ডিজিটেল ডেস্কঃ যিমানেই ভাৰত-পাকিস্তান শত্ৰুতাক স্বাৰ্থান্বেষী লোকে সাৰ-পানী যোগাই নাথাকক কিয়, প্ৰেমে কিন্তু দেশৰ পৰিধি নামানে। সেয়ে হয়তো উজমা নামৰ ভাৰতীয় মহিলাক বিয়া পতা পাকিস্তানী নাগৰিক তাহীৰ আলিয়ে ভুল বুজা-বুজি দুৰ কৰিবৰ বাবে লগ কৰিব বিচাৰিছে পত্নীক।

ইছলামাবাদস্থিত ভাৰতীয় হাই কমিশ্যনত সম্প্ৰতি আশ্ৰয় লৈ থকা বিতুষ্ট পত্নীগৰাকীক লগ কৰি সকলো মান-অভিমান দুৰ কৰাৰ বাবে আদালতৰ কাষ চাপিছে তাহীৰ। 

আইনৰ মেৰপেছত সোমাই পৰা এই দম্পত্তিহালক লৈ শেহতীয়াকৈ সংবাদ মাধ্যমত বাতৰি ওলাইছিল যে উজমাক পাকিস্তানলৈ নি মুৰত বন্দুক থৈ বিয়া পাতিছিল তাহীৰে। সেয়ে তাহীৰক এৰি হাই কমিশ্যনত আশ্ৰয় লৈছিল উজমাই।

কিন্তু এই সকলোবোৰ ভূল বুজা-বুজি বুলি কোৱা তাহীৰে পত্নীক লগ পাবৰ বাবে আয়োগক কাষ চাপিছিল যদিও আয়োগে অনুমতি দিয়া নাছিল। সেয়ে উপায়ন্তৰ হৈ তাহীৰে উচ্চ ন্যায়ালয়ত আপিল কৰিবলৈ বাধ্য হয়।

উল্লেখ্য যে দিল্লীৰ উজমাই তাহীৰক মালেয়াছিয়াত লগ পাইছিল। তাতে প্ৰেমত পৰা দুয়োজনে ১ মেত পাকিস্তান গৈ ৩ মেত বিয়া পাতে। তাৰ পিছতে উজমাই উক্ত অভিযোগ উত্থাপন কৰি কয় যে তাহীৰ ইতিমধ্যেই বিবাহিত আৰু চাৰিটা ল’ৰা-ছোৱালীৰ বাপেক।