নতুন দিল্লীঃ নাগৰিকত্ব আইনক লৈ দিল্লীত সংঘটিত হিংসা সন্দৰ্ভত আৱশেষত নীৰৱতা ভংগ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বিগত দুদিন ধৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক লৈ ব্যস্ত হৈ থকা মোদীয়ে তিনি দিনৰ অন্তত দিল্লীৰ ঘটনাক লৈ টুইটযোগে মন্তব্য আগবঢ়ায়।

বুধবাৰে দুপৰীয়া দিল্লীৰ ঘটনাক লৈ দুটাকৈ টুইট কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। টুইটযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে জনাই যে দিল্লীৰ পৰিস্থিতিৰ বুজ ল’বলৈ আজি তেওঁ এখন বৈঠক অনুষ্ঠিত কৰে। তেওঁ আৰু কয় যে আৰক্ষী আৰু আন আন এজেন্সীসমূহে শান্তি-সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে।

টুইটত সকলোকে শান্তি বৰ্তাই ৰাখিবলৈকো আহ্বান জনাইছে মোদীয়ে। 'দিল্লীৰ ভিন্ন প্ৰান্তত সংঘটিত হিংসাত্মক পৰিস্থিতি সম্পৰ্কে বুজ লৈছো। আৰক্ষী আৰু বাকী এজেন্সীসমূহে শীঘ্ৰে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ কাম কৰি আছে।’-এটি টুইটত এইদৰে জনাইছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

আন এক টুইটত মোদীয়ে লিখিছে, 'শান্তি আৰু সম্প্ৰীতিয়ে হৈছে আমাৰ মূল ভাৱনা। প্ৰতিটো মুহূৰ্ততে শান্তি আৰু মিলাপ্ৰীতি বৰ্তাই ৰাখিবলৈ মই দিল্লীৰ সকলো ভাই-ভনীলৈ আহ্বান জনাইছো। শীঘ্ৰে শান্তিৰ পৰিৱেশ ঘূৰি অহাতো আৰু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ অহাতো এই মুহূৰ্তত অতিশয় প্ৰয়োজনীয় হৈ পৰিছে।’

গৃহমন্ত্ৰীৰ পদত্যাগ বিচাৰিলে কংগ্ৰেছে

দিল্লীত দেখা দিয়া হিংসাত্মক পৰিস্থিতি নিয়ন্ত্ৰণত গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাৰ অভিযোগ তুলিছে বিৰোধী দল কংগ্ৰেছে। বুধবাৰে কংগ্ৰেছৰ অন্তৱৰ্তীকালীন অধ্যক্ষ ছোনিয়া গান্ধীয়ে এই সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি কয় যে দেশৰ গৃহ বিভাগৰ দায়িত্বত থকা অমিত শ্বাহৰ দূৰদৰ্শিতাৰ অভাৱৰ বাবেই ৰাজধানী দিল্লী অশান্ত হৈ পৰিছে।

'সমগ্ৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি কংগ্ৰেছৰ কাৰ্যনিৰ্বাহক কমিটিয়ে এই সিদ্ধান্তত উপনীত হৈছে যে বৰ্তমান পৰিস্থিতিৰ বাবে কেন্দ্ৰ চৰকাৰ, বিশেষকৈ গৃহমন্ত্ৰীয়েই দায়ী। গৃহমন্ত্ৰীয়ে ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰা উচিত। দিল্লীৰ মুখ্যমন্ত্ৰী আৰু দিল্লী চৰকাৰো শান্তি আৰু সদ্ভাৱ বৰ্তাই ৰখাত ব্যৰ্থ হৈছে। গতিকে তেওঁলোকে ইয়াৰ বাবে দায়ী। দুয়োখন চৰকাৰে দায়িত্ব সূচাৰুৰূপে পালন নকৰা বাবেই দেশৰ হৃদপিণ্ড স্বৰূপ ৰাজধানী চহৰখনৰ জনতাই আজি শংকাৰে জীৱন পাৰ কৰিবলগীয়া হৈছে।’-অমিত শ্বাহৰ পদত্যাগ দাবী কৰি সংবাদমেলত এইদৰে কয় ছোনিয়া গান্ধীয়ে।

দিল্লীৰ আৰক্ষী আয়ুক্তৰ মন্তব্য

দিল্লীৰ আৰক্ষী আয়ুক্ত অমূল্য পাটনায়কে বুধবাৰে দুপৰীয়াৰ ভাগত কয় যে পূব দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হোৱা স্থানত পলমকৈ আৰক্ষীৰ লোক উপস্থিত হৈছিল যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তাৎক্ষণিকভাৱে সকলো ব্যৱস্থা গ্ৰহণ কৰিছিল। তেওঁ আৰু কয় যে বৰ্তমান প্ৰায়বোৰ ঠাইতে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে। ছিলমপুৰ অঞ্চলত এমাহৰ বাবে ১৪৪ ধাৰা জাৰি কৰাৰ কথাও সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে।

সংবাদ প্ৰতিষ্ঠান এএনআই-এ টুইট কৰা এটি ভিডিঅ’ত দেখা গৈছে যে আৰক্ষীয়ে লাউডস্পীকাৰযোগে ১৪৪ ধাৰা জাৰি কৰাৰ কথা ঘোষণা কৰিছে। 'ইয়াত ১৪৪ ধাৰা জাৰি কৰা হৈছে। কোনো লোককে এতিয়া বাহিৰত থকাতো যাতে আমি নেদেখো। সদ্যহতে আমি ভালকৈ কৈছো। পিছত কঠোৰ ব্যৱস্থা লোৱা হ’ব। দোকানবোৰ সোনকালে বন্ধ কৰক।’-এএনআইৰ ভিডিঅ’টোত দিল্লী আৰক্ষীয়ে এইদৰে ঘোষণা কৰা শুনা গৈছে।

দিল্লী উচ্চ ন্যায়ালয় আৰু উচ্চতম ন্যায়ালয়ে কি ক’লে?

