কোকৰাঝাৰঃ বিজেপি চৰকাৰে হিন্দু বাংলাদেশীৰ সপক্ষে মাত মাতি অহাৰ সময়তে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই বিজেপিৰ উক্ত সিদ্ধান্তৰ বিৰুদ্ধে অাজি কোকৰাঝাৰত প্ৰতিবাদমুখৰ হৈ পৰে। চৰকাৰে হিন্দু বাংলাদেশীক অসমত অাশ্ৰয় দিয়া সন্দৰ্ভত সিদ্ধান্তৰ মুকলি বিৰোধিতা কৰি হিন্দু বাংলাদেশীক ৰাজ্যত অাশ্ৰয় দিলে ভাষা, সংস্কৃতিৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি মন্তব্য কৰিছে।

নতুন প্ৰজন্মৰ সুৰক্ষাৰ বাবে অসম চুক্তি কৰা হৈছিল অাৰু সকলো ৰাজনৈতিক দল-সংগঠনে উক্ত চুক্তি মাানি লোৱাৰ পিছত এতিয়া একমাত্ৰ ৰাজনৈতিক কাৰণতে ভোটৰ অংকৰে হিন্দু বাংলাদেশীক অাশ্ৰয় দিব খোজা বিষয়টো কোনোপধ্যে ৰাইজে মানি নল’ব, বৰং ১৯৭১ চনৰ পিছত অহা যিকোনো ধৰ্মৰ লোকক বহিষ্কাৰ সন্দৰ্ভতহে জনসাধাৰণে ৰায় দিব। অসম চুক্তি অাখৰে অাখৰে ৰূপায়িত হ’লেহে সমস্যা দূৰীভূত হ’ব বুলি মন্তব্যৰে প্ৰফুল্ল কুমাৰ মহন্তই গুজৰাটত হিন্দু বাংলাদেশীক অাশ্ৰয় দিলে অৱশ্যে অাপত্তি নাই বুলি মন্তব্য কৰে৷

আজি কোকৰাঝাৰস্থিত ভোটগাঁৱত অনুষ্ঠিত সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ ১৩সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মহন্তই উক্ত মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰক অসম চুক্তিৰ দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিবলৈ আহবান জনাইছে৷ অসমীয়া আৰু খিলঞ্জীয়াৰ সূত্ৰ বিচাৰি কোনোবাই হাবাথুৰি খাব নালাগে বুলি মন্তব্যৰে অসম চুক্তিত অসমীয়া অাৰু খিলঞ্জীয়া সন্দৰ্ভত স্পষ্টকৈ উল্লেখ আছে বুলিও মহন্তই উনুকিয়াই দি এবিএমছুৰ সভাত অসমত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীক একতাৰ ডোলেৰে আগুৱাই নি এখন বিদেশীমুক্ত অসম গঢ়াৰ বাবেও অসমবাসীক আহ্বান জনায়৷

বঙালী হৈও মমতা বেনাৰ্জী আৰু মাণিক সৰকাৰে যদি ১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীৰ বিৰোধিতা কৰিব পাৰে তেনেহ’লে অসমীয়া হৈ অসম চুক্তি উলংঘন কৰাৰ চেষ্টাৰ বিৰোধিতা কৰা মানেই বাঙালী বিৰোধী নহয় বুলি তাৎপৰ্যপূৰ্ণ মন্তব্যৰে মহন্তই ১৯৭১ ৰ পিছত অহা সকলোকে বহিষ্কাৰ সপক্ষে মত প্ৰকাশ কৰে।

ইফালে ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়াই সভাত অংশগ্ৰহণ কৰি ভাষণত বিটিএডিত এজনো বিদেশী নাই বুলি মন্তব্যৰে সকলো জাতি-জনগোষ্ঠীকে সমিলমিলেৰে বসবাস কৰাৰ অাহ্বান জনায়। পৃথক বড়োলেণ্ড গঠন সন্দৰ্ভত নিজ মতামত দাঙি ধৰি পৃথক বড়োলেণ্ড গঠনৰ প্ৰশ্নই আহিব নোৱাৰে বুলি মত প্ৰকাশেৰে অবড়োৰ জনগাঁথনি সংখ্যাগৰিষ্ঠতাই পৃথক বড়োলেণ্ড ৰাজ্য গঠনে সংঘাতৰ সূচনা ঘটাব বুলি মন্তব্য কৰে৷

তেওঁ সাংসদ থকালৈকে বড়োলেণ্ড হ’বলৈ দিয়া নহ’ব বুলি হুংকাৰো দিয়ে৷ এবিএমছুৰ কেন্দ্ৰীয় সভাপতি লাফিকুল ইছলাম আহমেদৰ সভাপতিত্বত অনুষ্ঠিত আজিৰ মুকলি সভাত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে অংশগ্ৰহণ কৰি কয় যে অসমত এক সমন্বয়ৰ ইতিহাস আছে যদিও গোটেই অসমখনতে ইজনে-সিজনৰ প্ৰতি সন্দেহৰ দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিছে৷ সমিলমিলৰে বসবাস কৰা অসমীয়াৰ মাজত ৰাজনৈতিক শক্তিয়ে বিভাজন আনিছে বুলি মন্তব্য কৰে৷

কংগ্ৰেছ দলৰ ভ্ৰষ্টাচাৰ আৰু দুৰ্নীতিৰ বাবে অসমৰ ৰাইজে দলটোক বাদ দি বিজেপিক ভোট দিলে আৰু ৰাজ্যত বিজেপিৰ চৰকাৰ হ’ল, পিছে এতিয়া বিজেপিয়ে হিন্দু বাংলাদেশীক অসমত আশ্ৰয় দিয়াৰ যো-জা চলাই মুছলমান বাংলাদেশীক খেদিব ওলাইছে৷ বিজেপিৰ এই কাৰ্য কেতিয়াও মানি লোৱা নহ’ব বুলি হুংকাৰ দি কুমাৰ দীপক দাসে কয় যে বিজেপিয়ে বিদেশী নাগৰিকৰ সমস্যা বৃদ্ধিহে কৰিলে৷ সকলোৱে একেলগে হাতে হাত ধৰি আগুৱাই যাওক বুলিও অসমবাসীক আহবান জনাই দাসে মহন্তৰ দিনত সকলো মাদ্ৰাছা স্কুল প্ৰাদেশীকৰণ কৰা হৈছিল আৰু সংখ্যালঘু উন্নয়ন নিগমো গঠন কৰা হৈছিল বুলিও ভাষণত উল্লেখ কৰে৷

উল্লেখ্য যে তিনিদিনীয়া কাৰ্যসূচীৰে ৮, ৯ আৰু ১০ এপ্ৰিলত ভোটগাঁৱত অনুষ্ঠিত এবিএমছুৰ ১৩সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ আজিৰ মুকলি সভাৰ পূৰ্বে পুৱা ৯ বজাত পতাকা উত্তোলন, ১০ বজাত ছহিদ তৰ্পণ আৰু দোওৱা পাঠ কৰা হয়৷ আজিৰ মুকলি সভাত এবিএমছুৰ মুখ্য উপদেষ্টা ছাহজাহান আলী আহমেদ, সাধাৰণ সম্পাদক সাহকামাল খন্দকাৰকে ধৰি ছাত্ৰ সংগঠনটোৰ সকলো জিলা আৰু আঞ্চলিকৰ কেইবাগৰাকী নেতাৰ লগতে কেবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি ভাষণ আগবঢ়ায়৷