newsnextone.com | ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ হোশংগাবাদৰ এটা পেট্ৰ’ল পাম্পত কৰ্মৰত এজন যুৱকক পেট্ৰ’ল পাম্পৰ মালিকে বৰ্বৰ ভাৱে প্ৰহাৰ কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছতে ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়৷ ভিডিঅ’টোত মালিকে যুৱক জনক পেট্ৰ’ল পাম্পত ৰচীৰে বান্ধি লৈ চাবুকেৰে উপৰ্য্যুপৰি প্ৰহাৰ কৰি থকা পৰিলক্ষিত হৈছে৷ কিন্তু আশ্বৰ্যকৰ বিষয় এয়া যে কৰ্মচাৰীজনক প্ৰহাৰ কৰাৰ ভিডিঅ’ খোদ মালিক জনে নিজেই নিৰ্মাণ কৰিছে৷

জানিব পৰা মতে, অজয় নামৰ এজন দলিত সম্প্ৰদায়ৰ যুৱকে পেট্ৰ’ল পাম্পটোত কাম কৰিছিল৷ কিন্তু তিনিদিন তেওঁ কামলৈ আহিব নোৱাৰা বাবে পেট্ৰ’ল পাম্পৰ মালিকজন ইমানেই ক্ৰোধিত হয় যে তেওঁ অজয় নামৰ কৰ্মচাৰীজনক মাতি আনি ৰচীৰে বান্ধি লৈ প্ৰহাৰ কৰে৷

ইফালে কৰ্মচাৰী অজয়ে তিনিদিন কামলৈ আহিব নোৱাৰাৰ কাৰণ দৰ্শাই তেওঁৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি কয় যদিও পেট্ৰ’ল পাম্পৰ মালিক চিন্টু চাহুৱে তেওঁৰ কথা নুশুনি চাবুকেৰে উপৰ্য্যুপৰি প্ৰহাৰ কৰে৷ আনহাতে এই ঘটনাৰ বিষয়ে চিন্টু চাহুৱে যুৱকজনক আৰক্ষীক অৱগত নকৰিবলৈও ধমকি দিয়ে৷ 

অজয় নামৰ কৰ্মচাৰীজনে মালিকৰ হাতত প্ৰহৃত হৈ শেষত গাঁৱলৈ গুছি যায় যদিও পিছত পুনৰ চহৰলৈ উভটি আহি মালিক আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে আৰক্ষী তানাত এখন এজাহাৰ দাখিল কৰে৷ যুৱকজনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে চিন্টু চাহুৰ লগতে দীপক চাহু নামৰ আন এজন লোকক আটক কৰে৷ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এছচি এছটি ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