• মৰিগাওঁ অসামৰিক চিকিৎসালয়ত আজব কাণ্ড
  • ধন লৈ গৰ্ভপাত কৰাওতে ৰোগীৰ মৃত্যু
  • চিকিৎসক ডাঃ আব্দুল জলিলক গ্ৰেপ্তাৰ আৰক্ষীৰ 

মৰিগাওঁঃ দীৰ্ঘদিন ধৰি অৰাজকতাই বিৰাজ কৰি অহা মৰিগাঁও অসামৰিক চিকিৎসলয়ত সংঘটিত হৈছে এক আজব কাণ্ড। স্বাস্থ্য বিভাগৰ নিৰ্দেশনাক ভেঙুচালি কৰি মৰিগাওঁ অসামৰিক চিকিৎসলয়ত একাংশ চিকিৎসকে ধনৰ বিনিময়ত যে দীৰ্ঘদীনে অতি গোপনে গৰ্ভপাতৰ ব্যৱসায় চলাই আহিছে সেইয়া চিকিৎসালয়ৰ এটা ঘটনাই পোহৰলৈ আনিছে। 

আটাইতকৈ ডাঙৰ কথা বিভাগীয় ডাক্তৰ নহৈও এই ঘটনাত জড়িত হৈ আছে চিকিৎসালয় খনৰ একাংশ ডাক্তৰ। চিকিৎসালয় খনত চলি থকা এই অবৈধ গৰ্ভপাত ব্যৱসায়ৰ ফলতেই কালি এজন ৰোগীয়ে মৃত্যুক আকোৱালি লব লগীয়াত পৰে। ইতিমধ্যে অবৈধ গৰ্ভপাত কৰোৱা ব্যৱসায়ত জড়িত থকা মৰিগাঁও অসামৰিক চিকিৎসলয়ৰ চিকিৎসক জন হৈছে আব্দুল জলিল। 

প্ৰাপ্ত অভিযোগ অনুসৰি কালি পেঠলজি বিভাগৰ চিকিৎসক ডাঃ আব্দুল জলিলে অবৈধ ভাবে গৰ্ভপাতৰ অস্ত্ৰোপচাৰ কৰে মায়ং আৰক্ষী থানাৰ অন্তৰ্গত খলাভূঞা গাৱঁৰ চমলা খাতুন (২২) নামৰ এগৰাকী মহিলাক। ৪ মাহৰ গৰ্ভৱতী মহিলা গৰাকীক গৰ্ভপাত কৰোৱাৰ ফলত মহিলা গৰাকীয়ে দুৰ্ভাগ্যবশত মৃত্যুক আকোৱালি ল’ব লগীয়া হোৱাত আজি মৃত্যু হোৱা মহিলা গৰাকীৰ পিতৃ গিয়াচুদ্দিনে মৰিগাওঁ সদৰ থানাত এক গোচৰ ৰুজু কৰে।

ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাৰ অধীত ৰুজু হোৱা  ১২২/১৯ নং গোচৰৰ ভিত্তিত মৰিগাওঁ আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰিছে চিকিৎসক আব্দুল জলিলক।  

অভিযোগকাৰী গিয়াচুদ্দিনে ৫ হাজাৰ টকাৰ বিনিময়ত চিকিৎসক আব্দুল জলিলে এই অস্ত্ৰোপচাৰ কৰাইছিল বুলি  আৰক্ষীক অভিযোগ দাখিল কৰিছে। এই ঘটনাক লৈ সাধাৰণ মানুহৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।