ডিজিটেল ডেস্কঃ একেটা মাহতে চতুৰ্থবাৰৰ বাবে যুদ্ধবিৰতি ভংগ কৰা পাকিস্তানৰ প্ৰতি ক্ষুণ্ণ হৈ পৰিছে ভাৰত। আজি পুৱাৰ ভাগত ৰাজৌৰি জিলাৰ সীমান্তৱৰ্তী এলেকাত পাক সেনাৰ আক্ৰমণৰ ফলত যুদ্ধসদৃশ পৰিস্থিতিৰ উদ্ভৱ হয়। 

মৰ্টাৰ শ্বেলেৰে কৰা আক্ৰমণৰ ফলত ১ হাজাৰৰো অধিক ভাৰতীয় লোকক সীমান্তৱৰ্তী স্থানৰপৰা নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাবলগীয়া হয়। স্থানান্তৰণৰ পিছতেই ভাৰতীয় সেনাই পাক আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে। 

শনিবাৰে পাক সেনাই এলওচিৰ নাওশ্বেৰা অঞ্চলত মৰ্টাৰেৰে কৰা আক্ৰমণত দুজনকৈ নাগৰিক নিহত হৈছিল। উক্ত আক্ৰমণত ৩ জন লোক আহত হৈছিল। 

এতিয়া পুৱাৰ ভাগৰ পৰা পাক সেনাই ৮২ এমএম আৰু ১২০ এমএম মৰ্টাৰেৰে ৰাজৌৰিৰ এলওচিৰপৰা নিৰ্বিচাৰে আক্ৰমণ চলোৱা বুলি প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ এজনে জনাইছে। 

ৰাজৌৰি জিলাৰ উপায়ুক্ত ছাহিদ ইকবাল ছৌদগাৰীয়ে জনোৱামতে জিলাখনৰ ছিংগুৰ এলেকাৰ ছিটকিবাৰীত হোৱা এই আক্ৰমণত ৭ খনৰো অধিক গাঁও ক্ষতিগ্ৰস্ত হৈছে।