বিশেষ প্ৰতিবেদনঃ আৰম্ভণিতে এটি কাহিনী! চালে চকুৰোৱা নৈ এখনৰ উপত্যকাজুৰি আছিল বিস্তৃত সেউজীয়াই দলিচা পাৰি দিয়া নিস্তব্ধ অৰণ্য। নাম আছিল মায়াবন। এই অৰণ্যখন আছিল অদেখা অনেক পক্ষী, বন্য জীৱ-জন্তু আৰু প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি চলি অহা কাহিনীৰ ঘৰ। আকাশমুখী পাহাৰ আৰু বৰষুণৰ গুণগুণনিয়ে সদায় জীপাল কৰি ৰাখিছিল অৰণ্যখনক।

কিন্তু... এদিন সুদূৰ দেশৰ পৰা অহা বিদেশী বিনিয়োগকাৰীৰ চকু পৰে এই অৰণ্যখনৰ ওপৰত। তেওঁলোকে ফুচফুচাই কথা পাতে অৰণ্যখন নিঃশেষ কৰি তাত আন এক গছ ৰোপণৰ। তেওঁলোকে ৰুব বিচৰা গছবোৰ সেউজীয়া নাছিল, আছিল সোণালী ৰঙৰ। সেই বিদেশী ব্যৱসায়ীসকলৰ সপোনে স্থানীয় লোকসকলৰ চকুতো সপোন আঁকিছিল। সেই সপোন আছিল চাকৰি, সমৃদ্ধি আৰু আধুনিকীকৰণৰ।

প্ৰগতিৰ প্ৰতিশ্ৰুতিৰ দ্বাৰা প্ৰলোভিত হৈ সেউজীয়া মায়াবন লাহে লাহে সোণবৰণীয়া হ’বলৈ ধৰিলে। বছৰ বছৰ ধৰি অৰণ্যৰ সাধু কৈ অহা বুঢ়া গছবোৰ এফালৰ পৰা উভালি পেলোৱা হ’ল। তাৰ ঠাইত মূৰ দাঙি থিয় হ’ল সোণবৰণীয়া গছ। এসময়ত অৰণ্যৰ মাজে মাজে গীত গাই ফুৰা চৰাইবোৰৰ গীতবোৰ লাহে লাহে যন্ত্ৰৰ বিকট শব্দৰ মাজত হেৰাই থাকিল। অৰণ্য হেৰুৱাই পথভ্ৰষ্ট হাতীবোৰ মানুহৰ বসতিস্থানলৈ ওলাই আহি 'সন্ত্ৰাসবাদী’ হৈ পৰিল। 


বাতৰিটো শুনিবলৈ তলত Play বুটামত ক্লিক কৰকঃ


যুগ যুগ ধৰি নৈপৰীয়া জীৱনবোৰ জীপাল কৰি অহা নৈখনো যেন কঁপি উঠিল দুৰ্দশাত। সোণবৰণীয়া গছৰ বাবে ব্যৱহাৰ কৰা সাৰ আৰু কীটনাশকবোৰ লুইতৰ গভীৰতালৈ সোমাই গৈ শেঁতা কৰি পেলালে পানীৰ ৰং। যাৰ ফলত নৈখনৰ পানীৰ ওপৰত নিৰ্ভৰশীল মানুহ আৰু জীৱ-জন্তুবোৰো বিষাক্ত হৈ পৰিল।

ধৰি লোৱা হ’ল, এই মায়াবনৰ হৃদয়তে হাজাৰ বছৰ ধৰি থিয় হৈ আছিল এজোপা বুঢ়া গছ। গোটেই অঞ্চলটোৰ ইতিহাস এই গছজোপাই বুকুত সামৰি ৰাখিছিল। কিন্তু তাৰ কাষে কাষে এতিয়া সোণবৰণীয়া গছবোৰো আকাশ চুবলৈ মূৰ দাঙি উঠাত সমাজৰ পৰাই যেন বিচ্ছিন্ন হৈ পৰিল বুঢ়া গছজোপা!

কিয় এই কাহিনী?

এই কাহিনী একেবাৰে কল্পনাসৃষ্ট নহয়। এদিন হয়তো এই কাহিনীৰ দৰেই দুৰ্দশাত উচুপি উঠিব পাৰে অসমে। ঢেলা পৰিব পাৰে জীয়া জীৱনৰ কাহিনী লিখা ব্ৰহ্মপুত্ৰৰ পানী। মায়াবন সদৃশ অসমৰ কোনো এখন অভয়াৰণ্যৰ অৱস্থাই হাহাকাৰ মাতি আনিব পাৰে তাৰ চৰাই-চিৰিকটি, জীৱ-জন্তুৰ জীৱনলৈ।

শেহতীয়াকৈ ৰাজ্য চৰকাৰে অসমত পাম অইলৰ খেতি কৰিবলৈ বহিৰাগত কোম্পানীক ভূমি প্ৰদান কৰাৰ পিছতে এনে এটা কাহিনী বাস্তৱ হ'ব পাৰে বুলি এতিয়া শংকা ব্যক্ত কৰিছে ভিন্নজনে। আশংকা ব্যক্ত কৰিছে প্ৰকৃতি মানৱ যাদৱ পায়েঙৰ দৰে ব্যক্তিয়েও। 

ইতিমধ্যে ৰাজ্য চৰকাৰে নিৰ্বাচিত জিলাসমূহৰ ৩.৭৫ লাখ হেক্টৰ ভূমিত পাম খেতি কৰাৰ লক্ষ্য লৈছে। যোৱা ৮ আগষ্টত পতঞ্জলি কোম্পানীৰ মুৰব্বী যোগগুৰু ৰামদেৱৰ উপস্থিতিত তিনিচুকীয়া জিলাৰ ধলাত বিতৰণ কৰা হৈছে পাম গছৰ পুলি। সেইদিনা পতঞ্জলি কোম্পানী আৰু অসম চৰকাৰে তিনিচুকীয়াৰ ২০ হেক্টৰ ভূমিক অন্তৰ্ভূক্ত কৰি ২৫ গৰাকী কৃষকক ২৮০০টাতকৈও অধিক পাম অইলৰগছৰ পুলি বিতৰণ কৰিছিল। অনুষ্ঠানটোত উপস্থিত আছিল প্ৰায় ৪৫০০ গৰাকী কৃষক।

কি এই পাম অইল?