দিল্লীত কোনো কাৰণতে দ্বিতীয়বাৰৰ ১৯৮৪ৰ দৰে ঘটনা হোৱাতো আমি চাব নোৱাৰো। আৰক্ষী থকাৰ পিছত এনে ঘটনা কোনো কাৰণতে হ’বলৈ এৰি দিব নোৱাৰি। বুধবাৰে দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত শুনানি গ্ৰহণ কৰি এইদৰে কয় দিল্লী উচ্চ ন্যায়ালয়ে। দিল্লী চৰকাৰক শীঘ্ৰে এটি হেল্পলাইন নম্বৰ মুকলি কৰাৰো নিৰ্দেশ দিয়ে উচ্চ ন্যায়ালয়ে।

আনহাতে আজি শ্বাহিনহবাগ সন্দৰ্ভত শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। কোনো ধৰণৰ নিৰ্দেশ প্ৰদান নকৰাকৈ সৰ্বোচ্চ আদালতৰ ন্যায়াধীশ সঞ্জয় কৃষ্ণ আৰু ন্যায়াধীশ কেএম যোচেফৰ বিচাৰপীঠখনে কয় যে দিল্লী আৰক্ষীয়ে স্পৰ্শকাতৰ অঞ্চলসমূহত পৰিস্থিতি শীঘ্ৰে নিয়ন্ত্ৰণলৈ আনিবলৈ চেষ্টা চলাব লাগে। 

চৰকাৰী পক্ষই এগৰাকী হেড কনিষ্টবলে হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱাৰ কথা উল্লেখ কৰাত আদালতে কয়, 'এয়া অতিশয় উদ্বেগজনক বিষয়। এতিয়ালৈকে ১৩ জনৰো অধিক লোক নিহত হৈছে। প্ৰতিজন লোকৰে জীৱন গুৰুত্বপূৰ্ণ আৰু প্ৰয়োজনীয় কথাটো হ’ল আইন-শৃংখলা ব্যৱস্থাটোৱে ভালদৰে কাম কৰিব লাগে।’   

আদালতে আৰু কয় যে শ্বাহিনবাগ সম্পৰ্কে অহা ২৩ মাৰ্চত শুনানি হ’ব আৰু বৰ্তমান দিল্লীৰ হিংসাত্মক ঘটনা সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি কৰা নহয়। দিল্লী উচ্চ ন্যায়ালয়ত এই সম্পৰ্কীয় আবেদনৰ শুনানি চলি থকা বাবেই এনেধৰণৰ আবেদন সদ্যহতে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে সৰ্বোচ্চ ন্যায়ালয়ে।

নিহতৰ সংখ্যা ২১ জনলৈ বৃদ্ধি

২১ জনলৈ বৃদ্ধি পাইছে দিল্লীত সংঘটিত হিংসাত্মক ঘটনাত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা। গুৰু ত্যাগ বাহাদুৰ হাস্পতালৰ এগৰাকী শীৰ্ষ বিষয়া সুনীল কুমাৰ গৌতমে সংবাদ প্ৰতিষ্ঠান এএনআইক জনাইছে যে হিংসাৰ ফলত এতিয়ালৈকে ২০ জন লোকৰ মৃত্যু ঘটিছে আৰু ১৮৯ জনকৈ লোক আহত হৈ চিকিৎসাধীন হৈ আছে। 

'কেবাজনো লোকৰ অৱস্থা সংকটজনক। বহুতৰে মূৰত আঘাত আছে। কাৰোবাৰ কাৰোবাৰ গাত গুলীও লাগিছে। কাৰোবাৰ গাত আকৌ ছুৰীকাঘাতো প্ৰত্যক্ষ কৰা হৈছে কোনো কোনোৱে আকৌ পলাবলৈ লওতে পৰি গৈ আঘাতপ্ৰাপ্ত হৈছে।’-এনএনআইৰ আগত এইদৰে কয় বিষয়াগৰাকীয়ে।

ইফালে, আজি দুপৰীয়াৰ ভাগত চান্দবাগ অঞ্চলৰ এটি পৰিত্যক্ত নৰ্দমাৰ পৰা এগৰাকী আই বি বিষয়াৰ মৃতদেহ উদ্ধাৰ হোৱাত দিল্লী কাণ্ডত নিহতৰ সংখ্যা ২১ জনলৈ বৃদ্ধি পায়। উদ্ধাৰ হোৱা মৃতদেহটো চোৰাংচোৱা বিষয়া অংকিত শৰ্মাৰ বুলি চিনাক্ত কৰা হৈছে।