আজাৰাঃ চৰকাৰ আহে চৰকাৰ যায়। ঢাক-ঢোল বজোৱাৰ প্ৰতিযোগিতাত পিছ পৰি নাথাকে এখনো চৰকাৰ।চৰকাৰে যিমানেই ঢাক-ঢোল নবজাওক কিয় দৰিদ্ৰ লোকসকলক কিন্তু অভিলাষী আঁচনিবোৰে আজিও স্পৰ্শ কৰিব পৰা নাই।

এনে এক উদাহৰণ হৈছে পলাশবাৰীৰ এজন যুৱক। প্ৰায় দুমাহ পূৰ্বে পক্ষাঘাত অৰ্থাৎ পেৰেলাইছিছ ৰোগত আক্ৰান্ত হৈছিল পলাশবাৰী বিধানসভা সমষ্টিৰ দখলা নোৱাপাৰাৰ দিন-হাজিৰা কৰা গণেশ তালুকদাৰ নামৰ এই যুৱকজন।

যুৱকজনে দিন-হাজিৰা আৰু পিতৃ ৰমেন তালুকদাৰে ৰিক্সা চলাই চাৰিজনীয়া পৰিয়ালটো কোনোমতে পোহপাল দি আহিছিল। তেনেতে হঠাৎ এদিন পৰিয়ালটোলৈ নামি আহিল ঘোৰ অমানিশা। হঠাতে পক্ষাঘাতত আক্ৰান্ত হয় যুৱকজন‌। লগে লগে যেন পৰিয়ালটোৰ মূৰৰ ওপৰত খহি পৰিল আকাশখন‌।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কিছুদিন চিকিৎসা চলাইছিল যদিও অৰ্থৰ অভাৱত ঘৰলৈ উভতি আহিবলৈ বাধ্য হৈ পৰে গণেশ। এতিয়া ভগা পজাৰ জৰাজীৰ্ণ এখন বিছনাই হৈ পৰিছে গণেশৰ বাবে চিকিৎসালয়। 

যুৱকজনৰ চিকিৎসাৰ বাবে যথেষ্ট ধনৰ প্ৰয়োজন যদিও কোনো সুহৃদ ব্যক্তি আজিলৈ আগবাঢ়ি অহা নাই। স্থানীয় বিজেপি বিধায়ক প্ৰণৱ কলিতাৰ পৰা সহায়ৰ হাত বিচাৰিছিল যদিও আজিলৈ পোৱা নাই সঁহাৰি।

এতিয়া উপায়বিহীন পৰিয়ালটোৱে সহায়ৰ হাত বিচাৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ পৰা। স্বাস্থ্য বিভাগত চৰকাৰে বিভিন্ন অভিলাষী আঁচনি ৰূপায়ণ কৰিছে যদিও প্ৰকৃতাৰ্থত গ্ৰামাঞ্চলৰ এই দুখীয়া লোকক স্পৰ্শ কৰিব পৰা নাই।

কোনো সদাশয় লোক অথবা দল-সংগঠনে যদি সহায় কৰিব বিচাৰে তেন্তে ৭৮৯৬৫-৪৪১২৬ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে গণেশৰ মাতৃয়ে।