বহুমুখী আৰু বহুলভাৱে ব্যৱহৃত উদ্ভিদজাতীয় পাম অইল বা তৈল খেজুৰ গছৰ ফলৰ পৰা আহৰণ কৰা হয়। এই গছৰ বৈজ্ঞানিক নাম Elaeis guineensis। বিভিন্ন উদ্যোগত ইয়াৰ বৈচিত্ৰ্যপূৰ্ণ প্ৰয়োগৰ বাবে এই সোণালী ৰঙৰ তেলে বিশ্বজুৰি প্ৰাধান্যতা লাভ কৰিছে। গুণৰ এক অনন্য সংমিশ্ৰণৰ সৈতে পাম তেলে পাকঘৰ, প্ৰসাধন, আনকি শক্তি খণ্ডতো স্থান পাইছে। ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ দৰে গ্রীষ্মমণ্ডলীয় অঞ্চলৰ পৰা উৎপত্তি হোৱা পাম তেলৰ উচ্চ উৎপাদন আৰু অৰ্থনৈতিক লাভালাভৰ বাবে বছৰৰ পিছত বছৰ ধৰি ইয়াৰ জনপ্ৰিয়তা আকাশলংঘী হৈ আহিছে।

ৰন্ধন ক্ষেত্ৰৰ বাহিৰেও পাম অইল প্ৰসাধন সামগ্ৰী, ইন্ধন আৰু অন্য কামত ব্যৱহাৰ কৰা হয়। এই তেল চেম্পু, চাবোন, লোচন আদি সামগ্ৰীত ব্যৱহাৰ হৈ আহিছে। কিন্তু পাম তেল বাগিচাসমূহৰ দ্ৰুত সম্প্ৰসাৰণে ইয়াৰ পৰিৱেশ প্ৰভাৱক লৈ উদ্বেগ প্ৰকাশ কৰিছে। বিশেষকৈ দক্ষিণ-পূব এছিয়াৰ দেশসমূহত বৃহৎ পৰিসৰৰ বনাঞ্চল ধ্বংসৰ ফলত বন্যপ্ৰাণীৰ বাসস্থান ধ্বংস, কাৰ্বন নিৰ্গমন আৰু স্থানীয় পৰিৱেশ তন্ত্ৰৰ বিঘিনি ঘটিছে।

অসম চৰকাৰৰ ৱেবছাইটতো পাম অইল সম্পৰ্কে উল্লেখ আছে। কৃষি আৰু উদ্যানশস্য বিভাগৰ ৱেবছাইটোত উল্লেখ আছে এইদৰে, 'পাম তেল আমাৰ স্থানীয় খেজুৰী গছৰ সমজাতীয় আৰু পালমাইগোত্ৰৰ, ইয়াৰে প্ৰধান দুবিধ Elacisgunensis আৰু E. oleifera শ্ৰেণীৰ খেতি কৰা যায়। যিয়েই নহওক, টেনেৰানামৰ হাইব্ৰীড বিধক চাপৰ শ্ৰেণী আৰু অধিক উত্পাদনশীল বুলি পৃথিৱীৰ সকলোতে ইয়াৰ খেতি কৰা হৈছে। অৰ্থনৈতিক দিশৰ পৰা পাম তেলৰ গছে ২৫-৩০ বছৰলৈ ফল দি থাকে আৰু তাৰ পাছত ইয়াত গুচাই নতুনকৈ পুলি ৰুব লাগে। দেশত প্ৰয়োজনীয় পাম তেলৰ ৫০ শতাংশ তেল ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ পৰা আমদানি কৰা হয়।’

ছাইটোত আৰু উল্লেখ কৰা হৈছে এনেদৰে, 'ৰাজ্যৰ কৃষি পাৰিপাৰ্শ্বিক অৱস্থাটো বহুবিলাক খোৱা তেলৰ বীজ উৎপাদন কৰিবলৈ অনুকূল। জনমূৰি উদ্ভিদজাত তেলৰ ব্যৱহাৰ ১৬ কেজি/বছৰ/জন হিচাপে, দেশত জনসংখ্যা বৃদ্ধিলৈ চালে, বছৰে বছৰে বহু তেল লাগে। কৃষকসকলে সীমিত শস্য ক্ষেত্ৰত বহুবিধ আৰু বিস্তৃতভাৱে খেতি কৰে বাবে পৰম্পৰাগত তেল বীজৰ শস্য আকৌ বেছিকৈ বঢ়োৱাৰ ক্ষেত্ৰত সীমাবদ্ধতা আছে, গতিকে পাম তেলে এইখিনি প্ৰতিষ্ঠা কৰাত সঠিক হব, যিহেতু ইয়াৰ বাবে ওখ মাটিৰহে প্ৰয়োজন। কামৰূপ আৰু গোৱালপাৰা জিলাৰ পাহাৰৰ নামনি অঞ্চল, ছন পৰা মাটি, গড়াবাদী মাটি আদিত প্ৰাৰম্ভিক হিচাপে এই আঁচনিখন আৰম্ভ কৰা হৈছে আৰু এই দুখন জিলা ওপচাকৈ ভৰি উঠিল, বঙাইগাঁও জিলাখনকো এই আঁচনিৰ অধীনলৈ অনা হ’ব।’

