ৰৱেশ কৰিলো, ভগৱানে মোক চাই হাঁহি এটা মাৰি বাহু দুটা আগবঢ়াই দিলে। তেওঁ মোক বুকুত সাৱটি ধৰিলে আৰু মোক বহুত গভীৰভাৱে সাবতি ধৰিলে। তেওঁ মোৰ হাতখন আলফুলে ধৰিলে। মই মূৰটো তেওঁৰ কোলাত থলো। কিছু সময়ৰ পাছত যেতিয়া মই মনে মনে উঠি যাবলৈ ধৰিলোঁ, তেতিয়া তেওঁ মোক আকৌ মাতিলে।তেওঁ ক'লে, শীলা, তুমি কাইলৈ ২.৩০ বজাত মোক লগ কৰিবলৈ আহিবা। এই কথা কৈ তেওঁ মোৰ মূৰত হাত বুলায়।"

ওশ্বোৱে তেওঁৰ প্ৰতিজন শিষ্যক কাঠৰ ৰোজাৰী দিছিল য’ত এটা লকেট আছিল আৰু তাৰ দুয়োফালে ওশ্বোৰ ছবি সংলগ্ন আছিল। প্ৰতিজন সন্ন্যাসীয়ে সেই লকেটটো সকলো সময়তে পিন্ধিব বুলি আশা কৰা হৈছিল। লগতে তেওঁ প্ৰতিজন সন্ন্যাসীক নতুন নাম দিছিল যাতে তেওঁলোকে অতীতৰ পৰা নিজকে পৃথক কৰিব পাৰে। তেওঁ বিচাৰিছিল যে তেওঁৰ শিষ্যসকলে কমলা বা ৰঙা ৰঙৰ কাপোৰ পিন্ধক। সেই কাপোৰবোৰ ঢিলা হোৱাটো গুৰুত্বপূৰ্ণ আছিল যাতে ‘শৰীৰত শক্তি সহজে চলাচল কৰিব পাৰে’।

বিতৰ্কিত বিষয়ৰ ওপৰত ভাষণ

ওশ্বোৱে হিন্দী বা ইংৰাজী ভাষাত ভাষণ দিছিল। অনুগামীসকলক ভাষণৰ সময়ত চকু মুদি ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছিল। বিতৰ্কিত বিষয়ত মত প্ৰকাশৰ বাবে ওশ্বো বিখ্যাত আছিল।

ভিন মেককৰ্মাকে তেওঁৰ 'দ্য ৰজনীশ ক্ৰনিকল' নামৰ গ্ৰন্থখনত লিখিছে, "তেওঁৰ মতামত ইমানেই বিতৰ্কিত আছিল যে ভাৰতীয় সংসদত এইবোৰ নিষিদ্ধ কৰাৰ বিষয়ে কেইবাবাৰো আলোচনা হৈছিল। বিভিন্ন মানুহক আকৰ্ষণ কৰিবলৈ ওশ্বোৱে বহুতো ভিন্ন প্ৰজেক্ট বাছনি কৰিবলৈ ব্যৱহাৰ কৰিছিল। তেওঁৰ ভাষণ শুনিবলৈ সকলো বয়সৰ, ধৰ্ম আৰু জাতিৰ মানুহ গোট খাইছিল। তেওঁৰ সংস্পৰ্শলৈ অহা যিকোনো ব্যক্তি হয় তেওঁৰ শিষ্য বা বিৰোধী হৈ পৰিছিল। কিন্তু কোনোজন উদাসীন হৈ থাকিব পৰা নাছিল।"

