ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত ভুৱা নামত থকা সম্পত্তি জব্দ কৰি আয়কৰ বিভাগে এক বৃহৎ সাফল্য লাভ কৰিছে। বিগত ৬ টা মাহত আয়কৰ বিভাগটোৱে ২৪০ টা বিভিন্ন গোচৰত ৪০০ টাৰো অধিক অবৈধ লেন-দেন ধৰা পেলাবলৈ সক্ষম হৈছে। 

বেনামী নিষিদ্ধকৰণ আইন, ১৯৮৮ আইনখন যোৱা ২৮ বছৰে আইনখনৰ কেতবোৰ আসোঁৱাহৰ বাবে গৃহীত হোৱা নাছিল। কিন্তু আইনখন সংশোধন কৰি ২০১৬ বৰ্ষত কাৰ্যকৰী কৰা হৈছিল।

বিমূদ্ৰাকৰণ পিছতে বেনামী সম্পত্তিৰ ওপৰত জোৰদাৰ অভিযান চলোৱা হ’ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল। তাৰ পিছতে কাৰ্যকৰী কৰা এই আইনখনৰ গুণতে আয়কৰ বিভাগে মাৰাথন অভিযান চলাই জব্দ কৰিছিল ভুৱা নামত থকা সম্পত্তি। 

বিভাগৰ শেহতীয়া তথ্য মতে এজন গাড়ীচালকৰ নামত মধ্যপ্ৰদেশৰ জবলপুৰত ৭.৭ কোটি টকাৰ সম্পত্তি থকাৰ কথা বিভাগৰ তালাচীত ওলাইছিল। এই ব্যক্তিজনে ভুৱা শ্বেল কোম্পানীৰ নামত এই সম্পত্তি ক্ৰয় কৰি আহিছিল। একেদৰেই অলংকাৰৰ দোকান এখনত কাম কৰি থকা কৰ্মচাৰী এজনৰপৰাও উদ্ধাৰ হৈছিল নটাকৈ স্থানত থকা সম্পত্তিৰ নথি।     

কেৱল ৪০ টা গোচৰতে ৫৩০ কোটি টকাৰ সম্পত্তি জড়িত হৈ আছিল। এই বেনামী সম্পত্তিবোৰ কলকাতা, মুম্বাই, দিল্লী, গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ আদি বিভিন্ন স্থানত ভুৱা নামত ক্ৰয় কৰা হৈছিল। এপ্ৰিল মাহতে ১০ জন জেষ্ঠ চৰকাৰী বিষয়াকো লক্ষ্য কৰি লোৱা বুলি আয়কৰ বিভাগে প্ৰকাশ কৰিছিল।

ভূমি হস্তান্তৰ আৰু বৃহৎ লেনদেনৰ ক্ষেত্ৰত কঢ়া নজৰ ৰখাৰ উদ্দেশ্যে আয়কৰ বিভাগে দেশৰ বিভিন্ন স্থানত ২৪ টা বেনামী সম্পত্তি নিষিদ্ধকৰণ ইউনিট গঠন কৰি দিছে। উল্লেখ্য যে সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত আধাৰ কাৰ্ড বাধ্যতামূলক কৰাৰ সিদ্ধান্ত লোৱাৰ গুণাগঁথাও চলি আছে।