'পাম তেলৰ খেতি ৯.০ মিটাৰ দূৰে দূৰে ৰোৱাৰ বাবে আন এটা সুবিধা হৈছে, ইয়াৰ মাজে মাজে আন আন শস্যৰ খেতি, যেনে- আদা, হালধি, বেঙেনা, জলকীয়া, বিলাহী বেঙেনা, ফুল গছ, অসমীয়া নেমু, জাহাজী কল আদি কৃষকৰ বাবে পচন্দ মতে ৰুব পাৰে। এইখন আঁচনিৰ অধীনত এই বাবে অৰ্থ যোগান ধৰাৰ ব্যৱস্থাও আছে।’-ছাইটটোত উল্লেখ।

ভাৰতত পাম অইলৰ খেতিৰ আৰম্ভণি

২০২১চনৰ আগষ্ট মাহত ভাৰতত পাম অইল খেতিৰ বিস্তাৰৰ লক্ষ্যৰে খাদ্য তেলৰ বাবে ৰাষ্ট্ৰীয় অভিযান- পাম অইল' আঁ‌চনি উদ্বোধন কৰা হৈছিল। কেন্দ্ৰ চৰকাৰৰ এক বিবৃতিত প্ৰকাশ কৰা অনুসৰি পাম অইল সংশোধন প্ৰতিষ্ঠানসমূহৰ উপৰিও ৰাজ্য চৰকাৰসমূহেও দেশত পাম অইলৰ খেতিৰ ভূমিৰ পৰিমাণ বৃদ্ধিৰ উদ্দ্যেশ্যে চলিত বৰ্ষৰ ২৫ জুলাইৰ পৰা ১২ আগষ্টলৈ এক ব্যাপক ৰোপণ অভিযান (Mass plantation drive) চলায়।

এই আঁ‌চনিৰ অধীনত মূলতঃ অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, তামিলনাডু, ওড়িশা, কৰ্ণাটক, গোৱা, আন্দামান-নিকোবৰ দ্বীপপুঞ্জ, অসম, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশক সাঙুৰি লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ চনৰ ভিতৰত তৈল পাম উৎপাদনৰ ভূমি ১০লাখ হেক্টৰলৈ তথা তৈল পামৰ উৎপাদন ১১.২০ লাখ টনলৈ বৃদ্ধি কৰাৰ লক্ষ্য লৈছে।

তিনিটা প্ৰধান পাম অইল উৎপাদন কোম্পানী পতঞ্জলি ফুড প্ৰাইভেট লিমিটেড, গডৰেজ এগ্ৰ’ভেট আৰু ৩ এফ-য়ে পাম অইল ৰোপণ আৰু ইয়াৰ কৃষিৰ বাবে কৃষি ভূমি বৃদ্ধিৰ অৰ্থে কৃষকসকলৰ মাজত খুব সক্ৰিয়ভাৱে প্ৰচাৰ আৰু অংশগ্ৰহণৰ কাম আগবঢ়াই নিছে। ১২ আগষ্টলৈকে উক্ত আঁ‌চনিৰ অন্তৰ্ভুক্ত উত্তৰ-পূৰ্ৱাঞ্চলৰ ৰাজ্য সমূহত তৈল পাম ৰোপণ অভিযান অব্যাহত আছিল আৰু ৭৫০ হেক্টৰৰ অধিক কৃষিভূমি এই আঁ‌চনিৰ অন্তৰ্ভুক্ত হৈছিল।

কৃষি মন্ত্ৰণালয়ে আৰু কয় যে এই ব্যাপক তৈল পামৰ পুলি ৰোপণ অভিযানৰ সময়ছোৱাত ৫ আগষ্টলৈ অসম চৰকাৰে ৰাজ্যৰ ৮ খন জিলাৰ ৭৫হেক্টৰৰ অধিক ভূমি অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য লৈছিল; য'ত, অৰুণাচল প্ৰদেশে ৰাজ্যখনৰ ৬খন জিলাৰ প্ৰায় ৭০০হেক্টৰ ভূমি অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত লৈছিল।

মিছন পাম অইলৰ বাবে চৰকাৰে ১১,০০০ কোটি টকাৰ অৰ্থ সাহায্যৰ কথা ঘোষণা কৰিছে, ইয়াৰে ৮৮৪৪ কোটি টকা কেন্দ্ৰ চৰকাৰে আৰু ২১৯৬ কোটি টকা সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহে বহন কৰিব। পাম অইলৰ খেতিৰ সৈতে জড়িত খেতিয়কসকল যাতে লোকচানৰ সন্মুখীন নহয় তাৰ প্ৰতিও মিছন পাম অইলত গুৰুত্ব প্ৰদান কৰা হৈছে। এই অনুযায়ী প্ৰথমে প্ৰতি হেক্টৰত ১২ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰা হৈছিল আৰু শেহতীয়াকৈ সেই সাহায্যৰ পৰিমাণ ২৯ হাজাৰ টকালৈ চৰকাৰে বৃদ্ধি কৰিছে। পুৰণি পাম অইলৰ বাগিছা নতুনকৈ আৰম্ভ কৰিব খোজা খেতিয়কসকলকো প্ৰতিজোপা গছৰ বিপৰীতে ২৫০টকাকৈ সাহায্য প্ৰদানৰ কথাও আছে মিছন পাম অইলত।




ফটোঃ ধলাত পাম অইলৰ খেতিৰ বিৰুদ্ধে অজাপৰ প্ৰতিবাদ

পাম অইলৰ খেতি ভাল নে বেয়া?

