ডিজিটেল ডেস্কঃ ভাৰত আৰু পাকিস্তানৰ মাজত সদায় এক তিক্ততা পূৰ্ণ সম্পৰ্ক হে দেখা যায়৷ বহু কম বিষয় আছে য’ত ভাৰত আৰু পাকিস্তান এক মতত মিলিত হয়৷ ক্ৰিকেটত বছৰ বছৰ ধৰি সম্পৰ্ক ভাল নহয়৷ আনহাতে সীমাৰ সমস্যাক লৈ ভাৰত আৰু পাকিস্তানৰ মাজৰ সম্পৰ্ক কেনেকুৱা সেই কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই৷

কিন্তু এটা বিষয়ত ভাৰত আৰু পাকিস্তানৰ কিছু মিল দেখা যায় সেইটো হ’ল বলিউডৰ জগত খন৷ বলিউডৰ জগতত পাকিস্তানৰ শিল্পীয়ে অভিনয় আৰু গানৰ সৈতে সদায় জৰিত হৈ আছে৷

যাৰ ফলত শ্ৰীদেৱীৰ মৃত্যুত ভাৰত যেনেকৈ ম্ৰিয়মান তেনেকৈ ম্ৰিয়মান পাকিস্তান৷ পাকিস্তানৰ এটি অদ্ভুত শ্লোক আছে সেই কথা বহু লোকে জানে। ‘‘মাধুৰি দে’ দৌ কাশ্মীৰ লে লৌ’’ বুলিও কয় বহু পাকিস্তানৰ লোকে৷

ইয়াৰ দ্বাৰা প্ৰমাণ পোৱা যায় বলিউডৰ অভিনেতা অভিনেত্ৰী সকল পাকিস্তানত কিমান জনপ্ৰিয়৷ পাকিস্তানত বলিউডৰ অভিনেতা-অভিনেত্ৰীৰ ফেনৰ অভাৱ নাই৷ যাৰ বাবে শ্ৰীদেৱীৰ মৃত্যুত ভাৰতৰ নাগৰিকৰ দৰেই ম্ৰিয়মান পাকিস্তানৰ নাগৰিক৷

পাকিস্তানৰ প্ৰতিটো নিউজ চেনেল, প্ৰতিটো ৱেব ছাইট শ্ৰীদেৱীৰ ফটো ভৰি পৰিছে৷ একাংশ মিডিয়াই ভাৰতৰ প্ৰথম চুপাৰষ্টাৰ আৰু নাই বুলি কয়৷ পাকিস্তানৰ অভিনেতাই টুইট কৰি শ্ৰীদেৱীক শ্ৰদ্ধাঞ্জলি যাঁচে৷ সকলোৱে শ্ৰীদেৱীক স্মৰণ কৰে৷