newsnextone.com | ডিজিটেল ডেস্কঃ সংসদৰ বৰ্ষাকালীন অধিবেশ ১৮ জুলাইৰ পৰা ১০ আগষ্টলৈ অনুষ্ঠিত হ’ব৷ ১৮ দিন চলিবলগীয়া অধিবেশনত তিনি তালাক, পিছপৰা শ্ৰেণীৰ আয়োগৰ সাংবিধানিক মৰ্যদা দিয়াকে ধৰি কেইবা খনো বিধেয়ক চৰকাৰে উত্থাপন কৰিব পাৰে৷ ইতিমধ্যে দেশৰ প্ৰতিটো দলে চৰকাৰক ঘেৰিবলৈ সাজু হৈছে৷  

বুধবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিবেশনৰ এদিন পূৰ্বে মঙলবাৰে পাৰ্লিয়ামেণ্ট লাইব্ৰেৰীত সৰ্বদলীয় বৈঠক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত অনুষ্ঠিত হয়৷ সৰ্বদলীয় বৈঠকত দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছকে ধৰি আটাইকেইটা দলে উপস্থিত থাকে৷ বৰ্ষাকালীন অধিবেশন উত্তপ্ত হ’ব বুলি আশংকা কৰি থকা হৈছে যদিও সকলো দলেই অধিবেশনত সহায় কৰাৰ কথা প্ৰকাশ কৰে৷ বৰ্ষাকালীন অধিবেশন সফল কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰৰ চেষ্টা চলাই গৈছে৷ কেন্দ্ৰীয় মন্ত্ৰী অনন্ত কুমাৰে কয় যে সৰ্বদলীয় বৈঠক ইতিবাচক হৈছে৷ দুয়োখন সদন সুচাৰুৰূপে চলিব দিব বুলি স্পষ্ট কৰে সকলো দলে৷

আনহাতে মঙলবাৰে দিল্লীত শাসকীয় দল বিজেপিয়ে বৈঠক অনুষ্ঠিত কৰে৷ বৰ্ষাকালীন অধিবেশন সফল কৰিবৰ বাবে নীতি নিৰ্ধাৰণ কৰিবৰ বাবে এই বৈঠক অনুষ্ঠিক কৰিছে বিজেপিয়ে৷ এনডিএত অংশদাৰী দলেও এই বৈঠকত অংশ ল’ব৷

ইয়াৰ পূৰ্বে বুধবাৰে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে দিল্লীৰ ১০ জনপথত বিশিষ্ট নেতাৰ সৈতে বৈঠক অনুষ্ঠিত কৰে৷ ৰাহুলে পূৰ্বেই প্ৰধানমন্ত্ৰীক পত্ৰ লিখি বৰ্ষাকালীন অধিবেশনত মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবৰ বাবে আবেদন জনায়৷ লোকসভাত বিজেপি সংখ্যাগৰিষ্ঠতা আছে৷ এই ঐতিহাসিক বিধেয়ক গৃহীত কৰিবৰ আপোনালোকক সহযোগৰ প্ৰয়োজন৷ মই আশা কৰো কোনো বাধা আহি নপৰিব৷’’ ইমানে নহয় মহিলা সংৰক্ষণ বিধেয়ক গৃহিত কৰিবৰ বাবে কংগ্ৰেছে চৰকাৰক বিনা কাৰণত সমৰ্থন কৰিব বুলি কয়৷