পাম অইলৰ খেতি যদিও অৰ্থনৈতিকভাৱে অধিক লাভদায়ক, তথাপিও প্ৰকৃতিৰ ওপৰত এই খেতিৰ জৰিয়তে পৰা প্ৰভাৱৰ বাবে বিভিন্ন সময়ত বহু প্ৰকৃতিপ্ৰেমীয়ে এই খেতিৰ বিৰোধিতা কৰি আহিছে। এনে পৰিপ্ৰেক্ষিততে ভাৰতত পাম অইলৰ খেতিৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগভাগ লোৱাৰ পিছতে ইয়াৰ বিৰোধিতা কৰি দেশৰ ১১৭ গৰাকী বিজ্ঞানীয়ে ইতিমধ্যে প্ৰধানমন্ত্ৰীৰ ওচৰত বিৰোধিতাৰ কাৰণসহ পত্ৰ দাখিল কৰিছে।

অন্যহাতে প্ৰকৃতিৰ লগতে মানৱ দেহৰ ওপৰতো আছে পাম অইলৰ কুপ্ৰভাৱ। মানৱ স্বাস্থ্যৰ ওপৰত পাম তেলৰ কু প্ৰভাৱ সন্দৰ্ভত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপক তথা ৰসায়ন বিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড০ হৰি শংকৰ কাকতিয়ে কয়, “পাম তেল হৈছে তালজাতীয় গছৰ ফলৰ পৰা প্ৰস্তুত কৰা এবিধ বনস্পতি তেল। পাম তেলত প্ৰায় ৫০% সংপৃক্ত পালমিটিক এচিড, ৩৮% MUFA (Monounsaturated Fatty Acid) আৰু ১২% PUFA (Polyunsaturated Fatty Acid) থাকে। পালমিটিক এচিডৰ অত্যাধিক সেৱনে দেহত অপকাৰী LDL (Low-Density Lipoprotein)ৰ পৰিমাণ বৃদ্ধি কৰে, ফলত হৃদৰোগৰ আশংকা বৃদ্ধি পায়।’’

ড০ কাকতিয়ে পুনৰ কয়, ''বিশ্ব স্বাস্থ্য সংস্থা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয় হৃদযন্ত্ৰ, হাওঁফাওঁ আৰু ৰক্ত প্ৰতিষ্ঠানৰ আৰু অন্যান্য সমীক্ষাৰ ফলাফলে এই পাম তেলৰ ব্যৱহাৰ খুব সীমিত কৰিবলৈ পৰামৰ্শ দিছে। হোটেল, ৰেষ্টুৰেণ্ট আৰু আন আন ফুড ষ্টলত এই তেলবিধৰ ব্যৱহাৰ যথেষ্ট বেছি। পাম তেল সেৱনৰ ফলত আটাইতকৈ বেছি ক্ষতি হোৱাৰ সম্ভাৱনা আছে শিশুসকলৰ, কাৰণ তেওঁলোকে ভালপোৱা চিপচ আদিকে ধৰি বিভিন্ন খাদ্য প্ৰস্তুতকৰণত বহুজাতিক কোম্পানীবোৰে বিদেশত অন্য তেল আৰু ভাৰতত পাম তেল ব্যৱহাৰ কৰে, কাৰণ ভাৰতত পাম তেলৰ মূল্য তুলনামূলকভাৱে কম। আমাৰ শিশু সকলৰ লগতে আন সকলেও পাম তেলেৰে প্ৰস্তুত কৰা খাদ্য খোৱাৰ ফলত লাহে লাহে হৃদযন্ত্ৰৰ ধমনীবোৰত চৰ্বি জমা হৈ এটা সময়ত কম বয়সতে হৃদযন্ত্ৰৰ সমস্যাত ভোগে, লগতে মধুমেহ ৰোগতো আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে।”

ইফালে, অসমত চৰকাৰী উদ্যোগত বাবা ৰামদেৱক পাম অইলৰ খেতি কৰিবলৈ ভূমি আৱণ্টন দিয়া সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে। দলটোৰ ৰাজ্যিক কমিটিৰ মিডিয়া বিভাগৰ উপাধ্যক্ষ তথা প্ৰাক্তন সাংবাদিক বেদব্ৰত বৰাই মিছন পাম অইলৰ জৰিয়তে চৰকাৰে প্ৰদান কৰিবলগীয়া সাহায্যৰ ধনৰাশি খেতিয়ক বাবা ৰামদেৱৰ হাতত তুলি দিয়া হ’ব নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে অসমত অসমৰ সাধাৰণ খেতিয়কে নহয়, বাবা ৰামদেৱকহে অসম চৰকাৰে পাম অইলৰ খেতি কৰিবলৈ ভূমি আৱণ্টন দিয়া বিষয়টোৰ আঁৰত বৃহৎ পৰিমাণৰ কমিছনৰ অংক লুকাই আছে।

বোকাখাতৰ স্বেচ্ছাসেৱী সংস্থা জীপাল কৃষক-শ্ৰমিক সংঘয়ো অসমত পাম অইলৰ খেতি কৰাৰ বিৰোধিতা কৰিছে। সংগঠনটোৱে সংবাদমেল আয়োজন কৰি এই খেতিয়ে অসমলৈ বিপদ মাতি আনিব বুলি দাবী কৰিছে। সংস্থাটোৰ মুখ্য উপদেষ্টা সোনেশ্বৰ নৰহে কয় যে কেন্দ্ৰ চৰকাৰ, বাবা ৰামদেৱ, আদানি আৰু গডৰেজ এগ্রোভেট কোম্পানীক সন্তুষ্ট কৰাৰ স্বাৰ্থত, কেইটামান ধনৰ বিনিময়ত অসম চৰকাৰে ৰঙা দলিচা পাৰি দি এক হঠকাৰী সিদ্ধান্ত লৈছে।

অসমত প্ৰথমে ক’ত কৰা হৈছিল পাম অইলৰ খেতি?