১৯৭২ চনৰ ভিতৰত ভাৰতলৈ অহা বিদেশী পৰ্যটকসকল ওশ্বোৰ প্ৰতি আকৰ্ষিত হৈছিল। তেওঁৰ সচিব লক্ষ্মীয়ে তেওঁক লগ পোৱা মানুহবোৰক অতি সাৱধানে বাছি লৈছিল। প্ৰথমে তেওঁলোকক ‘গতিশীল ধ্যান’ত অংশগ্ৰহণ কৰিবলৈ কোৱা হৈছিল আৰু তাৰ পিছত তেওঁলোকক ওশ্বোক লগ কৰিবলৈ দিয়া হৈছিল। প্ৰথম অৱস্থাত তেওঁ প্ৰতিদিনে ৰাতিপুৱা ৬ বজাত চৌপাটীৰ বিলত ভাষণ দিছিল।

ৰাতি কোনোবা হল বা নিজৰ ঘৰত অনুগামীসকলক সম্বোধন কৰিছিল। কেতিয়াবা তেওঁৰ শ্ৰোতাৰ সংখ্যা ১০০ৰ পৰা ১২০ৰ ভিতৰত আছিল আৰু কেতিয়াবা ৫০০০ৰ পৰা ৮০০০ৰ ভিতৰত বৃদ্ধি পাইছিল।

পুনেত নিৰ্মাণ ৰজনীশ আশ্ৰম

কিছুদিনৰ পাছত ওশ্বোৰ মুম্বাইৰ জীৱন কঠিন হ’বলৈ ধৰে। মুম্বাইৰ ধাৰাসাৰ বৰষুণৰ বাবে তেওঁৰ এলাৰ্জী আৰু হাঁপানী ৰোগ দিনক দিনে বাঢ়িবলৈ ধৰে। আনকি তেওঁৰ বিদেশী অনুগামীসকলো মুম্বাইৰ বাৰিষাৰ বৰষুণৰ লগত অভ্যস্ত নাছিল। বিভিন্ন ধৰণৰ ৰোগে তেওঁক আক্ৰান্ত কৰিবলৈ ধৰাত তেওঁ নিজৰ সচিবক মুম্বাইৰ আশে পাশে নতুন স্থানৰ সন্ধান কৰিবলৈ কয়। ইয়াৰ পিছতে বহু বিবেচনাৰ অন্তত সিদ্ধান্ত হয় যে তেওঁ পুনেত নিজৰ আশ্ৰম নিৰ্মাণ কৰিব। মুম্বাইতকৈ পুনেৰ বতৰ আৰু জলবায়ু ভাল আছিল। আশ্ৰমৰ বাবে তেওঁ কোৰেগাঁও বাছি লৈছিল।

আনন্দ শীলাই লিখিছে, "পুনে পোৱাৰ পিছত ওশ্বোৱে মানুহবোৰৰ পৰা বিচ্ছিন্ন হ'বলৈ ধৰিলে। প্ৰথম অৱস্থাত তেওঁ আশ্ৰমৰ ভিতৰত মানুহ লগ পাইছিল। পিছলৈ মানুহক লগ পোৱাটো বৰ কঠিন হৈ পৰিছিল। তেওঁ নিজকে কেৱল শক্তিশালী আৰু বিশ্বাসযোগ্য মানুহেৰে আৱৰি ৰাখিব বিচাৰিছিল। আচলতে তেওঁ অনুগামী নহয়, শ্ৰমিক বিচাৰিছিল।তেওঁ বেছিভাগ ভাৰতীয়কে আওকাণ কৰিবলৈ ধৰিলে।যেতিয়া তেওঁ উপলব্ধি কৰিবলৈ ধৰিলে যে তেওঁৰ আশ্ৰমলৈ বহুত মানুহ আহিছে কেৱল কৌতূহলৰ বাবে, তেতিয়া তেওঁ আশ্ৰমৰ প্ৰৱেশ মাচুল বৃদ্ধি কৰে। কেৱল এয়াই নহয়, তেওঁ ভাৰতীয় অনুগামীসকলক নিৰুৎসাহিত কৰিবলৈ ইংৰাজী ভাষাত ভাষণ দিবলৈ আৰম্ভ কৰিছিল।"

