Oneindia
Oneindia

newsnextone.com | গুৱাহাটীঃ ২০১৪ চনত লোকসভা নিৰ্বাচনত গেৰুৱা দল বিজেপিয়ে দিয়া প্ৰতিটো শ্ল’গান দেশৰ লোকে মনত পেলাবলৈ ধৰিছে৷ বিদেশৰ বেংকৰ পৰা কলা ধন আনি ১৫ লাখকৈ প্ৰতিটো পৰিয়ালৰ একাউণ্টত সোমাই দিয়া, অচ্ছে দিন, মূল্যবৃদ্ধি ৰোধ আদি শ্ল’গান মনত পেলাবলৈ ধৰিছে ৰাইজে৷

যোৱা লোকসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰিলেও জনগণক মাধমাৰ শোধাই আহিছে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মাধমাৰে ৰাইজক এতিয়া সৰিয়হৰ ফুল দেখুৱাইছে৷ মূল্যবৃদ্ধিৰ ফলত সাধাৰণ লোকে এতিয়া জীৱন ধাৰণৰ বাবে যুদ্ধ কৰিব লগা হৈছে৷ বিশেষতৈ যোৱা এমাহত নিতৌ অলপ অলপ কৈ পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি হৈ ৮০ৰ ঘৰ পাৰ কৰিলে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য৷

ৰাইজক ৰামটাঙোন দি মোডী চৰকাৰে পেট্ৰলৰ দাম বৃদ্ধি কৰি অভিলেখ ভংগ কৰি পৰিৱৰ্তন আনিলে বুলি ৰাইজে কবলৈ বাধ্য হৈছে৷ আমাক ৰামটাঙোন দিছে মোডীয়ে৷ মোডীয়ে এতিয়া এনেদৰেই পৰিৱৰ্তন কৰা বুলি ধৰি লব লাগিব বুলি ৰাইজে কবলৈ বাধ্য হৈছে৷ সোমবাৰে ৮০.৪৯ আছিল পেট্ৰলৰ দাম৷ মঙলবাৰে ১৭ পইচা বৃদ্ধি হৈ মঙলবাৰে পুৱাৰে পৰা প্ৰতিলিটাৰ পেট্ৰ’লত ৮০.৬৬ টকাকৈ বিক্ৰী হৈছে৷