২০১৫-১৬ চনত প্ৰথমবাৰৰ বাবে অসমত পৰীক্ষামূলকভাৱে পাম অইলৰ খেতি কৰা হৈছিল। গোৱালপাৰা জিলাৰ দুধনৈ আৰু কামৰূপ জিলাৰ বকো অঞ্চলৰ প্ৰায় ৫৬০ হেক্টৰ ভূমিত কৰা হৈছিল এই খেতি। ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ তথ্য অনুযায়ী ৩৩০ গৰাকী কৃষকৰ মাজত পাম অইলৰ পুলি বিতৰণ কৰা হৈছিল। 

কিন্তু বন্যহস্তীৰ উপদ্ৰৱ আৰু ভূমিৰ আৰ্দ্ৰতা হ্ৰাস পোৱাৰ ফলত উক্ত বিত্তীয় বৰ্ষত পৰিকল্পনা কৰা ৫৬০ হেক্টৰ ভূমিৰ ভিতৰত মাত্ৰ ৩৭৪ হেক্টৰ ভূমিতহে পাম অইলৰ খেতি কৰাতো সম্ভৱ হৈ উঠে। কৃষি বিভাগৰ মূল্যায়ন বৈঠকৰ এক নথিত উল্লেখ থকা মতে খেতিয়কসকল ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ চমুকৈ ডিবিটিৰ জৰিয়তে প্ৰদান কৰিবলগীয়া সাহায্য প্ৰদানতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল বিভাগটো। খেতিয়কসকলক এই খেতিৰ পদ্ধতিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদানো ভালদৰে হৈ নুঠাৰ কথাও উল্লেখ আছে উক্ত নথিত।

বিভাগীয় তথ্য অনুযায়ী ২০১৫-১৬ বিত্তীয় বৰ্ষত পাম অইলৰ খেতিৰ বাবে ভাৰত চৰকাৰে ১০৫.৯৩ লাখ টকা মোকলাই দিছিল। ২০১৬-১৭ বৰ্ষত কেন্দ্ৰই সেই পৰিমাণ বৃদ্ধি কৰি ৫৫১.১৮ লাখ টকা আৱণ্টন দিছিল। 

উল্লেখ্য যে এজোপা পাম অইলৰ পৰা তেল পাবলৈ প্ৰায় ৫-৬ বছৰ সময়ৰ প্ৰয়োজন হয়। অসমত পাম অইল খেতিৰ শুভাৰম্ভ কৰা প্ৰথমখন গাঁও হৈছে দুধনৈ চহৰৰ পৰা প্ৰায় ৫-৬ কিলোমিটাৰ নিলগৰ খুংখ্ৰাজুলি গাঁও। নাম প্ৰকাশত অনিচ্ছুক গাঁওখনৰ কৃষকসকলে জনোৱা মতে, অসম চৰকাৰে গোৱালপাৰা জিলাৰ ধূপধৰাৰ পিপলিবাৰিত পাম অইল প্ৰচেছিং ইউনিট স্থাপনৰ বাবে প্ৰায় ৫০ বিঘা মাটি আৱণ্টন দিছিল। কিন্তু আজিলৈকে সেয়া সম্পূৰ্ণ হৈ নুঠাত দুধনৈ আৰু বকো অঞ্চলত পাম অইলৰ পৰা কৃষকসকলে উৎপাদন পাবলৈ আৰম্ভ কৰিছে যদিও আশা কৰা ধৰণে লাভ অৰ্জন কৰিব পৰা নাই বুলি জানিব পৰা গৈছে।

আশা কৰা ধৰণে লাভৰ মুখ নেদেখাৰ ফলতে দিনদিয়েক পূৰ্বে গোৱালপাৰাৰ আগিয়াত এগৰাকী কৃষকে পাম অইলৰ গছ কাটি পেলাই দিয়াৰ খবৰো পোহৰলৈ আহিছে। NNOৰ স্থানীয় প্ৰতিবেদকে জনোৱা মতে কৃষকগৰাকীয়ে ২০১৫ চনত চৰকাৰে হাতত লোৱা পাম অইলৰ খেতিৰ পাইলট প্ৰজেক্টৰ সময়তে নিজৰ ১ হেক্টৰ মাটিত পাম অইলৰ খেতি কৰিছিল। প্ৰায় ৮০-৯০ হাজাৰ টকা খৰছ কৰি পাম অইলৰ পুলি ৰোপণ কৰিছিল যদিও ব্যয় কৰা ধন আৰু শাৰীৰিক পৰিশ্ৰমৰ বিপৰীতে পাম অইল বিক্ৰী কৰি পৰ্যাপ্ত পৰিমাণে ধন লাভৰ আশা নেদেখি কৃষকজনে এনেদৰে গছবোৰ কাটি আন নতুন খেতিৰ পৰিকল্পনা কৰিবলৈ বাধ্য হৈ পৰিছে।


ফটোঃ অসম চৰকাৰৰ কৃষি বিভাগৰ নথি

পাম অইলৰ খেতিক লৈ কি কয় মুখ্যমন্ত্ৰীয়ে?

কেন্দ্ৰ চৰকাৰে হাতত লোৱা মিছন পাম অইলক বাস্তৱ ৰূপ দিবলৈ উঠি-পৰি লাগিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই অনুযায়ী যোৱা ৮ আগষ্টত মুখ্যমন্ত্ৰীগৰাকীয়ে বাবা ৰামদেৱৰ উপস্থিতিত উজনি অসমৰ তিনিচুকীয়া জিলাৰ ধলাত আনুষ্ঠানিকভাৱে পাম অইলৰ খেতিৰ শুভাৰম্ভ কৰে। জিলাখনৰ প্ৰায় ৩.৭৫ লাখ হেক্টৰ মাটিত এই খেতি কৰাৰ বাবে ৰাজ্য চৰকাৰে বাবা ৰামদেৱৰ পতঞ্জলি ফুড লিমিটেডৰ সৈতে এক চুক্তিত স্বাক্ষৰ কৰাৰ কথাও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাজ্য চৰকাৰৰ সৈতে চুক্তি মৰ্মে বাবা ৰামদেৱৰ প্ৰতিষ্ঠানটোৱে জিলাখনৰ ধলাৰ লগতে আন ৬খন জিলা ক্ৰমে ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, নগাঁও, কামৰূপ, কামৰূপ মেট্ৰ’ আৰু গোৱালপাৰাতো স্থানীয় খেতিয়কসকলৰ সৈতে সন্মিলিতভাৱে পাম অইলৰ খেতি আৰম্ভ কৰিব। অহাৰ বছৰৰ ভিতৰত খেতিয়কসকলক পাম অইলৰ পুলি যোগান ধৰাৰ বাবে দেশৰ আগশাৰীৰ ১৬ খন নাৰ্ছাৰীৰ সৈতে যোগাযোগ আৰম্ভ কৰা বুলিও অনুষ্ঠানটোত সদৰী কৰে বাবা ৰামদেৱে।

