ডিজিটেল ডেস্কঃ পুনৰ জন্মু কাশ্মীৰত যুদ্ধ বিৰতি ভংগ কৰিলে পাকিস্তানে৷ আজি ৰাতিপুৱা ৰাজৌৰী চেক্টৰত পাকিস্তানে ধাৰসাৰ গুলিবৰ্ষণ কৰি যুদ্ধ বিৰতি ভংগ কৰে৷

পাকিস্তানৰ ফালৰ পৰা হোৱা গুলিবৰ্ষণত এটি শিশু আৰু এগৰাকী মহিলাৰ মৃত্যু হয়৷ তদুপৰি গুলিচালনাত তিনিগৰাকী লোক আহত হয়৷ 

পুৱা প্ৰায় ৭বজাত এলঅ’চিত পাকিস্তানৰ সেনাই অতৰ্কিতে গুলিচালনা কৰে৷ উল্লেখযোগ্য যে শুকুৰবাৰেও জন্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমাত পাকিস্তানৰ সেনাই এনে ঘটনা সংঘটিত কৰিছিল৷