newsnextone.com/চতিয়া: পেট্ৰল, ডিজেলৰ মূল্য শতকৰ দিশে গতি কৰাৰ সময়তে বিশ্বনাথৰ চতিয়াৰ এটা পেট্ৰল ডিপুত ডিজেলৰ নামত পানী বিক্ৰী কৰি ধন ঘটিছে  ডিপুৰ মালিকে ৷ চতিয়াত অৱস্হিত ভাৰত পেট্ৰলিয়ামৰ ডিপুত এজন গ্ৰাহকে এখন বলেৰ গাড়ীত ডিজেল ভৰোৱাৰ লগে লগে পোহৰলৈ আহে এই ঘটনা।গাড়ী খনত ডিজেল ভৰোৱাৰ পিছতে গাড়ী খনৰ ইঞ্জিন বন্ধ হৈ যায়। বহু সময় ধৰি চেষ্টা কৰাৰ পিচত গাড়ী খনৰ পৰা পানী খিনি বাহিৰ কৰা হয় । ডিজেলৰ পৰিবৰ্তে পানী সোমোৱাৰ অভিযোগ গ্ৰাহকে কৰিছিল যদিও ডিপুটোৰ কৰ্তৃপক্ষই গুৰুত্ব দিয়া নাছিল। গাড়ী খনৰ পৰা পানী উলিওৱাৰ পিছত উত্তপ্ত পৰিস্থিতিৰ আশংকা কৰি  ডিপুটোৰ কৰ্তৃপক্ষই ডিপুটোত পেট্ৰল ডিজেল বিক্ৰী বন্ধ কৰে। প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈৰ পত্নীৰ মালিকাণাধীন ডিপুটোৰ মেনেজাৰে কোৱা মতে কালি মুষলধাৰ বৰষুণ দিয়াৰ পিছত ডিপুটোৰ তেলমজুত কৰা টেংকিত পানী সোমোৱাৰ বাবে এনে ঘটনা ঘটিছে । উল্লেখ্য যে এই ডিপোটোত আজিয়েই নহয় কিছু দিনৰ আগৰে পৰা বাহনত ইন্ধন ভৰোৱাৰ পাছত বাহনসমূহ বিকল হৈ পৰে বুলি অভিযোগ উত্থাপন কৰিছে বহু গ্ৰাহকে ।