ডিজিটেল ডেস্কঃ অনতিপলমে কুলভূষণ যাদৱৰ ফাঁচিৰ বাবে আবেদন জনাইছে উচ্চতম ন্যায়ালয়ত৷ পাকিস্তানৰ উচ্চতম ন্যায়ালয়ত বিষয়টো সম্পৰ্কত আবেদন জনাইছে মুজামিল আলি নামৰ অধিবক্তাগৰাকীয়ে৷

দেশখনৰ বিৰোধী দল পিপিপি ৰ নেতা তথা অধিবক্তাগৰাকীয়ে আন্তৰ্জাতিক আদালতে ফাঁচিৰ নিৰ্দেশ দিলেই যাতে লগে লগে এই নিৰ্দেশ কাৰ্যকৰী হয় সেইয়া আবেদন কৰে দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ওচৰত৷

আবেদনখনত অধিবক্তাগৰাকীয়ে উল্লেখ কৰিছে যে সন্ত্ৰাসজনিত কাৰ্যকলাপৰ পৰা নিজক ৰক্ষা কৰিবলৈ পাকিস্তানৰ জনতাৰ সম্পূৰ্ণ অধিকাৰ আছে৷ এই অধিকাৰৰ বাবেই উক্ত আবেদন কৰিছে অধিবক্তাগৰাকীয়ে৷

উল্লেখযোগ্য যে ভাৰতৰ হৈ পাকিস্তানত চোৰাংচোৱাগিৰিৰ অভিযোগত কুলভূষণ যাদৱক আটক কৰিছিল পাকিস্তানী সেনাই৷

ইয়াৰ পিছতেই কুলভূষণক মৃত্যুদণ্ডৰে দণ্ডিত কৰাৰ নিৰ্দেশ দিছিল পাক আদালতে৷ অৱেশ্যে ১৯মে'ত ইন্টাৰনেশ্যনেল কৰ্ট অফ জাষ্টিছে ফাঁচিৰ নিৰ্দেশ খাৰিজ কৰে৷ তেতিয়াৰ পৰা বিষয়টো আন্তৰ্জাতিক আদালতত বিচাৰাধীন হৈ আছে৷