কোকৰাঝাৰঃ বিটিএডিৰ সদৰত বুধবাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ শুভাৰম্ভ কৰা হয়৷ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰথম পৰ্যায়ত কোকৰাঝাৰ নগৰ অঞ্চলৰ ১৫৬১ গৰাকী হিতাধিকাৰীৰ নাম বাছনি কৰি বুধবাৰে আধাৰ শিলা স্থাপন কৰে বিটি কৰ্তৃপক্ষই৷ ইতিমধ্য গৃহ নিৰ্মানৰ আৱন্টন লাভ কৰা দুই গৰাকী হিতাধিকাৰীৰ গৃহৰ বুধবাৰে আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত গৃহ নিৰ্মানৰ আৱন্টনপত্ৰ লাভ কৰা কোকৰাঝাৰ চহৰৰ ৮নং ওবাৰ্ডৰ হিতাধিকাৰী ৰানীবালা ব্ৰহ্মৰ গৃহৰ পুৱা ১০ বজাত আধাৰশিলা স্থাপন কৰে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে৷ আনহাতে চহৰখনৰ ১নং ওৱাৰ্ডৰ হিতাধিকাৰী গৌৰী সৰকাৰৰ গৃহৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই৷

আধাৰশিলা স্থাপন কৰি কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে দৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে আৰু ইয়াৰে অন্যতম হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা বুলি কয়৷ আঁচনি যাতে সফলভাৱে ৰূপায়ন হয় তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা নজৰ ৰাখিবলৈ আহবান জনাই কাৰ্যবাহী সদস্যগৰাকীয়ে৷

আধাৰশিলা স্থাপনত অংশগ্ৰহণ কৰা কোকৰাঝাৰ পৌৰসভাৰ অধ্যক্ষ বিষ্ণু নাৰ্জাৰীয়ে সদৰী কৰা মতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত কোকৰাঝাৰ চহৰৰ ১০খন ওৱাৰ্ডৰ ১৫৬১ গৰাকী হিতাধিকাৰীক গৃহ নিৰ্মানৰ আৱন্টনপত্ৰ বিতৰণৰ বাবে বাছনি কৰা হৈছে৷ ইয়াৰে ২১৭ গৰাকী হিতাধিকাৰীয়ে গৃহ নিৰ্মাণৰ প্ৰথম কিস্তিৰ ধন লাভ কৰা বুলি জানিবলৈ দিয়ে পৌৰসভাৰ অধ্যক্ষগৰাকীয়ে৷

আধাৰশিলা স্থাপন কাৰ্যসূচীত নগৰ উন্নয়ন বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া বীৰেন স্বৰ্গয়াৰী, কোকৰাঝাৰ পৌৰসভাৰ উপাধ্যক্ষ অৰূপ ঘোষৰ লগতে কেইবাটাও ওৱাৰ্ডৰ ওৱাৰ্ড কমিছনাৰ আৰু সদস্য উপস্থিত থাকে ।