newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ ভোটদান সন্ধিয়া ৬ বজাত সমাপ্ত হয়। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ পিছতে প্ৰায় ১ ঘণ্টা পলমকৈ ভোটগণনা আৰম্ভ হয়। শেহতীয়া খবৰ মতে, পিটিআইৰ মুৰব্বী এনএ-৯৫ মিৰানৱালীত আগবাঢ়ি আছে। আনহাতে পিটিআইৰ আন এজন নেতা গোলাম চাৰৱাৰ, মহম্মদ চাফিক, আমিৰ মোকাম আগবাঢ়ি আছে। পাকিস্তানৰ মিডিয়াৰ খবৰ মতে পিটিআয়ে দেশৰ বিভিন্ন প্ৰান্তত প্ৰথম ৰাউণ্ডত আগবাঢ়িছে।  

বুধবাৰে পুৱাৰে পৰা ভোটাৰে ঘৰৰ পৰা ওলাই আহি ভোট দিবৰ বাবে লাইনত থিয় দিয়া পৰিলক্ষিত হৈছিল। ভোটদান পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হৈছে আৰু সন্ধিয়া ৬ বজাত ভোটদান সমাপ্ত হয়। ইয়াৰ সাধাৰণ নিৰ্বাচনৰ লগতে চাৰিখন ৰাজ্যৰো ভোটদান অনুষ্ঠিত হৈছে। বলুচিস্তান, সিন্ধে, আৰু খৈবৰ পখতুনখাকে ধৰি চাৰিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হৈছে। চাৰি ৰাজ্যত ১০ কোটি মানুহে ভোটাৰে ভোটদান কৰিব। 

পাকিস্তান নেচনেল এচেম্বলিৰ মুঠ ৩৪২ খন আসন আৰু ইয়াৰে ২৭২ খন আসনত নিৰ্বাচন অনুষ্ঠিত হয়। ২৭২ খন আসনৰ ভিতৰত ৬০ খন মহিলাৰ বাবে সংৰক্ষিত আৰু ১০ খন সংখ্যালঘূৰ বাবে সংৰক্ষিত।নেচনেল এচেম্বলিৰ নিৰ্বাচনত ১৭১ গৰাকী মহিলাই প্ৰতিদ্বন্দ্বিতা কৰিছে।

১১০ ৰাজনৈতিক দলে ৩,৬৭৫ প্ৰাৰ্থী থিয় কৰাইছে নিৰ্বাচনত। ইয়াৰ পূৰ্বে ২০১৩ চনত এনেদৰে নিৰ্বাচন অনুষ্ঠিত কৰিছিল আৰু সুস্থ চৰকাৰ গঠন হৈছিল। বাৰে বাৰে পাকিস্তানত ক্ষমতাৰ অপব্যৱহাৰ কৰি শাসনৰ গাদী দখল কৰা হৈছিল। ৬ বজাত ভোটদান সমাপ্ত হোৱাৰ লগে লগেই ভোট গণনা আৰম্ভ হয়।