ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া প্ৰতিশ্ৰুতি অনুযায়ী দেশৰ প্ৰত্যেকজন নাগৰিকৰ একাউন্টত ১৫ লাখ টকা কেতিয়া সোমাব বুলি আৰটিআই যোগে সোধা প্ৰশ্নৰ উত্তৰ নিদিলে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ তাৰ বিপৰীতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কেন্দ্ৰীয় তথ্য আয়োগক জনালে যে এই প্ৰশ্ন তথ্য জনাৰ অধিকাৰ আইনৰ তথ্যৰ অন্তৰ্গত নহয়৷ যাৰ বাবে ইয়াৰ উত্তৰ দিব পৰা নাযায়৷ 

উল্লেখ্য যে, ২০১৬ চনৰ ২৬ নবেম্বৰত মোহন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিয়ে তথ্য জনাৰ অধিকাৰ আইনযোগে এই প্ৰশ্নৰ উত্থাপন কৰি তাৰ উত্তৰ বিচাৰি আবেদন কৰিছিল৷

এই আবেদন দেশত ১০০০ টকীয়া আৰু ৫০০ টকীয়া নোটৰ প্ৰচলন বন্ধ হোৱাৰ ১৮ দিন পিছত কৰা হৈছিল৷ এই আবেদনত নোটবন্দী সম্পৰ্কীত তথ্য বিচৰাৰ লগতে এয়াও জানিব বিচৰা হৈছিল যে মোডী চৰকাৰে বিদেশৰ পৰা ক’লা ধন কেতিয়া ঘূৰাই আনিব আৰু তেওঁ প্ৰতিশ্ৰুতি দিয়া ধৰণে কেতিয়া দেশৰ নাগৰিকসকলৰ বেংক একাউন্টত ১৫ লাখকৈ টকা সোমাই দিব৷   

আবেদনৰ পিছত আবেদনকাৰী মোহন শৰ্মাই প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকে তেওঁক সঠিক তথ্য দিয়া নাই বুলি তথ্য আয়ুক্ত আৰ কে মাথুৰক অভিযোগ কৰে৷ ইয়াৰ পাছতেই তথ্য আয়ুক্তই জনাই যে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে অন্য কথাৰ লগতে এই প্ৰশ্নৰ উত্তৰ দিব নিবিচাৰে৷ কিয়নো এই প্ৰশ্ন তথ্য জনাৰ অধিকাৰ আইনৰ ধাৰা ২ (এফ)ৰ ভিতৰত নপৰে৷

তথ্য জনাৰ অধিকাৰ আইনৰ এই ধাৰা অনুসৰি কোনো ব্যক্তিয়ে তাৎপৰ্য তথ্য, দস্তাবেজ, বিজ্ঞাপন, ই-মেইল, প্ৰেছ বিজ্ঞপ্তি পৰামৰ্শ, অনুবন্ধ, ৰিপ’ৰ্ট, লগবুক আদি যিকোনো সামগ্ৰীৰ সম্বন্ধীয় তথ্য লাভ কৰিব পাৰে৷ কিন্তু যদি তথ্য প্ৰতিশ্ৰুতি সম্পৰ্কীয় হয়, তেন্তে সেয়া লাভ কৰিব পৰা নাযায়৷ 

ইফালে তথ্য আয়ুক্ত মাথুৰে আৰটিআই আবেদনৰ তথ্য সন্দৰ্ভত উত্তৰ দিবলগীয়া প্ৰধানমন্ত্ৰী আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সিদ্ধান্তক উপযুক্ত বুলি নিৰ্ণয় কৰিছে৷ উল্লেখ্য যে, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাক-মূহুৰ্তত নৰেন্দ্ৰ মোডীয়ে বিদেশৰ পৰা ক’লা ধন ঘূৰাই অনাৰ লগতে প্ৰত্যেক নাগৰিকক ১৫ লাখ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