যৌনতাৰ সৈতে জড়িত নৈতিক বিষয়বোৰক আওকাণ 

তেওঁ সদায় চকী এখনত বহিছিল আৰু তেওঁৰ শিষ্যসকল সদায় মজিয়াত বহিছিল। অলপ পিছতে তেওঁ পুনেত নিজকে প্ৰতিষ্ঠা কৰিলে আৰু প্ৰতিদিনে প্ৰায় ৫০০০ মানুহ তেওঁৰ কথা শুনিবলৈ আহিবলৈ ধৰিলে।

পুনেৰ ৰাজনীশ আশ্ৰমৰ বাবেই পৰ্যটন বৃদ্ধি পাবলৈ ধৰিলে। পুনেক বিশ্বৰ মানচিত্ৰত স্থান দিয়াতো আশ্ৰমে ডাঙৰ ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰিও পুনেৰ অৰ্থনীতিক স্থিতিশীলতা প্ৰদান কৰাৰ লগতে চহৰখনলৈ ধন-সম্পত্তি আৰু ৰং কঢ়িয়াই আনিছিল।

ওশ্বোৰ আশ্ৰমত বিভিন্ন ধৰণৰ থেৰাপী দিবলৈ ধৰে আৰু পানীৰ দৰে টকাৰ সোঁত ববলৈ লয়। এই থেৰাপীবোৰৰ ভিতৰত ছেক্স থেৰাপীয়ে আটাইতকৈ বেছি গুৰুত্ব লাভ কৰিবলৈ আৰম্ভ কৰে। এইবোৰত কোনো ধৰণৰ পক্ষপাতিত্ব নোহোৱাকৈ যৌনতাক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। যৌনতাৰ সৈতে জড়িত নৈতিক বিষয় আৰু নিষেধাজ্ঞাসমূহ একাষৰীয়া কৰি ৰখা হৈছিল।

আনন্দ শীলাই লিখিছে, "ভগৱানে বিচাৰিছিল যে আমি কোনো ঈৰ্ষা বা দখলবোধ নোহোৱাকৈ কাম কৰো। ভাৰতীয় মানুহক এই থেৰাপীবোৰত অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিল। এই থেৰাপীবোৰত যে ওশ্বোৱে ভাৰতীয় মানুহক সহায় কৰিছিল, সেই কথা সকলোৱে বুজি পোৱা নাছিল। তেওঁক কিয় অংশগ্ৰহণ কৰাত বাধা দিয়া হৈছিল? এই বিষয়ে বহুতে প্ৰশ্ন কৰিছিল। তেওঁৰ যুক্তি আছিল যে পশ্চিমৰ মানুহবোৰ নিপীড়িত পৃথিৱীৰ পৰা আহিছে। তেওঁলোকৰ জীৱনশৈলী আৰু মানসিকতা ভাৰতীয় জনসাধাৰণৰ পৰা সম্পূৰ্ণ পৃথক। তেওঁলোকক সক্ৰিয় চিকিৎসাৰ প্ৰয়োজন। কিন্তু ভাৰতীয় জনসাধাৰণৰ বাবে নিষ্ক্ৰিয় আৰু নিস্তব্ধ ধ্যান যথেষ্ট।"

আশ্ৰমৰ মহিলাসকলৰ সৈতে যৌন স্বাধীনতা

ওশ্বোৱে সদায় নিজৰ আশ্ৰমত যৌন সংগী সলনি কৰিবলৈ উৎসাহিত কৰিছিল। ওশ্বোৰ শিষ্য টিম গেষ্টে তেওঁৰ 'মাই লাইফ ইন অৰেঞ্জ, গ্ৰয়িং আপ উইথ দ্য গুৰু' নামৰ গ্ৰন্থখনত লিখিছে, "বহু ভাৰতীয়ই তেওঁৰ 'সম্ভোগ ছে সমাধি' গ্ৰন্থখন পৰ্ণগ্ৰাফিক কিতাপ বুলি গণ্য কৰে। ইয়াৰ ফলত তেওঁলোকৰ ধৰ্মীয় আৱেগক আঘাত পায় বুলি দাবী কৰা হয়। এই গ্ৰন্থখন লিখি তেওঁ যৌনতাক দমন কৰাৰ কথা চিন্তা কৰা সন্ত আৰু ঋষিৰ শত্ৰু হৈ পৰিছিল। তেওঁৰ মতামত মুকলিকৈ প্ৰকাশ কৰাৰ পোষকতাক যৌন সংগী সলনি কৰাৰ বাবে উৎসাহ হিচাপে দেখা গৈছিল আৰু আশ্ৰমৰ মহিলাসকলৰ ওপৰত যৌন উতপীড়ন চলোৱাৰো অভিযোগ উত্থাপন হয়।"

