ডিজিটেল ডেস্কঃ গণতান্ত্ৰিক ব্যৱস্থাত ন্যায় পাবৰ বাবে আদালতৰ চিৰি বগাই বগাই ভাগৰি পৰিব লগীয়া হোৱাৰ নজীৰ অনেক। জেচ্চিকাৰ বাবে পাব লগা ন্যায়েই হওক বা, আজমল কাচবৰ ফাঁচিয়েই হওক, কাণ টানিলে নাকটোও অহাৰ দৰে ন্যায়ৰ কথা আহিলেই চকুৰ আগত ভাঁহি উঠে বিলম্বনৰ হাজাৰখন ছবি। কিন্তু শেহতীয়াকৈ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ সন্ত্ৰাসবিৰোধী আদালত এখনে এইক্ষেত্ৰত এক ব্যতিক্ৰমী ৰায়দানেৰে বিলম্বনৰ পৰম্পৰাৰ ক্ষেত্ৰত ব্যতিক্ৰম ৰূপত ধৰা দিছে। 

এটি সাত বছৰীয়া শিশুৰ ধৰ্ষণ আৰু হত্যাৰ অপৰাধত আদালতখনে চিৰিয়েল কিলাৰ ইমৰাণ আলিক এমাহতে বিচাৰ কৰি মৃত্যুদণ্ডৰ ৰায় দিছে। ২৪ বছৰীয়া ইমৰাণ ইয়াৰ আগতেও একাধিক ধৰ্ষণ আৰু হত্যাৰ অপৰাধত অভিযুক্ত আছিল। 

সাত বছৰীয়া কণমানিজনিৰ মৃত্যুৰ পিছতে সমগ্ৰ পাকিস্তানতে প্ৰতিবাদৰ ঢৌ উঠিছিল। প্ৰশাসনিক নিষ্ক্ৰিয়তাৰ বিৰুদ্ধে জোঁৱাৰ উঠিছিল ক্ষোভৰ। সেই লৈয়ে ইমৰাণক ততাতৈয়াকৈ গ্ৰেপ্তাৰ কৰি চুড়ান্ত শাস্তিৰ ৰায়দান দিয়ে আদালতখনে।  

২০১৮ বৰ্ষৰ জানুৱাৰী মাহত পাকিস্তানৰ কাচুৰ জিলাৰ এটি গেৰেজত ক্ষত-বিক্ষত মৃতদেহ পোৱা গৈছিল কণমানিটিৰ। তাৰে আগতে চাৰিদিন ধৰি নিৰুদ্দেশ আছিল কন্যাগৰাকী। সেই এলেকাত এনে নিৰ্মম ঘটনা আগতেও ঘটিছিল বুলি স্থানীয় লোকে সংবাদমাধ্যমক জনাইছিল। 

Courtesy: nation.com