প্ৰতীক ফটো
প্ৰতীক ফটো

বোকাজানঃ  প্ৰতিটো কথাতে খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি,মাটি, ভোটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ লাখ লাখ নিবনুৱাৰ স্বাৰ্থৰ প্ৰতি পিঠি দি বন বিভাগৰ কেইবা শ পদত অসমৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ ওলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।

এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে, "পৰিবৰ্তনকামী জনগণৰ ভোটেৰে নিৰ্বাচিত এই চৰকাৰখনে বিগত ২০১৬ চনৰ ২২ ডিচেম্বৰত ৫২৫ টা বনৰক্ষী, ৮৪ টা বন সংৰক্ষক পৰ্যায়ৰ কাৰ্যালয় সহায়ক, ৬৭ টা সঞ্চালক পৰ্যায়ৰ কাৰ্যালয় সহায়কৰ লগতে অন্যান্য ডেৰ শতাধিক পদত চৰ্তহীন আবেদন বিচাৰি বিজ্ঞাপন দিছিল, যত সদ্যহতে হাজাৰ হাজাৰ বহিৰাগতই অনলাইনযোগে আবেদন কৰিছে আৰু এটি অসমবিৰোধী চক্ৰই ইতিমধ্যে পৰকল্পিতভাবে অসমৰ নিবনুৱাক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷ ইয়াক কোনোপধ্যে মানি লোৱা নহব৷"

নেতাদ্বয়ে পুনৰ কয়, "অসমত বন বিভাগত কোনোকালে এনেদৰে বহিৰাগতক নিযুক্তি দিয়াৰ নজিৰ নাই৷ যিসময়ত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লোৱাৰ ফলত কৰ্মহীন হৈ লাখ লাখ নিবনুৱা অতি নিম্নহাৰৰ দৰমহাৰ বিনিময়ত ছিকিউৰিটি গাৰ্ড পদত কোম্পানীত কাম কৰি আছে তেনে সময়তে অসমৰ জনতাৰ দ্বাৰা নিৰ্বাচিত জাতি, মাটি, ভেটি ৰক্ষাৰ প্ৰতিশ্ৰতিৰে ক্ষমতালৈ অহা চৰকাৰ এখনে এনেদৰে বহিৰাগত আমদানিৰ ষড়যন্ত্ৰত লিপ্ত হোৱাটো দুৰ্ভাগ্যজনক৷"

পৰিষদে অসমৰ সকলো কেন্দ্ৰীয় আৰু অৰ্ধকেন্দ্ৰীয় চৰকাৰী বিভাগৰ তৃতীয় আৰু চতুৰ্থ বিভাগৰ পদত এশ শতাংশ থলুৱাৰ নিযুক্তি নিশ্চিত কৰাৰ দাবীত আন্দোলন কৰি অহাৰ সময়তে পুনৰ ৰাজ্য চৰকাৰে এনে নিয়োগ নীতি গ্ৰহন কৰিলে পৰিস্থিতি ভয়াবহ হব বুলি সকীয়াই দিয়ে৷

লগতে অসম চৰকাৰৰ এনে হঠকাৰী থলুৱা বিৰোধী নিয়োগ নীতিৰ বিৰুদ্ধে অনাগত দিনত অসমৰ ৰাইজক প্ৰতিৰোধী সংগ্ৰামৰ বাবে সাজু থাকিবলৈ আহ্বান জনায়৷ উল্লেখ্য যে আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক সঞ্জীৱ বৰাৰ নেতৃত্বত এটি সঁজাতি দলে মুখ্য বন সংৰক্ষকক সাক্ষাৎ কৰি এনে ষড়যন্ত্ৰ বন্ধ কৰিবলৈ দাবী জনোৱাৰ লগতে এজনো বহিৰাগতক এই পদত নিযুক্তি দিলে পৰিণাম ভুগিব লাগিব বুলি সকীয়াই দিয়ে ৷ মুখ্য বন সংৰক্ষকে পৰিষদৰ দাবী মানি লোৱা হব বুলি সঁজাতি দলটোক প্ৰতিশ্ৰুতি প্ৰদান কৰে।