কম সময়ৰ ভিতৰতে পুনেৰ ৰজনীশ আশ্ৰমৰ মুঠ মাটিকালি ২৫ হাজাৰ বৰ্গমিটাৰলৈ বৃদ্ধি পায়। তাত এটা মেডিকেল চেণ্টাৰ নিৰ্মাণ কৰা হৈছিল য’ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অনা ডাক্তৰ আৰু নাৰ্ছ ৰখা হৈছিল। আশ্ৰমৰ বাসিন্দা আৰু পূৰ্ণকালীন কৰ্মীক চিকিৎসা সেৱা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছিল।

আনন্দ শীলাই লিখিছে, "ওশ্বোৱে সেই সংকীৰ্ণ স্থানত নৱজাতক ৰখাটো নিবিচাৰিছিল, সেয়েহে সন্ন্যাসীসকলক গৰ্ভৱতী হোৱাৰ পৰা নিৰুৎসাহিত কৰা হৈছিল। ওশ্বোৱে আশ্ৰমৰ বহু বিষয়াক গৰ্ভনিৰোধক অস্ত্ৰোপচাৰ কৰিবলৈ কৈছিল। আশ্ৰমৰ ভিতৰত প্ৰসৱ নিষিদ্ধ আছিল, গৰ্ভৱতী মহিলাও আশ্ৰমৰ ভিতৰত থাকিব নোৱাৰিছিল।"

ওশ্বোৱে প্ৰায়ে ‘যৌন অৱসাদ’ৰ পৰা মুক্তিৰ কথা কৈছিল, সেয়েহে সন্ন্যাসীসকলে মুকলি যৌন জীৱন যাপন কৰিছিল, আৰু ইয়াৰ পৰিণামস্বৰূপে আশ্ৰমত সংক্ৰামক যৌন ৰোগ বৃদ্ধি পাবলৈ ধৰে। একাংশ সন্ন্যাসীয়ে এমাহত প্ৰায় ৯০ বাৰ যৌন সম্পৰ্ক কৰা দেখা গৈছিল।

আনন্দ শীলাই লিখিছে, "মই আগতে ভাবিছিলোঁ যে ইমান ব্যস্ত দিনৰ পিছতো সন্ন্যাসীসকলে কেনেকৈ যৌনতাৰ বাবে সময় পায়।"

পাৰফিউম আৰু আতৰৰ পৰা এলাৰ্জী

ইফালে ওশ্বোৰ বেমাৰ বাঢ়িবলৈ ধৰে। তেওঁৰ এলাৰ্জী, হাঁপানী আৰু কঁকালৰ বিষ অধিক বৃদ্ধি পায়। যেতিয়া তেওঁৰ ডায়েবেটিছ বাঢ়িল, তেতিয়া তেওঁ নিজৰ বাসগৃহ এৰি ভাষণ দিয়া বন্ধ কৰি দিয়ে। দৃষ্টি শক্তি দুৰ্বল হৈ পৰে আৰু কিতাপ পঢ়াৰ পিছত তেওঁ পুনৰ মূৰৰ বিষত ভুগিবলৈ আৰম্ভ কৰে।

