anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ মাজতে ভাৰত চৰকাৰৰ মন্ত্ৰীয়ে পাকিস্তানৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ভাৰত চৰকাৰৰ গৃহ ৰাজ্য মন্ত্ৰী হংসৰাজ আহিৰে পাকিস্তানৰ জনগণে হাফিজ ছঈদৰ বিৰুদ্ধে ভোটদান কৰা বুলি কয়। পাকিস্তানৰ নাগৰিকে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভোটদান প্ৰদান কৰিছে বুলিও কৈ ভাৰচ চৰকাৰে প্ৰথম পাকিস্তান নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

গৃহ ৰাজ্য মন্ত্ৰী হংসৰাজ আহিৰে সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়তে সংসদ ভৱনৰ চৌহদত সাংবাদিকক কয় যে পাকিস্তানৰ ৰাইজে হাফিজ ছঈদৰ বিৰুদ্ধে আৰু সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভোটদান কৰিছে। এই খন চৰকাৰে আমাৰ সৈতে ভাল সম্পৰ্ক বৰ্তাই চলিব বুলি আশাবাদী।