কলকাতাঃ অহা মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোক সভা নিৰ্বাচনত এইবাৰ বি জে পিৰ আশা-ভৰসাৰ স্থল পশ্চিমবংগ৷

সেয়েহে দলটোৱে ৰাজ্যখনত ইতিমধ্যে আৰম্ভ কৰি দিছে নিৰ্বাচনীৰ প্ৰচাৰ৷ কেইদিনমানৰ পূৰ্বে বি জে পিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰাৰ পাছতেই শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও ৰাজ্যখনত দলৰ প্ৰচাৰ আৰম্ভ কৰে৷ 

পিছে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰথমখন নিৰ্বাচনী সভাতেই উদ্ভৱ হয় অবাঞ্চিত ঘটনা৷ সভাস্থলিত গোট খোৱা মানুহৰ মাজত সৃষ্টি হয় ঠেলা-হেঁচা আৰু ইয়াৰ পাছতেই সংঘটিত পদপিষ্টৰ ঘটনা৷ 

এই ঘটনাৰ পাছতেই প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ ভাষণ চমুৱাবলগীয়া হয়৷ ঘটনাটোত মহিলাসহ কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে৷