আনন্দ শীলাই লিখিছে, "তেওঁৰ সুগন্ধিৰ প্ৰতি অতি এলাৰ্জী আছিল। আমি বহু প্ৰচেষ্টা চলাব লগা হৈছিল যাতে পাৰফিউম লগোৱা মানুহ তেওঁৰ ওচৰলৈ নাহে। ৰাতিপুৱা আৰু গধূলি ভাষণৰ আগতে প্ৰতিজন শ্ৰোতাৰ শৰীৰ শুঙি চাবলগীয়া হৈছিল যে তেওঁ কোনো পাৰফিউম ব্যৱহাৰ কৰিছে নেকি? এয়া এক অদ্ভূত কাৰ্য আছিল, কিন্তু ওশ্বোক এলাৰ্জীৰ পৰা ৰক্ষা কৰিবলৈ ইয়াৰ প্ৰয়োজন আছিল।"

১৭ দিন আমেৰিকাৰ কাৰাগাৰত

এসময়ত পুনেৰ প্ৰতিও বিৰাগ জন্মিবলৈ আৰম্ভ কৰে ওশ্বোৰ। তেওঁ আমেৰিকাৰ অৰেগনত এখন আশ্ৰম নিৰ্মাণৰ পৰিকল্পনা কৰিছিল য’ত হাজাৰ হাজাৰ লোকে একেলগে থাকিব পাৰিব। ১৯৮১ চনৰ ৩১ মে’ত তেওঁ মুম্বাইৰ পৰা নতুন আশ্ৰমলৈ ৰাওনা হয়।

বিমানখনৰ সকলো প্ৰথম শ্ৰেণীৰ আসন তেওঁৰ আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ বাবে বুকিং কৰা হৈছিল। তেওঁৰ লগতে তেওঁৰ আশ্ৰমবাসীৰ আঢ়ৈ হাজাৰ লোকো আমেৰিকালৈ গুচি যায়। ইয়াৰ ভিতৰত বিখ্যাত চলচ্চিত্ৰ অভিনেতা বিনোদ খান্নাও আছিল। ইফালে ওশ্বোৱে ৯৩খন ৰ’লছ ৰয়েচ গাড়ী ক্ৰয় কৰে যদিও ইয়াৰ পৰাই যেন আৰম্ভ হয় তেওঁ বেয়া দিন। সমান্তৰালভাৱে তেওঁৰ আমেৰিকাৰ সপোনটোও তাচপাতৰ ঘৰৰ দৰে খহিবলৈ আৰম্ভ কৰে।

প্ৰব্ৰজনৰ নিয়ম উলংঘা কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল। যাৰ বাবে ১৭ দিন আমেৰিকাৰ জেলত থাকিবলগীয়া হৈছিল ওশ্বো। জেলৰ পৰা মুক্তি পোৱাৰ পিছত তেওঁ আমেৰিকা এৰি যাবলৈ সন্মত হৈছিল। ইয়াৰ পিছত তেওঁ বহু দেশত আশ্ৰয় ল’বলৈ চেষ্টা কৰিছিল যদিও ইখনৰ পিছত সিখনকৈ বহু দেশে তেওঁক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। যাৰ বাবে শেষত তেওঁ নিজৰ দেশ ভাৰতলৈ উভতি আহিবলৈ বাধ্য হয়।

১৯৯০ চনৰ ১৯ জানুৱাৰীত তেওঁ মাত্ৰ ৫৮ বছৰ বয়সতে এই পৃথিৱীৰ পৰা বিদায় লয়। পুনেৰ তেওঁৰ বাসগৃহ 'লাও জু হাউছ'ত তেওঁৰ সমাধিস্থল নিৰ্মাণ কৰা হৈছিল, যাৰ সমাধি শিলত লিখা আছিল, "কেতিয়াও জন্ম নোহোৱা ওশ্বোৰ কেতিয়াও মৃত্যু হোৱা নাছিল। ১৯৩১ চনৰ ১১ ডিচেম্বৰৰ পৰা ১৯৯০ চনৰ ১৯ জানুৱাৰীৰ ভিতৰত তেওঁ এই পৃথিৱী ভ্ৰমণ কৰিছিল।"