ইফালে অনুষ্ঠানটো পাম অইল ৰোপণৰ আৰম্ভণি কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই পাম অইলৰ খেতিৰ জৰিয়তে অসমৰ কৃষি-অৰ্থনীতিয়ে নতুন মাত্ৰা লাভ কৰিব বুলিও মন্তব্য কৰে। তেওঁ কয়, 'ভাৰত চৰকাৰে গৱেষণা কৰি পাইছে যে উত্তৰ-পূৰ্বাঞ্চলৰ মাটি পাম অইল খেতিৰ বাবে উপযোগী। প্ৰথমে এটা ধাৰণা আছিল যে মাটিৰ তলৰ পানী শুহি লয় বুলি। কিন্তু এতিয়া সেয়া গৱেষণা কৰি প্ৰমাণ হৈছে যে উত্তৰ-পূৰ্বাঞ্চলত বৰষুণৰ পানীয়েই এই খেতিৰ বাবে যথেষ্ট।’

পাম অইলৰ খেতিৰ বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ

বিগত ৩০ বছৰৰো অধিক কাল অৰণ্য ৰক্ষাৰ বাবে যুঁজ দি সমগ্ৰ বিশ্বত অৰণ্য মানৱ হিচাপে পৰিচিত হৈ পৰা যাদৱ পায়েঙেও বিৰোধিতা কৰে অসমত পাম অইলৰ খেতিৰ। অসমত পাম অইলৰ অপ্ৰয়োজনীয় খেতি আৰু গছ-গছনি ৰোপণ নকৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় পায়েঙে। এনে পাম অইলৰ খেতিৰ দ্বাৰা থলুৱা জনগোষ্ঠীয় লোকসকল বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে অসমৰ পৰা সৰিয়হ খেতি সমুলঞ্চে ধ্বংস হৈ পৰিব বুলি সকীয়াই দিয়ে অৰণ্য মানৱ যাদৱ পায়েঙে।

পাম খেতিৰ পৰা ব্ৰহ্মপুত্ৰৰ পানী নাইকীয়া হৈ পৰাৰ লগতে হাতী-মানুহৰ সংঘাত বৃদ্ধি পাব বুলিও আশংকা ব্যক্ত কৰে যাদৱ পায়েঙে। লগতে এই খেতিৰ জৰয়তে অসমৰ বনাঞ্চলৰ জৈৱ বৈচিত্ৰ্যত পৰা প্ৰভাৱৰ ফলত জীৱ-জন্তুৰ সংখ্যা হ্ৰাস পাব বুলিও মন্তব্য কৰে পায়েঙে। অসমত পাম অইলৰ খেতি কৰিলে আজিৰ পৰা ২৮ বছৰ পিছত সমগ্ৰ উত্তৰ-পূব পানীৰ বাবে হাহাকাৰ কৰিব লাগিব বুলিও সতৰ্কবাণী কৰিছে অৰণ্য মানৱ পায়েঙে। 

অৰণ্য মানৱ পায়েঙে পাম অইলৰ খেতিৰ বিৰোধিতা কৰাৰ সময়তে ৰাজ্যখনৰ আন প্ৰকৃতিপ্ৰেমী সংগঠনসমূহে এইক্ষেত্ৰত নীৰৱ ভূমিকা গ্ৰহণ কৰাক লৈয়ো ছ’চিয়েল মিডিয়াত নেটিজেনসকলে সমালোচনা কৰা দেখা গৈছে। একাংশ লোকে ৰাজ্যখনৰ প্ৰকৃতিপ্ৰেমী সংগঠন আৰু পৰিৱেশবিদসকল এতিয়া চৰকাৰৰ হাতৰ পুতলা হৈ পৰিছে বুলিও মন্তব্য কৰিছে। 

উল্লেখ্য যে, অত্যাধিক লাভৰ আশাত প্ৰকৃতিলৈ গুৰুত্ব নিদি বন ধ্বংস কৰি পাম অইলৰ খেতি কৰাৰ ফলত ইতিমধ্যে দুৰ্যোগ নামি আহিছে শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ দৰে দেশলৈ। যাৰ বাবে ইতিমধ্যে উক্ত দেশসমূহৰ চৰকাৰে পাম খেতিক লৈ নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈ বাধ্য হৈ পৰিছে। পাম খেতিৰ ফলত এখন নদী একপ্ৰকাৰ শুকাই যোৱাৰ পিছতে ইতিমধ্যে চুবুৰীয়া ৰাজ্য মিজোৰামতো পাম খেতিক লৈ খেতিয়কসকলৰ মাজত অনীহা দেখা গৈছে।

পাম খেতিত ধান খেতিতকৈয়ো পানী কম লাগেঃ কৃষিমন্ত্ৰী

ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই কয় যে আমদানিকৃত খাদ্য তেলৰ ওপৰত ৰাজ্যৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ পাম অইল এক “কাৰ্যকৰী বিকল্প”। তেওঁ লগতে কয় যে পাম অইলৰ খেতিয়ে চাকৰি সৃষ্টি কৰাত সহায় কৰিব পাৰে আৰু ৰাজ্যখনক অৰ্থনৈতিকভাৱেও শক্তিশালী কৰিবলৈ সক্ষম হ’ব। পাম খেতিত ধান খেতিতকৈয়ো পানী কমকৈ লাগে বুলিও মন্তব্য কৰিছে কৃষিমন্ত্ৰীগৰাকীয়ে।

