ডিজিটেল ডেস্কঃ কাশ্মীৰত শিল দলিওৱা প্ৰতিবাদকাৰীক বাধা দিয়াৰ বাবে বনেটত কাশ্মীৰী যুৱক এজনক সেনাৰ জীপৰ আগত বান্ধি নিয়া ঘটনাই কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে কাশ্মীৰত মানবধিকাৰৰ বিষয়টোক লৈ পুনৰ্বাৰ চিন্তিত কৰি তুলিছিল৷ 

গণতান্ত্ৰিক দেশ এখনত এনেদৰে জীপৰ আগত প্ৰতিবাদকাৰীক বান্ধি নিয়া দৃশ্য দেখি সমগ্ৰ বিশ্বতে ভাৰত সমালোচিত হোৱাৰ সময়তে দেশখনৰ শাসকীয় দলৰ এজন সাংসদৰ এক উদ্ভট মন্তব্যই সকলোৰে চকু কপালত তুলিছে৷ 

সংসদত বিজেপিৰ সাংসদ তথা বলিউডৰ জনপ্ৰিয় অভিনেতাগৰাকীয়ে কৈছে যে জীপত শিল দলিওৱাজনতকৈ অৰুন্ধতী ৰয়কহে বান্ধিব লাগে৷ 

সততে কাশ্মীৰৰ হৈ মাত মতা বুকাৰ বঁটা বিজয়ী অৰুন্ধতী ৰায়ক কটাক্ষ কৰিয়ে ৰাৱলে এই মন্তব্য কৰিছে৷ 

সংবাদমাধ্যমত প্ৰকাশিত প্ৰতিবেদন মতে লেখিকাগৰাকীয়ে কিছুদিন আগতে কৈছিল যে কাশ্মীৰত ৭ ৰপৰা ৭০ লাখ সেনা মোতায়েন কৰিলেও কাশ্মীৰত নিজৰ উদ্দেশ্য সাধন কৰিব নোৱাৰে ভাৰতে৷      

সেয়ে বিজেপিৰ সাংসদজনে এনেদৰে তিঁতা-কেহা মাত মাতিছে অৰুন্ধতী ৰয়ৰ বিৰুদ্ধে৷