গুৱাহাটীঃ"ডু ৰে মি মিউজিক স্কুল"ৰ উদ্যোগত এঘাৰ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চানমাৰিস্থিত পণ্ডিত তীৰ্থনাথ শৰ্মা ভৱনত সদৌ অসম ভিত্তিত আয়োজন কৰা হৈছে   প্ৰাইজমানি দেশপ্ৰেমমূলক অসমীয়া গীতৰ প্ৰতিযোগিতা ৷

প্ৰতিযোগীসকলে বিষয়বস্তুৰ লগত সংগতি ৰাখি অসমৰ চিৰসেউজ যুগজয়ী গীতিকাৰ, সুৰকাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা,কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা,সুধাকণ্ঠ ড' ভূপেন হাজৰিকাৰ(একক ভাৱে)দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰিব লাগিব৷

তিনিটা শাখাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ "ক" শাখাত প্ৰথম শ্ৰেণীৰ পৰা ষষ্ঠ শ্ৰেণী, "খ" শাখাত সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণী আৰু "গ" শাখাত একাদশ শ্ৰেণীৰ পৰা ২৪ বছৰ বয়সলৈকে প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰিব পাৰিব৷

"ক" শাখাৰ স্থানপ্ৰাপ্ত প্ৰথম,দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীক ক্ৰমে তিনি হাজাৰ এটকা, দুহাজাৰ এটকা আৰু এহাজাৰ এটকা, "খ" শাখাৰ প্ৰথম,দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্তক ক্ৰমে পাঁচ হাজাৰ এটকা,তিনি হাজাৰ এটকা আৰু দুহাজাৰ এটকা, "গ" শাখাৰ স্থান প্ৰাপ্ত প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰতিযোগীক ক্ৰমে দহ হাজাৰ এটকা,পাঁচ হাজাৰ এটকা আৰু তিনি হাজাৰ এটকাৰে পুৰস্কৃত কৰা হ'ব৷

তাৰোপৰি জুৰিয়ে নিৰ্বাচিত পাঁচ গৰাকীক বিশেষ জুৰি বঁটাত মানপত্ৰ আৰু ট্ৰফী প্ৰদান কৰাৰ লগতে অংশগ্ৰহণকাৰী সকলো প্ৰতিযোগীকে প্ৰমাণ পত্ৰ প্ৰদান কৰিব ৷

উল্লেখ্য যে, এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে নিৰ্দিষ্ট প্ৰ-পত্ৰ পূৰণ কৰি অহা চাৰি ফেব্ৰুৱাৰীৰ ভিতৰত "ডু ৰে মি মিউজিক স্কুল"(আই টি এম) জু ৰোড তিনি আলি,গুৱাহাটী-২৪ ত জমা দিব লাগিব৷ প্ৰ-পত্ৰৰ লগত "ক" শাখাৰ বাবে ২৫০ টকা,"খ" শাখাৰ বাবে ৩৫০ টকা আৰু "গ" শাখাৰ বাবে ৫০০ টকা ভৰ্তি মাচুল আৰু জন্মৰ প্ৰমাণ-পত্ৰ দিব লাগিব৷

প্ৰতিযোগীসকলে সবিশেষ জানিবৰ বাবে ৯৯৫৪০৫৭৩৯৬,৮৮২২০৩৪৫৯০,৮৬৩৮৫৯৮৮০৪ আৰু ৭৬৬৩০৭৫১৬৯ নম্বৰত যোগাযোগ কৰিব পাৰিব ৷