অৱশ্যে বৰাই পাম অইলৰ খেতিৰ পৰিবেশৰ ওপৰত পৰিব পৰা বিৰূপ প্ৰভাৱৰ কথাও স্বীকাৰ কৰিছে। তেওঁ কয় যে পাম অইলৰ খেতি যাতে বহনক্ষম পদ্ধতিৰে হয় তাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব।

অতুল বৰাই কয়, "আমদানিকৃত খাদ্য তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ অসমৰ বাবে পাম তেল এক কাৰ্য্যকৰী বিকল্প। ই এক উচ্চ উৎপাদনক্ষম শস্য যাৰ খেতি বিভিন্ন ধৰণৰ মাটিত কৰিব পৰা যায়। এই খেতিয়ে ৰাজ্যখনত সংস্থাপন সৃষ্টি কৰাতো সহায় কৰিব পাৰে। আমি যাতে পাম তেলৰ খেতি বহনক্ষমভাৱে কৰা হয়, যাতে ই পৰিৱেশৰ ক্ষতি নকৰে তাৰ বাবে পদক্ষেপ ল'ম।"

কৃষি মন্ত্ৰীগৰাকীৰ এই মন্তব্যক ৰাজ্যৰ একাংশ কৃষক আৰু ব্যৱসায়ীয়ে আদৰণি জনাইছে। আন একাংশ প্ৰকৃতিপ্ৰেমীয়ে তেওঁৰ মন্তব্যৰ সমালোচনাও কৰা দেখা গৈছে। বিশেষকৈ ধান খেতিতকৈয়ো পানী কমকৈ লগা বুলি কৰা মন্তব্যই ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

পাম খেতিত সঁচাকৈয়ে বহুত পানী লাগে নেকি?

সাধাৰণ দৃষ্টিত পাম অইলৰ খেতি কম পানীতে কৰিব পৰা খেতি। বিপৰীতে ধান খেতিৰ বাবে প্ৰয়োজন হয় পৰ্যাপ্ত পানীৰ। খৰাং ঠাইত বা একেবাৰে কম পানী হোৱা ঠাইত ধান খেতি কৰাতো যথেষ্ট দুৰূহ হৈ পৰে, যাৰ বাবে তেনে ঠাইত জলসিঞ্চনৰ ব্যৱস্থা কৰিবলগীয়া হয়। বিপৰীতে পাম খেতিৰ বাবে মাটিৰ উপৰিভাগ পানীৰে ভৰি থাকিব নালাগে যদিও এই খেতিতো যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়। 

ধান খেতিত উপৰিভাগৰ পানী (surface water)ৰ প্ৰয়োজন হয়। বিপৰীতে পাম অইলে মাটিৰ বহু তলৰ পৰা পানী শুহি লয়। তেলেংগানা চৰকাৰৰ উদ্যানশস্য বিভাগৰ বিভাগীয় ৱেবছাইটত উল্লেখ থকা মতে এজোপা পাম অইল গছক প্ৰতিদিনে ২০০-৩০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। 

অধিকাংশ কৃষি বিজ্ঞানীৰ মতে ভাৰতৰ জলবায়ু পাম অইলৰ খেতিৰ বাবে অনুকূল নহয়। ফলত পাম অইলৰ খেতিৰ পৰা উৎপাদিত হোৱা তেলৰ গুণগত মানদণ্ড ইণ্ডোনেছিয়া আৰু মালয়েছিয়াতকৈ কম হোৱাত আন্তঃৰ্জাতিক বজাৰতেই হওক বা ঘৰুৱা বজাৰতেই হওক ইয়াৰ চাহিদা আশা কৰা ধৰণে হোৱাৰ সম্ভাৱনা যথেষ্ট কম। ফলত এই খেতিৰ সৈতে জড়িত খেতিয়কসকলে পিছলৈ মূৰে-কপালে হাত দিবলগীয়া অৱস্থা হ’ব পাৰে বুলিও মন্তব্য কৰিছে একাংশ বিশেষজ্ঞই। 

ইউৰোপ মহাদেশত পাম অইলৰ ব্যৱহাৰত নিষেধাজ্ঞা

২০১৮ চনৰে পৰা বিশ্বৰ কেবাখনো উন্নত দেশে স্বাস্থ্যজনিত দিশলৈ চাই পাম অইলৰ ব্যৱহাৰত পৰ্যায়ক্ৰমে নিষেধাজ্ঞা আৰোপ কৰিবলৈ আৰম্ভ কৰে। ফলত পাম অইল উৎপাদনকাৰী দেশসমূহৰ তালিকাত শীৰ্ষ স্থানত থকা মালয়েছিয়াই ২০২০ চনত 'পাম অইল বা তৈল খেজুৰ আল্লাহৰ অৱদান’ বুলি শ্ল’গান দিবলৈ লয়। 

পাম অইলৰ খেতিৰ ফলত পাম অইল উৎপাদনকাৰী বিশ্বৰ দুই শীৰ্ষৰ দেশ ক্ৰমে মালয়েছিয়া আৰু ইণ্ডোনেছিয়াত জলবায়ু পৰিৱৰ্তন পৰিলক্ষিত হৈছে। পাম অইলৰ খেতিৰ বাবে দেশ দুখনত অবাধ হাৰত হোৱা বনধ্বংস ব্যাপক কাৰ্বন নিৰ্গমন আন এক সমস্যা হৈ পৰিছে। ইয়াৰ ফলত গোলকীয় উষ্ণতাতো বিৰূপ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা ব্যক্ত কৰিছে বিজ্ঞানীসকলে। পাম অইলৰ খেতিৰ বাবেই ইণ্ডোনেছিয়া, মালয়েছিয়া, সুমাত্ৰা আৰু জাভা দ্বীপত ওৰাংওটাং, পিগমি হাতী, সুমাত্ৰাৰ গঁড়ৰ দৰে জন্তুসমূহ বিলুপ্তপ্ৰায় হৈ পৰাৰো উপক্ৰম ঘটিছে।

