কাজিৰঙাঃ দেশৰ আন জনতাৰ দৰেই চিত্ৰশিল্পী পাপু সম্প্ৰতি লকডাউনত আবদ্ধ৷ কৰ’না মহামাৰীৰ ত্ৰাসে জনজীৱন স্তব্ধ কৰিলেও পাপুৰ শিল্পীমন বান্ধি ৰাখিব পৰা নাই৷ জনজীৱনৰ গৃহবন্দীৰ এই সময়চোৱাত কাজিৰঙা নিৱাসী চিত্ৰশিল্পী পাপু ঘোষৰ তুলিকাত উদ্ভাসিত হৈছে ন ন জীৱন্ত সৃষ্টি৷ যেন সৃষ্টিৰ তাড়নাতে পুনৰ জন্ম হৈছে সদাব্যস্ত চিত্ৰ শিল্পীগৰাকীৰ৷ 

গৃহবন্দীৰ এই সময়ছোৱাত এনেয়ে ঘৰত শুই-বহি সময় অতিবাহিত কৰাৰ বিপৰীতে পাপুৱে প্ৰকৃতিৰ নিভাঁজ ৰূপ আৰু গ্ৰাম্য জীৱনৰ কথকতাক ৰং তুলিকাৰে উদ্ভাসিত কৰি অংকন কৰিছে এলানি চিত্ৰ৷ প্ৰকৃতিৰ বিধ্বংসী ৰূপ লোৱা বৰদৈচিলাৰ তাণ্ডৱত দৰিদ্ৰজনৰ ভাঙি যোৱা পঁজাটিৰে সৈতে যি কৰুণতা সেয়াও চিত্ৰত জীৱন্ত ৰূপত অংকন কৰিছে পাপুৱে৷ 

মনোজগতত থকা প্ৰখৰ অনুভৱে সৃষ্টিৰ মাজেদি শিল্প কৰ্মত প্ৰকাশ পায় প্ৰাণৰ সঞ্চয়। নিৰ্জীৱতাত প্ৰাণ সঞ্চয় কৰা তেনে এজন সংবেদনশীল প্ৰতিষ্ঠিত চিত্ৰ-ভাস্কৰ্য শিল্পী হৈছে কাজিৰঙাৰ পাপু ঘোষ৷ পাপু সাম্প্ৰতিক অসমৰ এজন সৰ্ব পৰিচিত ভাস্কৰ্যশিল্পী৷ ভাস্কৰ্য শিল্পকৰ্মৰ লগে লগে চিত্ৰশিল্পতো তেওঁৰ আছে যথেষ্ট দখল৷ 

উল্লেখ্য যে সৃষ্টিশীল আৰু চিন্তাশীল জগতখনত কেনেকৈ নতুন নতুন সম্ভাৱনাৰ দিশৰ উন্মোচন কৰাৰ প্ৰয়োজন তাৰ প্ৰতি লক্ষ্য ৰাখি চাৰুকলা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লৈ ভাস্কৰ হিচাপে সৃষ্টিশীল ক্ষেত্ৰখনত নিজস্ব ধ্যান-ধাৰণাৰে পাপুৱে অব্যাহত ৰাখিছে নিজৰ কৰ্মৰাজি৷ মাটিৰ সৈতে প্ৰতিনিয়ত সম্পৰ্ক ৰাখিবলৈ যত্ন কৰা পাপুৰ ভাস্কৰ্যত মূৰ তুলি থকা বিভিন্ন ভাস্কৰ্যই মহামাৰীৰ এনে সংকট কালতো সূচনা কৰিছে আশাবাদৰ। 

আনহাতে, পাপুৱে শিল্পকৰ্মৰ জৰিয়তে উপস্থাপন কৰাৰ প্ৰয়াস কৰিছে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱীতে উদ্যোগীকৰণৰ নামত ষড়যন্ত্ৰৰ বলি হোৱা ভগ্নপ্ৰায় সমাজ ব্যবস্থাৰ প্ৰকৃত স্বৰূপ। তেওঁৰ ৰং-তুলিকাত প্ৰাণ পাই উঠা প্ৰতিখন ছবি ছ’চিয়েল মিডিয়াৰ জৰিয়তে প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিবলৈ বাধ্য হৈছে প্ৰতিজন লোক। এনেদৰেই এতিয়া লকডাউনৰ সময়ছোৱাত সৃষ্টিকৰ্ম অব্যাহত ৰাখি খাটিখোৱা মানুহৰ আৱেগ-অনুভূতি প্ৰকাশ কৰা পাপুৰ চিত্ৰকৰ্মক লৈ তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত।

'পাপু ঘোষৰ ছবি আচলতে ছবি নহয়, তেওঁৰ ছবি বাস্তৱতকৈয়ো জীয়া বাস্তৱ। হাতত কি যাদু থাকিলে এনেদৰে ৰং-তুলিকাৰে ছবি এখনক জীৱন্ত ৰূপ দিয়াতো সম্ভৱ সেয়া আমাৰ বোধশক্তিৰ বাহিৰত। আমি কেৱল মুগ্ধ হও, আৰু মুগ্ধ হও।’-পাপু ঘোষৰ ছবি প্ৰত্যক্ষ কৰি বিস্ময়াভিভূত হৈ এইদৰে মন্তব্য কৰা দেখা গৈছে ৰাজ্যৰ অসংখ্যা নেটিজেনক।