পাম অইলৰ খেতিৰ এনে ভয়াৱহতালৈ চাই ইউৰোপীয়ান ইউনিয়নে ইতিমধ্যে ২০২৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ পাম অইল ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰিছে। যদিহে ইণ্ডোনেছিয়া আৰু মালয়েছিয়াই জৈৱ বৈচিত্ৰ্যলৈ গুৰুত্ব নিদি পাম অইলৰ খেতি কৰি গৈ থাকে তেন্তে সমগ্ৰ ইউৰোপত পাম অইলৰ ব্যৱহাৰত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা আৰোপ কৰিব বুলিও সকীয়নী প্ৰদান কৰিছে ইউৰোপীয়ান ইউনিয়নে। 


গোৱালপাৰাত এনেদৰে কৰা হৈছে পাম অইলৰ খেতি, ফটোঃ Mongabay 

ভাৰতত পাম অইলৰ উৎপাদন বাঢ়িলে কি হ’ব পাৰে?

কেন্দ্ৰ চৰকাৰে পাম অইলৰ উৎপাদন বৃদ্ধি কৰিবলৈ যো-জা চলাই থকা সময়তে এই সন্দৰ্ভত বিশেষজ্ঞসকলে বহু পূৰ্বৰে পৰা সকীয়নি প্ৰদান কৰি আহিছিল। চেণ্টাৰ ফৰ ছাষ্টেনেবল এগ্ৰিকালছাৰৰ বিশেষজ্ঞ জি বি ৰামনজানয়েলুৰ মতে অধিক উৎপাদনৰ লোভত ভাৰত চৰকাৰেও ইণ্ডোনেছিয়া আৰু মালয়েছিয়াৰ দৰে ভুল কৰি পেলালে পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিব। 

তেওঁ কয় যে পাম অইলৰ খেতি কৰাৰ নামত বন ধ্বংস কৰাতো মুঠেই অনুচিত। তেওঁৰ মতে যিহেতু উত্তৰ-পূবৰ ৰাজ্যকেইখন বনাঞ্চলেৰে ভৰা সেয়ে এই ৰাজ্যকেইখনত পাম খেতিৰ পৰা বিপদ হোৱাৰ সম্ভাৱনাই অধিক। কেবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে বৃহৎ প্ৰতিষ্ঠানসমূহে কম পৰিমাণৰ ভূমিত খেতি কৰিব নিবিচাৰে। ফলত ভূমি অধিগ্ৰহণৰ সীমা বৃদ্ধি কৰিবলগীয়া হয়। বৰ্তমান ভূমি অধিগ্ৰহণৰ সীমা বাৰিষাৰ পানী থকা ঠাইত ৫৪ একৰ আৰু জলসিঞ্চনৰ ব্যৱস্থা কৰিবলগীয়া হোৱা ঠাইত এই সীমা ১৮ একৰ।

'যদিহে লেণ্ড হল্ডিঙৰ সীমা নাইকিয়া কৰি দিয়া হয় তেন্তে সকলো বৃহৎ কৃষি প্ৰতিষ্ঠানসমূহে পাম অইলৰ খেতি কৰিবলৈ আৰম্ভ কৰিব আৰু সমস্যাই দেখা দিব। পাম খেতিত যিহেতু যথেষ্ট পানীৰ প্ৰয়োজন হয় তাৰ ফলতো আন এক সমস্যাই মূৰ দাঙি উঠিব।’- ৰামনজানয়েলুৱে কয়। তেওঁ আৰু কয় যে পাম অইলৰ ফল কটাৰ পিছত তেল উলিয়াবলৈ ২৪ ঘণ্টাৰ ভিতৰত প্ৰচেছিং কৰাৰ প্ৰয়োজন হৈ পৰে। পাহাৰীয়া অঞ্চলসমূহত পৰিবহণ এক ডাঙৰ সমস্যা। সেয়ে খেতি কৰাৰ পূৰ্বে এই দিশটোলৈ চৰকাৰে মনোযোগ দিয়া উচিত বুলিও মন্তব্য কৰে ৰামনজানয়েলুৱে।

অৱশ্যে কৃষি নেশ্যনেল একাডেমী অব ছায়েন্সেজৰ সচিব প্ৰমোদ কুমাৰ যোশী ৰামনজানয়েলুৰ মন্তব্যৰ সৈতে মুঠেও একমত নহয়। তেওঁ কয় যে পাম অইলৰ খেতিয়ে ভাৰতীয় কৃষকসকলক অধিক লাভান্বিত কৰিব। ইয়াৰ ফলত দেশত বিনিয়োগ আৰু কৰ্মসংস্থাপন বৃদ্ধি পোৱাৰ লগতে তৈলজাত সামগ্ৰীৰ ক্ষেত্ৰখনত আত্মনিৰ্ভৰ হ’ব আৰু কৃষকসকলৰ আয় বৃদ্ধি পাব। পাম অইলৰ নতুন বৰ্ণসংকৰ প্ৰজাতিৰ পৰা পাৰিপাৰ্শ্বিক দিশত হ'ব পৰা ক্ষতিৰ পৰিমাণ তেনেই নগণ্য বুলিও দাবী কৰিছে প্ৰমোদ কুমাৰ যোশীয়ে।

এনেদৰে এতিয়া অসমৰ লগতে ভাৰতৰ অন্যান্য প্ৰান্ততো পাম অইলক লৈ বিতৰ্ক অব্যাহত আছে। বিতৰ্ক আৰু সম্ভাৱনাৰ মাজতে পাম অইলৰ খেতিৰ পৰা অনাগত দিনত ভাৰত তথা অসমৰ কৃষকসকলে লাভৰ মুখ দেখাকৈ লিটাৰে লিটাৰে তেল পাবলৈ সমৰ্থ হয় নে চকুলোহে টুকিবলগীয়া হয় সেয়া সময়েহে ক'ব।